চাবুৱা, ডিব্ৰুগড়
তোমাক অনুসৰণ কৰি
বাট ল’লো সপোনলৈ
প্ৰতিটো দিন, প্ৰতিটো ৰাতি
গ্ৰীষ্মৰ গৰম আৰু শীতৰ জাৰকো
সাৱটি লওঁ
মাথোঁ তোমাক অনুসৰণ কৰি৷
সপোনৰ চাদৰখনি গাত মেৰিয়াই
বুটাফুল বাঁচিছো নিতৌ,
কিছু শ্ৰাব্য, কিছু অশ্ৰাব্য দুখ-বেদনাবোৰ
পোৱা-নোপোৱা যাতনাবোৰ যেন
এতিয়া নিৰাপত্তাহীন
মোৰ আচঁলত
মাথোঁ তোমাক অনুসৰণ কৰি৷
নিসংগতাৰে ভৰা মোৰ জীৱনত
অহৰ্নিশে বৈ থাকে এজাক বতাহ,
তথাপিও সপোনবোৰ কিয় বাৰু
ইমান ধুনীয়া
যেন এটি গোলাপৰ কলিহে৷
ভাটি দিয়া বয়সত দুখবোৰ
আহি বুকুতে গজালি মেলিছে,
ৰাজহাড়ত বাজি উঠে
এটি কৰুণ সুৰৰ বাঁহী৷
কাণ পাতি শুনো এয়া যেন
মোৰ এটি অসম্পূৰ্ণ কবিতাৰ গুণ-গুণনি
মাথোঁ তোমাক অনুসৰণ কৰি৷
No comments:
Post a Comment