আক্ৰমণৰ লক্ষ্য হ’ল সংবাদকর্মীও : ভিন্ন স্থানত আটক বহু প্রতিবাদকাৰী
গুৱাহাটী ব্যুৰ’ : ৰাজ্যৰ সামাজিকঅর্থনৈতিক ক্ষেত্ৰত ব্যাপক প্রভাৱ পেলােৱা অসম বন্ধৰ কার্যসূচী নিষিদ্ধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ে চৰকাৰক আইন প্রণয়নৰ নির্দেশ দিয়াৰ সময়তে আজি জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই (আক্ৰাছু) আহ্বান জনােৱা ২৪ ঘণ্টীয়া অসম বন্ধত স্তব্ধ হৈ পৰিল জনজীৱন। ঠায়ে ঠায়ে সংঘটিত হ’ল বিক্ষিপ্ত ঘটনা। উদণ্ড বন্ধ সমর্থকে ৰাজপথত টায়াৰ জ্বলাই, বাহনলৈ শিলগুটি নিক্ষেপ কৰাৰ ফলত বিভিন্ন স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিশেষকৈ কোচ ৰাজবংশী অধ্যুষিত অঞ্চলসমূহত বন্ধৰ প্ৰভাৱ সর্বাত্মক। কোকৰাঝাৰ, বৰপেটা, গােৱালপাৰা আদিকে ধৰি নামনি অসমৰ প্ৰায়বােৰ জিলাতেই এই বন্ধ কার্যসূচীৰ ফলত চৰকাৰী অনুষ্ঠান-প্রতিষ্ঠান, শিক্ষানুষ্ঠানৰ লগতে দোকান-পােহাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। তদুপৰি ৰাজপথত শূন্য হৈ পৰে বাহনৰ চলাচল। পুৱাৰ ভাগত কিছুসংখ্যক বাহন চলাচল পৰিলক্ষিত হৈছিল যদিও বন্ধ সমর্থকসকলে ৰাজপথত টায়াৰ জ্বলাই বাহনসমূহৰ চলাচলত বাধা প্রদান কৰে। ফলত দুপৰীয়াৰ ভাগলৈ ৰাজপথত ৰাজহুৱা আৰু ব্যক্তিগত বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
উল্লেখ্য যে কোচ ৰাজবংশীকে ধৰি ছয় জনগােষ্ঠীক জনজাতিকৰণৰ প্রতিশ্রুতি দিছিল কেন্দ্রীয় চৰকাৰে। বিগত লােকসভা নির্বাচনৰ পূর্বে শাসনলৈ আহিলে জনজাতিকৰণ প্রক্রিয়াক অগ্রাধিকাৰ দিয়াৰ কথাও ঘােষণা কৰিছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে। কিন্তু চাৰি বছৰ অতিক্ৰম কৰাৰ পাছতাে কেন্দ্রীয় চৰকাৰে বিভিন্ন অজুহাতত জনজাতিকৰণ প্রক্রিয়া সম্পূর্ণ নকৰিলে। যাৰ ফলত ধাৰাবাহিকভাৱে জনগােষ্ঠীয় সংগঠনসমূহে আন্দোলন চলাই আহিছে। ধর্ণা-আন্দোলনৰ লগতে ৰাজ্য চৰকাৰৰ সৈতে জনগােষ্ঠীয় সংগঠনসমূহে আলােচনা অব্যাহত ৰাখিছে যদিও জনজাতিকৰণ প্রক্রিয়াৰ লেহেমীয়া গতিত তেওঁলােকে অসন্তুষ্টি প্রকাশ কৰি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল।
তামাৰহাটত আক্ৰাছুৰ অসম বন্ধ সৰ্বাত্মক
সদৌ অসম কোচৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে জনোৱা ২৪ ঘন্টীয়া অসম বন্ধ তামাৰহাট অঞ্চলত সৰ্বাত্মক হোৱা পৰিলক্ষিত হয়। পৃথক কমতাপুৰ ৰাজ্য আৰু কোচৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণৰ প্ৰতিবাদত ২৪ ঘন্টীয়া অসম বন্ধত তামাৰহাট অঞ্চলৰ দোকান-পোহাৰ, চৰকাৰী কাৰ্যালয়, স্কুল-কলেজৰ লগতে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। অৱশ্যে বন্ধৰ সময়ছোৱাত বৃহত্তৰ তামাৰহাট অঞ্চলত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হোৱা নাই৷
ধূপধৰা-ৰংজুলিত ট্রাকলৈ শিল নিক্ষেপ
আক্ৰাছুৰ অসম বন্ধৰ সর্বাত্মক প্রভার পৰে কোচ ৰাজবংশী অধ্যুষিত অঞ্চলসমূহত এই সময়ছােৱাত বন্ধৰ সমর্থকে ৰাজপথত টায়াৰ জ্বলােৱাৰ লগতে ট্রাকলৈ শিলগুটি নিক্ষেপ কৰা ঘটনা সংঘটিত হয়। অৱশ্যে ধূপধৰাত বিক্ষিপ্ত ঘটনাৰ সৈতে জড়িত এজন আঞ্চলিক সম্পাদকসহ দুজন যুৱকক আৰক্ষীয়ে আটক কৰে। উল্লেখ্য যে দুধনৈৰ ৩৭নং আৰু ৬২ নম্বৰ ৰাষ্ট্ৰীয় পথৰ চাৰি স্থানত টায়াৰ জ্বলায় বন্ধ সমর্থকসকলে। ৰংজুলি আৰু ধনুভাঙাত ৫ বজাৰ পূর্বে প্রতিবাদকাৰীসকলে টায়াৰ জ্বলাই বাহনৰ চলাচলত বাধা প্রদান কৰে। বন্ধৰ সময়ছােৱাত গুলীয়ানপাৰা আৰু ৰংজুলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা কেইবাখনাে বাহনলৈ শিলগুটি নিক্ষেপ কৰি ক্ষতিসাধন কৰে বন্ধ সমর্থকে।
মাণিকপুৰৰ পাতিলাদহাত আক্ৰাছুৰ উত্তাল প্রতিবাদ
জনজাতিকৰণৰ দাবীৰে আহ্বান জনােৱা বন্ধৰ সর্বাত্মক প্ৰভাৱ পৰে বঙাইগাঁও জিলাৰ কোকিলাৰ লগতে মাণিকপুৰ, পাতিলাদহা অঞ্চলত। আক্ৰাছুৰ অর্ধশতাধিক কর্মী-সমর্থকে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰােধ কৰাৰ লগতে পাতিলাদহাৰ ৰাজপথত টায়াৰ জ্বলাই প্রতিবাদ সাব্যস্ত কৰে। ইয়াৰ ফলত মাণিকপুৰ, পাতিলাদহা আৰু বঙাইগাঁৱত শ শ যান-বাহন আবদ্ধ হৈ পৰে। কিছুসংখ্যক ব্যক্তিগত বাহন আৰক্ষীয়ে সুৰক্ষা প্রদান কৰি অঞ্চলটো পাৰ কৰাই দিয়ে যদিও মালবাহী ট্রাকসমূহ দিনটো ৰাজপথতে আবদ্ধ হৈ থাকে। বন্ধৰ সময়ছােৱাত অঞ্চলটোৰ দোকান-পােহাৰ, অনুষ্ঠান-প্রতিষ্ঠান আদি বন্ধ থাকে।
বহলপুৰতাে বাহনলৈ শিলগুটি নিক্ষেপ
আক্ৰাছু কৰ্মীৰ প্রবল প্রতিবাদত সাধাৰণ জীৱনযাত্রা ব্যাহত হৈ পৰে বহলপুৰ অঞ্চলত। বন্ধৰ সর্বাত্মক প্রভাৱ পৰা অঞ্চলটোৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহন চলাচল বন্ধ থকাৰ লগতে চৰকাৰী কার্যালয়, ব্যৱসায়িক প্রতিষ্ঠান, দোকান-পাহাৰ আদি বন্ধ থাকে। ঠায়ে ঠায়ে আক্ৰাছু কর্মীয়ে যান-বাহনলৈ শিলগুটি নিক্ষেপ কৰা ঘটনা পােহৰলৈ আহিছে।
বইটামাৰীত যাত্রীবাহী বাছ ক্ষতিগ্রস্ত
পশ্চিম অসমৰ আন আন অঞ্চলৰ লগতে বইটামাৰী, ধনতােলা, বহলপুৰ, নর্থ বইটামাৰী, খগৰপুৰ, উত্তৰ শালমাৰা আদি অঞ্চলত আক্ৰাছুৰ বন্ধৰ সর্বাত্মক প্রভাৱ পৰিলক্ষিত হয়। অনুষ্ঠান-প্রতিষ্ঠানসমূহ বন্ধ হৈ পৰাৰ লগতে তালগুৰি-বাসুগাঁও গড়কাপ্টানী পথত টায়াৰ জুলাই প্রতিবাদ সাব্যস্ত কৰে আক্ৰাছু কৰ্মীসকলে। ইপিনে, বইটামাৰী অঞ্চলৰ মালিগাঁৱত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত একাংশ বন্ধ সমর্থকে শিৱসাগৰৰ পৰা কোচবিহাৰ অভিমুখী এখন যাত্রীবাহী চৰকাৰী বাছ আৰু এখন টাটা মেজিকলৈ শিলগুটি নিক্ষেপ কৰাৰ ফলত বাহন দুখনৰ সন্মুখৰ আইনা ভাঙি চুৰমাৰ কৰে। একেদৰে তালগুৰি অঞ্চলতাে এখন ব্যক্তিগত বাহনলৈ শিলগুটি নিক্ষেপ কৰি বন্ধৰ সমর্থকে ক্ষতি কৰে।
দোতমা-শক্তি আশ্ৰমত আক্ৰাছুৰ প্রতিবাদ
কোকৰাঝাৰ জিলাৰ দোতমা, ছিথিলা, শক্তি আশ্রম, ভাওৰাগুৰি, ছেৰফাংগুৰি, ফকিৰাগ্ৰাম আদি অঞ্চলৰ জনজীৱন আক্ৰাছুৰ বন্ধত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। জনজাতিকৰণৰ দাবীৰে এই অঞ্চলসমূহত প্রতিবাদ সাব্যস্ত কৰাৰ লগতে আক্ৰাছুৰ সমর্থকসকলে শক্তি আশ্ৰমত টায়াৰ জ্বলাই বন্ধৰ কাৰ্যসূচী সফল কৰিবলৈ চেষ্টা চলায়।
বাসুগাঁৱত প্রতিবাদী সমদল
কোচ ৰাজবংশীক জনজাতিকৰণৰ লগতে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে আহ্বান জনােৱা আক্ৰাছুৰ বন্ধত সমগ্র বাসুগাঁও অঞ্চলৰ জনজীৱন স্তব্ধ হৈ পৰে। অঞ্চলটোৰ অনুষ্ঠান-প্রতিষ্ঠানসমূহৰ লগতে ব্যক্তিগত আৰু যাত্রীবাহী বাছৰ চলাচল বন্ধ হৈ পৰে। বন্ধৰ সময়ছােৱাত বাসুগাঁও চহৰৰ বিজয় গাঁৱত আক্ৰাছু সমর্থকসকলে প্রতিবাদী সমদল উলিয়াই দোকান-পােহাৰসমূহ বন্ধ কৰি দিয়ে। অঞ্চলটোৰ ছালাকাটি, কালীপুখুৰী, শশীকট, চিদলী, বিদ্যাপুৰ আদি স্থানতাে বন্ধৰ প্ৰভাৱ পৰে।
জনশূন্য চিৰাঙৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ : ঢালিগাঁৱত বন্ধ সমর্থকক আটক
আক্ৰাছুৰ অসম বন্ধৰ সময়ত সদাব্যস্ত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ পুৱাৰে পৰা জনশূন্য হৈ পৰে। কাজলগাঁও, বৰলােৱা, ঢালিগাঁও বজাৰ, কাশীকোত্রা, ছিয়ামথাইবাৰী আদি অঞ্চলৰ ব্যৱসায়িক প্রতিষ্ঠান সম্পূর্ণরূপে বন্ধ হৈ পৰে। অঞ্চলটোৰ ঠায়ে ঠায়ে টায়াৰ জ্বলােৱাকে ধৰি কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয়। ঢালিগাঁৱৰ বেংতল গেটত এখন আইটেন গাড়ীত আক্রমণৰ চেষ্টা চলােৱা এজন আক্ৰাছুৰ সমর্থক আৰক্ষীয়ে আটক কৰে। সত্যজিৎ সৰকাৰ নামৰ যুৱকজনক আটক কৰাৰ লগতে তেওঁৰ দুচকীয়া বাহনখনাে আৰক্ষীয়ে জব্দ কৰে। বন্ধৰ সময়ছােৱাত কোকৰাঝাৰ অভিমুখী লঘু বাহনসমূহকে ধৰি সকলাে চাৰিচকীয়া বাহন আৰু ট্রাক চাপাগুৰিত ৰখাই থােৱা হয়।
মৰিগাঁৱত চৰকাৰ বিৰােধী শ্লোগান আক্ৰাছু সমর্থকৰ
ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰদৰ্শন কৰা অৱহেলাৰ প্ৰতিবাদত চৰকাৰ বিৰােধী শ্লোগানেৰে মৰিগাঁও চহৰ উত্তপ্ত কৰি তােলে আক্ৰাছু সমর্থকসকলে। ৰাজ্য চৰকাৰ হায় হায়, কেন্দ্রীয় মন্ত্রী জুৱেল ওৰাম হায় হায়, আমাৰ দাবী ন্যায্য আদি শ্লোগানেৰে মৰিগাঁৱৰ আকাশ-বতাহ কঁপাই তােলে। বন্ধৰ সময়ছােৱাত জিলাখনৰ অনুষ্ঠান প্রতিষ্ঠানসমূহ বন্ধ থাকে।
বৰপেটাৰােডত সাংবাদিকক আক্রমণ বন্ধ সমর্থকৰ
বন্ধৰ সময়ছােৱাত আজি বৰপেটাৰােডত ব্যাপক অপ্রীতিকৰ ঘটনা সংঘটিত হয়। পুৱাৰ ভাগত একাংশ বন্ধ সমর্থকে মুখত কাপােৰ বান্ধি চহৰখনত প্ৰৱেশ কৰি বহুসংখ্যক গাড়ী-মটৰৰ আইনা ভাঙি চুৰমাৰ কৰাৰ লগতে এজন সাংবাদিকক প্ৰহাৰ কৰা ঘটনাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰে।
প্রাপ্ত তথ্য অনুসৰি, একাংশ সমর্থকে হৰতকীতলত গাড়ী-মটৰৰ ওপৰত আক্রমণ চলােৱাৰ দৃশ্য গ্রহণ কৰি থকাৰ সময়তে এটা ব্যক্তিগত চেনেলৰ ভিডিঅ’ সাংবাদিক ৰাজু শীলক আক্রমণ কৰে। অৱশ্যে কোনােমতে উক্ত স্থান ত্যাগ কৰিবলৈ সক্ষম হয় সাংবাদিকজন। পৰৱর্তী সময়ত অঞ্চলটোত উপস্থিত হৈ আৰক্ষীয়ে সংবাদিকজনক আক্রমণৰ ঘটনাৰ সৈতে জড়িত চাৰিজন বন্ধৰ সমর্থক ক্রমে বিদ্যুৎ ৰয়, প্রাণজিৎৰয়, শ্ৰীমন্ত বর্মন আৰু অনন্ত বর্মনক আটক কৰে।
ইপিনে, বন্ধৰ বাতৰি প্ৰচাৰ কৰিবলৈ যােৱা সাংবাদিকক আক্ৰমণৰ ঘটনাক গৰিহণা দিছে জার্নেলিষ্ট ইউনিয়ন অৱ আছাম, বৰপেটা প্ৰেছ ক্লাব, বৰপেটাৰােড প্ৰেছ ক্লাব, বৰনগৰ প্ৰেছ ক্লাবকে ধৰি বিভিন্ন দল-সংগঠনে। বিয়লিৰ ভাগত আক্ৰাছুৰ সাধাৰণ সম্পাদক গােকুল বর্মনে বৰপেটাৰােডত উপস্থিত হৈ সাংবাদিকসকলৰ সৈতে এক বৈঠকত মিলিত হৈ ঘটনাৰ বাবে দুখ প্রকাশ কৰে।
কৃষ্ণাইত ৭ আক্ৰাছু সদস্য আটক
কৃষ্ণাইৰ বেঁকীপুলত যান-বাহনলৈ শিলগুটি নিক্ষেপ কৰা সাত সমর্থকক আটক কৰিছে আৰক্ষীয়ে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা যান-বাহনৰ ওপৰত আক্ৰমণ কৰিছিল আক্ৰাছুৰ সমর্থকে। পৰৱর্তী সময়ত আৰক্ষীয়ে যান-বাহনসমূহ নিৰাপত্তা প্রদান কৰি উক্ত অঞ্চল অতিক্রম কৰাত সহায় কৰে।
জনজাতিকৰণৰ দাবীত অধিক প্রতিবাদ গঢ়ি তােলাৰ হুংকাৰ
পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত অনাগত সময়ত অধিক কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰাৰ হুংকাৰ দিছে আক্ৰাছুৰ সাধাৰণ সম্পাদক গােকুল বর্মনে। বঙাইগাঁৱত প্রতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰি বৰ্মনে কয় যে কোচ ৰাজবংশীসকলৰ সমস্যা সমাধান কৰিবলৈ ৰাজ্যকেন্দ্রীয় চৰকাৰৰ সদিচ্ছা নাই। নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি পালন কৰাত চূড়ান্ত ব্যর্থ কেন্দ্রীয় চৰকাৰে জনজাতিকৰণক লৈ মিথ্যাচাৰৰ আশ্রয় লােৱা বুলিও নেতাজনে অভিযােগ কৰে। সেয়েহে অতি শীঘ্ৰে ত্রিপাক্ষিক বৈঠকৰ জৰিয়তে জনগােষ্ঠীটোৰ দুয়ােটা দাবী পূৰণ কৰিবলৈ চৰকাৰলৈ তেওঁ আহ্বান জনায়।
No comments:
Post a Comment