ৰহাৰ প্ৰভাৱিত টোলগেট বন্ধ কৰাৰ দাবী কৃষক মুক্তিৰ : মুখ্যমন্ত্ৰীক স্মাৰক পত্র প্ৰদান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, July 07, 2018

ৰহাৰ প্ৰভাৱিত টোলগেট বন্ধ কৰাৰ দাবী কৃষক মুক্তিৰ : মুখ্যমন্ত্ৰীক স্মাৰক পত্র প্ৰদান

গুৱাহাটী : চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰহাত প্রস্তাৱিত টোলগেট বন্ধ ৰাখিবলৈ দাবী জনাই আজি অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক স্মাৰকপত্র প্রদান কৰিলে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। ৰহাৰ টোলগেট ২০১৫ চনৰ ৩০ এপ্রিলত কৃষক মুক্তি সংগ্রাম সমিতিৰ তেতিয়াৰ সভাপতি অখিল গগৈৰ নেতৃত্বত হােৱা প্রবল প্রৱািদৰ বাবে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ৰহাৰ টোলগেটখন বন্ধ কৰি দিছিল অসম চৰকাৰে।



চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ নির্মাণ সম্পূর্ণ নােহােৱাৰ প্রেক্ষাপটতেই সেই টোলগেট বন্ধ কৰা হৈছিল। ২০১৫ চনৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় ঘাইপথটোৰ নতুনকৈ কোনাে নির্মাণ নােহােৱাৰ পাছতাে অর্থাৎ ৰাস্তাৰ কাম সম্পূর্ণ নােহােৱাকৈ বৰ্তমানৰ চৰকাৰখনে ৰহাৰ টোলগেট বহুৱাবলৈ উঠিপৰি লাগিছে। তেনে সময়তে আজি কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ নেতৃত্বত যােৱা এটি প্রতিনিধি দলে দিছপুৰৰ অসম জনতা ভৱনৰ অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ ওচৰত এখন স্মাৰকপত্র প্রদান কৰি ৰহাৰ টোলগেট বন্ধ ৰাখিবলৈ দাবী জনায়।
মুখ্যমন্ত্রীজনৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গােস্বামীৰ হাতত এই স্মাৰকপত্র প্রদান কৰাৰ উপৰিও মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব মৃগেশ নাৰায়ন বৰুৱাৰ জৰিয়তে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাললৈ এই স্মাৰকপত্র প্রেৰণ কৰে। স্মাৰক পত্ৰখনত ১২ টা কাৰণ প্ৰদৰ্শন কৰি কিয় ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰহাত টোলগেট স্থাপন কৰিব নালাগে তাৰ যুক্তি উত্থাপন কৰা হৈছে।
উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া, যুটীয়া সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু মুকুট ডেকাই স্বাক্ষৰ কৰা এই স্মাৰকপত্ৰখন ভাৰত চৰকাৰৰ পৰিবহন মন্ত্রী নিতিন গাডকাৰী আৰুৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধ্যক্ষলৈকো প্রেৰণ কৰা হৈছে। স্মাৰকপত্ৰখনত কোৱা হৈছে যে সােণাপুৰৰ পৰা ৰহালৈকে এই পথচোৱাৰ বাবে ৰহাত টোলগেট বহুৱাই পথকৰ লােৱাৰ প্ৰস্তাৱ কৰা হৈছে সেই পথচোৱা বাৰিষাকালত বৰষুণ দিলে ব্যৱহাৰ অনুপযােগী হােৱাই নহয় লগতে অত্যন্ত ভয়ংকৰৰ হৈ উঠে।
চাৰিলেনযুক্ত পথচোৱাৰ দুয়ােপাৰে বৰষুণ দিলেই পানী জমা হয় আৰু পথচোৱা যাতায়তৰ অনুপযােগী হৈ পৰে। সেই পথচোৱাত বৰষুণৰ সময়ত গাড়ী চলালে ভয়ংকৰ দুর্ঘটনা সংঘটিত হয়। এনে দুর্ঘটনাৰ ফলত ইতিমধ্যে কেইবাজনাে লােকে প্রাণ হেৰুৱা বুলিও উল্লেখ কৰা হৈছে। পথত জমা হােৱা পানী ওলাই যাবৰ বাবে উপযুক্ত নলা-নৰ্মাৰ ব্যৱস্থা নকৰাৰ বাবেই এনেকৈ পথচোৱা যাতায়তৰ বাবে বিপদগ্রস্ত হৈ পৰে। গতিকে জমা হােৱা পানী ওলাই যােৱাৰ উপযুক্ত ব্যৱস্থা নকৰা পর্যন্ত কোনােপধ্যে টোলগেট স্থাপন কৰি পথকৰ নল’বলৈ দাবী জনােৱা হৈছে।
একেদৰে পথচোৱাৰ দুয়ােপাৰে উপযুক্ত ধৰণে নির্মাণ নকৰাৰ কাৰণে আৰু উপযুক্ত পুল বা দলং নির্মাণ নকৰাৰ কাৰণে দুয়ােপাৰে থকা পাহাৰৰ পৰা পানী, মাটি, শিল-বালি আদিনামি আহি সঘনে পথটো যাতায়তৰ অনুপযােগী কৰি পেলায়। যেতিয়ালৈকে পথচোৱাৰ নিৰ্মাণৰ এই ত্রুটিসমূহ দূৰ কৰা নহয় তেতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথ প্রাধিকৰণৰ টোলগেট বহুৱাৰ কোনাে অধিকাৰ নাই বুলি স্মাৰকপত্ৰখনত কোৱা হৈছে। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ এইচোৱা অংশত ডিভাইদাৰত এতিয়ালৈকে বৃক্ষ ৰােপণ কৰা হােৱা নাই। ডিভাইদাৰৰ মাজত বৃক্ষ ৰােপণ নকৰাৰ বাবে বিপৰীত মুখী গাড়ীৰ লাইটৰ পােহৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। স্মাৰকপত্ৰখনত কোৱা হৈছে যে পথকৰ বহুৱাব খােজা পথটো ৮০ শতাংশতকৈয়াে অধিক এলেকাত এতিয়ালৈকে ডিভাইদাৰৰ মাজত গছ পুলি ৰােপণ কৰা হােৱা নাই। এনে অসম্পূর্ণ পথত টোলগেট বহুৱাই পথকৰ ল'ব খুজিলে পথযাত্রীয়ে ইয়াৰ প্রতিবাদকৰাটো স্বাভাৱিক। ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়ােপাৰে নিৰাপত্তাজনিত যিবােৰ তীখাৰ বেৰ তৈয়াৰ কৰিব লাগে তেনেধৰণৰ ৰেলিং এতিয়াও বহুৱা হােৱা নাই৷ সেইদৰে এই পথচোৱা পথযাত্রীৰ সুবিধা হােৱাকৈ নিৰ্মাণ কৰিবলগীয়া ৰাজহুৱা সা-সুবিধাবােৰৰাে ব্যৱস্থা কৰা হােৱা নাই। বাচ, ট্রাক টার্মিনাছ ঠায়ে ঠায়ে নির্মাণ কৰিবলগীয়া টয়লেট আদি নির্মাণ কৰা হােৱা নাই৷ সেইদৰে পথটোত চিচি টিভি কেমেৰা স্থাপন কৰা হােৱা নাই আৰু এম্বুলেন্সৰাে ব্যৱস্থা কৰা হােৱা নাই। এইবােৰ জনকল্যাণমূলক কাম নকৰাকৈ কোনােপধ্যে এটা ৰাষ্ট্ৰীয় ঘাইপথত পথকৰ বহুৱাব নােৱাৰে।



স্মাৰকপত্ৰখনত কোৱা হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথটো অতি নিম্ন মানেৰে নিৰ্মাণ কৰা হৈছে। বহু ঠাইত ৰাস্তা ভাগি গৈছে আৰু বহু ঠাইত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। কৰবাত কৰবাত আনকি দীঘলে দীঘলে পথটো ফাটি গৈছে। তেনে এটা নিম্ন মানৰ পথৰ ওপৰত কৰ বহুৱাটো অপৰাধ। আটাইতকৈ ডাঙৰ কথা চাৰিলেনযুক্ত এই পথটোত টোলগেট বহুৱাই পথকৰ সংগ্ৰহ কৰিলে অসমৰ মানুহৰ মৌলিক অধিকাৰ খর্ব হ'ব। কাৰণ চাৰিলেনযুক্ত পথটোত পথকৰ বহুৱাৰ পাছত গুৱাহাটীৰ পৰা উজনি বা নামনিলৈ যাবলৈ অসমবাসীৰ বাবে কোনাে কমুক্ত পথ নাথাকিব।
স্মাৰকপত্ৰখনত কোৱা হৈছে যে এই পথটো নিৰ্মাণ কৰিবলৈ অসমৰ মাটি, অসমৰ বালি-শিল ব্যৱহাৰ কৰা হৈছে। অসমৰ সম্পদেৰে নিৰ্মাণ কৰা আৰুজনতাৰ কৰেৰে নিৰ্মাণ কৰা এটা অর্ধসমাপ্ত পথৰ ওপৰত কৰ দিবলগীয়া হােৱাটো অসমবাসীৰ বাবে অভিশাপ হৈ দেখা দিব। এই টোলগেটে অসমত মূল্যবৃদ্ধিৰ পৰিমাণ সাংঘাতিক ধৰণে বৃদ্ধি কৰিব বুলিও অভিযােগ কৰা হৈছে। এনে পৰিস্থিতিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত ৰহাত টোলগেট নির্মাণ নকৰিবলৈ কৃষক মুক্তি সংগ্রাম সমিতিয়ে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক কঠোৰভাৱে সকীয়াই দিছে।
এক প্ৰেছ বিবৃতিত কৃষক মুক্তি সংগ্রাম সমিতিয়ে অসমবাসীৰাইজক ৰহাৰ টোলগেটৰ বিৰােধিতা কৰিবলৈ বিনম্র আহ্বান জনাইছে। আজি জনতা ভৱনত মুখ্যমন্ত্রী কার্যালয়ত ৰহাৰ প্রস্তাৱিত টোলগেট বন্ধ কৰিবলৈ দাবী জনাই স্মাৰকপত্র প্রদান কৰাৰ পাছতেই সমবেত সাংবাদিকসকলৰ সন্মুখত ৰহাৰ টোলগেট যিকোনাে প্রকাৰে বন্ধ কৰিবলৈ অখিল গগৈয়ে আহ্বান জনাইছেঅসমৰ সকলাে জাতীয়-জনগােষ্ঠীয় সংগঠন আৰু ৰাইজক। অখিল গগৈয়ে কয় যে যােৱা এমাহমানৰ পূৰ্বে ৰহাত টোলগেটৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা আদিয়ে টোলগেটৰ বিৰুদ্ধে প্রতিবাদ কৰাত তেওঁ আদৰণি জনাই আৰু কয় যে জাতীয় সংগঠনসমূহে কেইদিনমানৰ পূর্বেৰহাৰ টোলগেটৰৰক্ষীৰ বাবে নিৰ্মাণ কৰা গৃহসমূহভাঙি-চিঙি লণ্ডভণ্ড কৰিছিল। যিবােৰ কাৰণত জাতীয় সংগঠনসমূহে এই জংগী প্রতিবাদ কৰিছিল সেইকাৰণসমূহ এতিয়াও সমূলী নােহােৱা হৈ যােৱা নাই৷ সেইবাবে সেইসমূহ জাতীয় সংগঠনে যাতে ৰহাৰ টোলগেট চলাবলৈ অনুমতি প্রদান নকৰে তাৰ বাবে আমি বিনম্র আহ্বান জনাইছাে। কৃষক মুক্তি সংগ্রাম সমিতিয়ে অর্ধ নির্মিত পথৰ ওপৰত টোলগেট বাই গাড়ীৰ পৰা কৰ সংগ্ৰহ কৰা বন্ধ কৰিবলৈ বদ্ধপৰিকৰ বুলি ঘােষণা কৰে।

No comments:

Post a Comment

SPONSORED