লাহৰীঘাটত দুৰ্নীতিগ্ৰস্ত শিক্ষয়িত্ৰীৰ মইমতালি : শিক্ষামন্ত্ৰীৰ হস্তক্ষেপৰ দাবী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, July 04, 2018

লাহৰীঘাটত দুৰ্নীতিগ্ৰস্ত শিক্ষয়িত্ৰীৰ মইমতালি : শিক্ষামন্ত্ৰীৰ হস্তক্ষেপৰ দাবী


লাহৰীঘাট : দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু উন্নয়নৰ নামত ঢাক-ঢোল বজোৱা বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষা বিভাগটোত একাংশ শিক্ষকে চলাইছে অৰাজকতা৷ উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ চেতুৱাই খাইতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰীজনীৰ বিৰূদ্ধে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে কেইবাবাৰো অভিযোগ দাখিল কৰিছে৷ বিদ্যালয় খনত থকা তিনি জন শিক্ষক- শিক্ষয়িত্ৰীৰ ভিতৰত প্ৰধান শিক্ষয়ত্ৰীজনী মাজে সময়ে বিদ্যালয়ত উপস্থিত হয় যদিও বিভিন্ন অজুহাত দেখুৱাই পাঠ দানৰ পৰা বিৰত থাকি নিৰ্ধাৰিত সময়ৰ আগতেই গুচি যায়। স্থানীয় ৰাইজ তথা অভিভাৱক সকলে দিয়া অভিযোগ অনুসৰি গুৰু-গোঁহাই নমনা এইজনী প্ৰধান শিক্ষয়িত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষৰ পৰা পোৱা কঠোৰ নিৰ্দেশনাৰ পিছতো ষড়যন্ত্ৰমূলক ভাবে মনেসজা বিদ্যালয় পৰিচালনা সমিতি গঠন কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷
 এই সন্দৰ্ভত একাংশ অভিভাৱক তথা স্থানীয় গঞাই বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিও কোনো সুফল নোপোৱাত ক্ষোভ উজাৰিছে। আশ্চৰ্য্যজনক বিষয় যে, মধ্যাহ্ন ভোজনৰ চাউলৰ পৰা আদি কৰি বিভাগীয় কাৰ্যালয়ৰ পৰা দিয়া সা-সামগ্ৰী সমুহ বিদ্যালয়ত নাৰাখি অবৈধভাৱে প্ৰধান শিক্ষয়িত্ৰীজনীৰ ঘৰত ৰখাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে৷ আন এক অভিযোগ অনুসৰি বিদ্যালয় চৌহদত সুদীৰ্ঘ দিনৰ পৰা কৰি অহা খেতিৰ ফচলৰো নাই কোনো হিচাব-নিকাচ। স্থানীয় ৰাইজ তথা অভিভাবকসকলে শিক্ষয়িত্ৰীজনীৰ এনে অনৈতিক কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দুৰ্নীতিৰ বিৰূদ্ধে শূন্য সহনশীলতা স্থিতি গ্ৰহণ কৰা অসম চৰকাৰৰ শিক্ষামন্ত্ৰীক অতি শীঘ্ৰে চেতুৱাই খাইতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীজনীক বদলিৰ দাবী জনাইছে। পৰিবৰ্তনকামী চৰকাৰৰ নবনিযুক্ত শিক্ষামন্ত্ৰী এইক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

No comments:

Post a Comment

SPONSORED