কৃষকৰ সকলাে ঋণ ৰেহাই কৰ্ণাটকত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, July 07, 2018

কৃষকৰ সকলাে ঋণ ৰেহাই কৰ্ণাটকত


বাংগালুৰু : কর্ণাটকৰ মুখ্যমন্ত্রী এইচ ডি কুমাৰস্বামীয়ে কংগ্ৰেছ-জনতা দল (এছ) সংযুক্ত চৰকাৰখনৰ প্ৰথমখন বাজেট বিধানসভাত দাখিল কৰে। ২০১৭ চুনৰ ৩১ ডিচেম্বৰলৈ সকলাে ধৰণৰ অনাদায় কৃষি ঋণ ৰেহাই দিয়াৰ সিদ্ধান্তৰ কথা বাজেটখনত ঘােষণা কৰা হৈছে।
স্মর্তব্য যে কৃষি ঋণৰ বিষয়টোক কেন্দ্ৰ কৰিয়েই কুমাৰস্বামী চৰকাৰৰ ভৱিষ্যতলৈ আহি পৰিছিল অনিশ্চয়তা। কিন্তু সকলাে পক্ষকে সন্তুষ্ট ৰাখি দুই লাখ টকা পর্যন্ত কৃষি ঋণ ৰেহাইৰ সিদ্ধান্ত গ্রহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকলে ৩৪ হাজাৰ কোটি টকাৰে উপকৃত হ'ব।
ইফালে কৃষকসকলক নতুন ঋণ লােৱাৰ বাবে বিশেষ ব্যৱস্থাও মুকলি কৰাৰ কথা ঘােষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ২০১৮-১৯ বৰ্ষটোত ৰাজ্যখনৰ কৃষকসকলক বিশেষভাৱে উপকৃত কৰিবলৈ এই বাজেট দাখিল কৰা বুলি ঘােষণা কৰিছে কুমাৰস্বামীয়ে। তাৎক্ষণিকভাৱে এই বাজেটক লৈ কোনােধৰণৰ প্রতিক্রিয়া সৃষ্টি হােৱা নাই ৰাজ্যখনত।

No comments:

Post a Comment

SPONSORED