বৰপেটা: বৰপেটা সদৰ সমষ্টিৰ অন্তৰগত হাউলী জয়পুৰ বেঁকী পথৰ কদৰ্যময় পৰিৱেশে পথচাৰী লোকৰ লগতে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী সকলে অহা-যোৱা কৰাত দুৰ্ভোগ ভূগিৱলগীয়া হৈছে। অসম চৰকাৰৰ ৰাজ্যিক গড়কাপ্তানি হাউলী জয়পুৰ বেঁকী পথটো বিগত কুৰি বছৰ ধৰি মেৰামতি নকৰাৰ ফলত হাউলীৰ হনুমান মন্দিৰৰ পৰা হাউলী থানাৰ ওচৰত প্ৰায় তিনিশ মিটাৰ পথ পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰায় ৪০ খন গাঁও সংযোগী আৰু গড়ে দৈনিক ১০০০ খন বাহন অহাযোৱা কৰে এই পথছোৱাৰে ।
এই জৰাজীৰ্ণ পথটো মেৰামতিৰ বাবে আমছুকে ধৰি অন্যান্য সংগঠনে পথ বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়ত জিলা উপায়ুক্তৰ প্ৰতিনিধি উপস্থিত হৈ পথছোৱা মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিওঁ সেয়া ফুটুকাৰ ফেনত পৰিণত হয়। যাৰ বাবে যাতায়তৰ ক্ষেত্রত নৰক যন্ত্রনাত ভুগিব লগা গৈছে অঞ্চলবাসী। শীঘ্ৰে হাউলী জয়পুৰ বেঁকী পথ পুণৰ নিৰ্মাণ নকৰিলে পথ বন্ধকে ধৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে স্হানীয় ৰাইজও বিভিন্ন দল সংগঠনে।
No comments:
Post a Comment