প্ৰসঙ্গঃ এন আৰ চিক লৈ উচ্চতম ন্যায়ালয়ক চৰম অৱমাননাৰে বিতৰ্কিত মন্তব্য
গুৱাহাটী : উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত চলি থকা এন আৰ চিৰ কাম-কাজত অসন্তুষ্ট প্ৰকাশ কৰি বিতৰ্কিত মন্তব্য আগবঢ়োৱা বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে কৃষক-শ্ৰমিক উন্নয়ন পৰিষদ, অসমৰ সভাপতি প্ৰদীপ কলিতাই৷ শাসিত দল বিজেপিৰ হোজাইৰ বিধায়ক শিলাদিত্য দেৱে সঘনাই এন আৰ চি, বাংলাদেশী, বিদেশীক লৈ বিতর্কিত মন্তব্য কৰি অহাৰ পিছত যোৱা ৬ জুলাইত এই এনআৰচি মানি লোৱা কষ্টকৰ হ’ব বুলি উচ্চতম ন্যায়ালয়ক অৱমাননা কৰি পুনৰ আন কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল৷
এজাহাৰ দাখিল কৰি কৃষক-শ্ৰমিক উন্নয়ন পৰিষদ, অসমৰ সভাপতি প্ৰদীপ কলিতাই কয়— উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত চলি থকা এন আৰ চি মানি লোৱাটো কষ্টকৰ হোৱা বুলি বিধায়ক শিলাদিত্যৰ এই কাথাষাৰে মহামান্য উচ্চতম ন্যায়ালয়ক চূড়ান্ত অৱমাননা কৰিছে৷ ৰাজ্যৰ শান্তি-শৃংখলাত ব্যাঘাত জন্মাই শিলাদিত্যৰ দৰে এগৰাকী জনপ্ৰতিনিধিয়ে এনে মন্তব্য কৰাটো দুৰ্ভাগ্যজনক৷
প্ৰদীপ কলিতাই আৰু কয় যে— বিধায়ক শিলাদিত্যই কোন যুক্তিত এন আৰ চিৰ কামত বাংলাদেশীক নিয়োগ কৰা হৈছে আৰ্থাৎ এন আৰ চিৰ ডাটা এন্ট্রি অপাৰেটৰ হিচাপে কেইবাখনো জিলাত বাংলাদেশীক নিযুক্তি দিছে বুলি উল্লেখ কৰিলে? ডাটা এন্ট্রি অপাৰেটৰসকল যে বাংলাদেশী এই সন্দৰ্ভত বিধায়কগৰাকীৰ হাতত কি তথ্য আছে তাৰ প্ৰমাণ ৰাজহুৱা কৰিবলৈ প্ৰত্যহ্বান জনায়৷ যদি সঁচাকৈয়ে এই ডাটা এন্ট্রি অপাৰেটৰসকল বাংলাদেশী হয়, তেন্তে তেওঁৰ দলে বা চৰকাৰে কিয় হাত সাৱটি বহি আছে বুলিও প্ৰশ্ন উত্থাপন কৰে৷
আনহাতে ৰাজ্যখনত এনআৰচিৰ কাম সূচাৰুৰূপে চলি থকাৰ মাজতে এই কামত বাধা প্ৰদান কৰি অহা একাংশ কুখ্যাত ৰাজনৈতিক নেতাৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসনে অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷
No comments:
Post a Comment