মৰিগাঁও : মৰিগাঁও জিলাখনত দুচকীয়া বাহনৰ দৌৰাত্ম আৰু জিলাখনৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনাৰ ফলত বহু লোকৰ প্ৰাণহানি, সম্পত্তিৰ ক্ষতি আৰু সামাজিক শান্তি সম্প্ৰীতি বিনষ্ট হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা হিচাপে মৰিগাঁও জিলা দণ্ডাধীশ হেমেন দাসে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তৎকালে বলবৎ হোৱাকৈ এক নিদেৰ্শনা জাৰি কৰিছে। নিদেৰ্শনা অনুসৰি মৰিগাঁও জিলাৰ সকলো তেল ডিপোতে হেলমেট নিপিন্ধা দুচকীয়া বাহনৰ চালকক ডিপোৱে তেল বিক্ৰী কৰিব নোৱাৰিব। অন্যথা আইন মতে দণ্ডনীয় হব। জিলাখনৰ বিভিন্ন প্ৰান্তত দুচকীয়া বাহনৰ দৌৰাত্মৰ ফলত সাধাৰণ ৰাইজৰ যান-বাহন চলাই অহা-যোৱা কৰাত অশান্তিৰ সৃষ্টি হৈ আহিছে। তেনেস্থলত জিলা প্ৰশাসনৰ এনে নিদেৰ্শনাই কেনেদৰে দুৰ্ঘটনা ৰোধ কৰিব পাৰে সেইটোহে আচল কথা। আনহাতে জিলাখনৰ ঠায়ে ঠায়ে অবৈধভাৱে গঢ়ি উঠা সৰু সৰু তেল ব্যৱসায়ীসকলক জিলা প্ৰশাসনৰ এই নিদেৰ্শনাই কিমানদূৰ ঢুকি পাব সেয়াহে লক্ষ্যণীয়৷ অবৈধভাৱে গঢ় লোৱা ব্যৱসায়ীসকলৰ অনুজ্ঞা পত্ৰ পৰীক্ষণ কৰি অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সাহস হ’বনে প্ৰশাসনৰ, তাকে লৈয়ো বিভিন্ন মহলত চৰ্চা লাভ কৰিছে৷
সংবাদ প্ৰহৰী, বৰপেটাৰ সংযোজন : প্ৰায় এবছৰ পূৰ্বে বৰপেটা জিলা প্ৰশাসনেও জিলাখনৰ প্ৰতিটো তেল ডিপোত বাইক চালকৰ হেলমেট নাথাকিত তেল ভৰাব নোৱাৰিব বুলি এক নিৰ্দেশনা জাৰী কৰিছিল৷ জিলা প্ৰশাসনৰ উক্ত নিৰ্দেশনা কিছুদিন কাৰ্যকৰী হোৱাৰ ফলত জিলাখনত দুৰ্ঘটনাৰ সংখ্যাও কিছু পৰিমানে ৰোধ হৈছিল৷ কিন্তু সম্প্ৰতি উক্ত নিৰ্দেশনা ধোৱাচাঙত পৰিণত হৈছে৷ উল্লেখ্য যে জিলা প্ৰশাসনে এনে নিৰ্দেশনা জাৰী কৰাৰ পিছত বিভিন্ন মহলে প্ৰশংসা কৰিছিল যদিও পুনৰ এই নিৰ্দেশৰা ধোৱাচাঙত পৰিণত হোৱাৰ পিছত সচেতন মহলে ক্ষোভ উজাৰিছে৷
No comments:
Post a Comment