ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ বৰপেটা শাখাৰ শাখা প্ৰৱন্ধকৰ বৃহৎ অংকৰ জালিয়াতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 16, 2018

ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ বৰপেটা শাখাৰ শাখা প্ৰৱন্ধকৰ বৃহৎ অংকৰ জালিয়াতি


কেচিচি লােনৰ হিতাধিকাৰিৰ পৰা জালিয়াতিৰে উঠাইছে ধন : আদালতত গোচৰ তৰিবলৈ প্ৰস্তুত কৃষক শ্রমিক উন্নয়ন পৰিষদ, অসম

গুৱাহাটী : যি সময়ত সমগ্র দেশজুৰি সৰ্বসাধাৰণ ৰাইজৰ জমা ৰখা ধন বিভিন্ন বেংকত ভয়ংকৰ জালিয়াতিৰে আত্মসাৎ কৰাৰ ঘটনা সংঘটিত হৈ আহিছে, তেনে সময়তে ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ বৰপেটা শাখাতাে অনুৰূপ ঘটনা সংঘটিত হােৱাৰ তথ্য পােহৰলৈ আহিছে। ‘সংবাদ প্ৰহৰী’ৰ হাতত পৰা তথ্য অনুসৰি ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ বৰপেটা শাখাৰ শাখা প্ৰৱন্ধক যতীন্দ্র নাথ ৰাজবংশীয়ে ভয়ংকৰ জালিয়াতিৰে কৃষকৰ নামত ধার্য হােৱা কেচিচি লােনৰ পৰা সংগ্রহ কৰিছে বৃহৎ পৰিমানৰ ধন। উল্লেখ্য যে উক্ত বেংকৰ পৰা জিলাখনৰ ভিন্ন প্রান্ত অর্ধ শতাধিক লােকে লাভ কৰে কেচিচি লােন। ৰহস্যজনক কথা যে উক্ত ঋণ লাভ কৰা হিতাধিকাৰীসকলৰ প্রায় প্রত্যেকৰে একাউণ্টৰ পৰা চলিত বৰ্ষৰ বিশেষকৈ মাৰ্চ মাহৰ পৰা ৪ হাজাৰকৈ টকা হিতাধিকাৰীসকলে নিজে উঠোৱা পৰিলক্ষিত হয়। কিন্তু প্রকৃতার্থত তেওঁলােকৰ একাউণ্টৰ পৰা কোনে এই টকা উঠাই ল’লে সেই সম্পর্কে হিতাধিকাৰীসকলে মুঠেই অৱগত নহয়। অভিযােগ অনুসৰি বেংকৰ শাখা প্ৰৱন্ধক যতীন্দ্র নাথ ৰাজবংশীয়ে নিজে অতি কৌশলেৰে কেচিচি লােন লাভ কৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টৰ পৰা এই ধন হৰলুকী কৰিছে। বিশেষ কাৰিকাৰী পদ্ধতিৰে শাখা প্ৰৱন্ধকগৰাকীয়ে কেচিচি লােন লাভ কৰা হিতাধিকাৰীসকলৰ মােবাইল নম্বৰ সলনি কৰাৰ লগতে একাউণ্টৰ পৰা ধন উঠাব পৰা প্ৰ-পত্ৰত নিজেই চহী কৰি বৃহৎ পৰিমানৰ এই ধন আত্মসাৎ কৰা বুলি জানিব পৰা গৈছে।
ইপিনে শাখা প্ৰৱন্ধকগৰাকী হিতাধিকাৰীসকলক এই কেচিচি লােন প্রদানৰ নামতাে একাংশ দালালৰ সহায়ত ব্যাপক পৰিমানৰ উৎকোচ সংগ্রহ কৰাৰাে অভিযােগ আছে। বিশেষকৈ ইউনাইটেড বেংকৰ বৰপেটাৰোড শাখাৰ শাখা প্ৰৱন্ধকৰ হৈ আফজাল নামৰ এগৰাকী দালালৰ জৰিয়তে এনে ভয়ংকৰ জালিয়াতি আৰু অনিয়ম সংঘটিত কৰি আহিছ বুলি জানিব পৰা গৈছে৷
আনহাতে যতীন্দ্র নাথ ৰাজবংশীয়ে বাণিজ্য নগৰী বৰপেটাৰােড শাখাৰ শাখা প্ৰৱন্ধক হিচাপে ২০১৪-২০১৬ চনৰ ভিতৰৰ সময়ছােৱাত কার্যনির্বাহ কৰি থকাৰ সময়তাে ব্যাপক অনিয়ম সংঘটিত কৰিছিল। বেংকৰ নিয়মানুসৰি শাখা প্ৰৱন্ধক এগৰাকীয়ে নিজৰ আত্মীয়ক ঋণ প্রদান কৰিব নােৱাৰে যদিও এই নিয়মকো অংগুষ্ঠ প্রদর্শন কৰি শাখা প্ৰৱন্ধক যতীন্দ্র নাথ ৰাজবংশীয়ে নিজৰ ভাগিনক কেণ্ডেলৰ ফেক্টৰীৰ নামত বৃহৎ পৰিমানৰ ঋণ প্রদান কৰিছিল। যি কেণ্ডেলৰ ফেক্টৰীৰ কোনাে অস্তিত্বই নাই৷
উল্লেখ্য যে ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ বৰপেটা শাখাৰ শাখা প্ৰৱন্ধক যতীন্দ্র নাথ ৰাজবংশীয়ে কৰি অহা ভয়ংকৰ জালিয়াতিৰ আৰু বহুতো তথ্য ‘সংবাদ প্ৰহৰী’ৰ হাতত আহি পৰাৰ লগতে উক্ত কেলেংকাৰী সন্দৰ্ভত অব্যাহত আছে ‘সংবাদ প্ৰহৰী’ৰ অভিযান৷ পৰৱৰ্তী প্ৰতিবেদনত বেংকৰ এই সমগ্ৰ কেলেংকাৰীৰ তথ্য বিস্তাৰিত আকাৰত প্ৰকাশ কৰা হ’ব৷

আদালতত গোচৰ তৰিবলৈ প্ৰস্তুত কৃষক শ্রমিক উন্নয়ন পৰিষদ, অসম

সততে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা জাতীয় সংগঠন কৃষক-শ্রমিক উন্নয়ন পৰিষদ, অসমৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ কলিতাই ‘সংবাদ প্ৰহৰী’লৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে জানিবলৈ দিয়ে যে ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ বৰপেটা শাখাৰ শাখা প্ৰৱন্ধক যতীন্দ্র নাথ ৰাজবংশীয়ে কৰি অহা সমগ্র অনিয়ম সন্দৰ্ভত তথা এনে অনিয়ম সংঘটিত কৰা শাখা প্ৰৱন্ধকগৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্রহণৰ দাবীত কৃষক-শ্রমিক উন্নয়ন পৰিষদ অসমে ৰাজ্যখনৰ মুখ্যমন্ত্রী, ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ মুখ্য কার্যালয়লৈ অভিযােগ দাখিল কৰিব৷ আনহাতে এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়তো এক গােচৰ তৰাৰ লগতে অতি শীঘ্ৰে ৰাজ্যবাসীৰ জ্ঞাতাৰ্থে সমগ্ৰ তথ্য ফাদিল কৰি এক সংবাদমেলৰ আয়োজন কৰাৰ সমান্তৰালকৈ কেচিচি লোন লাভ কৰা হিতাধিকাৰীসকলক লৈ এক গণতান্ত্ৰিক আন্দোলন গঢ়ি বুলিব বুলিও সকীয়াই দিয়ে৷

No comments:

Post a Comment

SPONSORED