মন্ত্ৰী চন্দন ব্ৰহ্মক সাক্ষাৎ: বিটিচি কনিষ্ঠ মহাবিদ্যালয় আৰু মহাবিদ্যালয় সন্থাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 4, 2018

মন্ত্ৰী চন্দন ব্ৰহ্মক সাক্ষাৎ: বিটিচি কনিষ্ঠ মহাবিদ্যালয় আৰু মহাবিদ্যালয় সন্থাৰ


গোসাঁইগাঁও: বিটিচি এলেকাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশীকৰনৰ সন্দৰ্ভত ৰাজ্যৰ পৰ্যটন,ভৈয়াম আৰু জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ সৈতে গুৰুত্বপুৰ্ণ বৈঠকত মিলিত হয় বিটিচি অপ্ৰাদেশীকৃত মহাবিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয় সন্থাই৷ সোমবাৰে বিয়লি দিছপুৰ সচিবালয়ত মন্ত্ৰী চন্দন ব্ৰহ্মৰ কাৰ্যলয়ত দুয়োটা সন্থাৰ সভাপতি, সম্পাদক সমন্বিতে বাৰজনীয়া প্ৰতিনিধি দলে মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি শিক্ষানুষ্ঠান প্ৰাদেশীকৰনত চৰকাৰৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে৷উল্লেখ্য যে বিগত ২০১৭ চনত বিটিচি পৰিষদে ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশীকৰন কৰিবলৈ সুকীয়াকৈ এখন আইন প্ৰনয়ণ কৰি ৰাজ্য চৰকাৰলৈ পঠাইছিল৷
কিন্তু বিগত এটা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে চৰকাৰৰ পৰা তেনে কোনো ষ্পষ্ট ইংগিত নোপোৱাত তাতবাটি কাঢ়িব লগীয়া হৈছে কৰ্মৰত হাজাৰ-হাজাৰ শিক্ষক-কৰ্মচাৰী৷প্ৰাপ্ত তথ্য মতে বিটিচিয়ে ৰাজ্য চৰকাৰৰ সচিবালয়লৈ পঠোৱা শিক্ষা প্ৰাদেশীকৰন বিলখন ইমান দিনে ভৈয়াম আৰু জনজাতি উন্নয়ন বিভাগতে পৰি থকাৰ অন্তত মন্ত্ৰী চন্দৰ ব্ৰহ্মৰ তৎপৰতাত শিক্ষা বিভাগলৈ পঠায়৷ জানিব পৰা মতে ইতিপূৰ্বেও বিষয়টো সন্দৰ্ভত বিটিচি চীফ হাগ্ৰামা মহিলাৰী,শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী সহ তৰপে-তৰপে কাৰ্যবাহী সদস্য,পৰিষদীয় সদস্যৰ সৈতে আলোচনা কৰি শিক্ষানুষ্ঠান সমুহ প্ৰাদেশীকৰনৰ দাবী জনাইছিল৷
একেদৰে অসম বিধান সভাৰ চাৰিজনীয়া বিধায়ক আৰু মন্ত্ৰী গোটৰ লগত আলোচনা হৈছিল৷সম্প্ৰতি শিক্ষানুষ্ঠান প্ৰাদেশীকৰনক লৈ এক জটিল সমস্যাৰ সন্মুখীন হোৱা ৰাজ্য চৰকাৰে বিটিচিৰ শিক্ষা প্ৰাদেশীকৰন আইনখন পুংখানুপুংখ ভাবে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে বুলি সদৰি কৰিছে৷ষষ্ঠ অনুসূচীৰ আধাৰত গঠিত বিটিচি এলেকাৰ শিক্ষানুষ্ঠান সমুহ প্ৰাদেশীকৰন কৰিবলৈ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত ল’ব লাগিছিল যদিও এতিয়ালৈকে কোনো সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই বুলি জানিব দিছে মন্ত্ৰী চন্দন ব্ৰহ্মই৷সম্প্ৰতি দোদুল্যমান পৰিস্থিতিত অতি পলমকৈ হলেও ৰাজ্য চৰকাৰৰ প্ৰাদেশীকৰন বিল কনৰ সৈতে কিছু এৰা-ধৰা আৰু শিথিলতাৰ মাজেদিহে বিটিচি এলেকাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান সমুহ প্ৰাদেশীকৰন সম্ভৱপৰ হ’ব বুলিহে মন্ত্ৰী গৰাকীয়ে অৱগত কৰে৷অৱশ্যে এই প্ৰক্ৰিয়াত শিক্ষানুষ্ঠান আৰু বিভিন্ন সন্থা আৰু সংগঠণ সমুহৰ সহযোগিতা কামনা কৰিছে৷ এই আলোচনা কালত বিটিচি এলেকাৰ দুগৰাকী বিধায়ক ক্ৰমে থানেশ্বৰ বসুমাতাৰী আৰু মহেশ্বৰ বড়ো উপস্থিত আছিল৷


No comments:

Post a Comment

SPONSORED