ফাইনেলত হাৰিলেও বিশ্ববাসীৰ মন জয় কৰিলে ক্ৰৱেচিয়াই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 16, 2018

ফাইনেলত হাৰিলেও বিশ্ববাসীৰ মন জয় কৰিলে ক্ৰৱেচিয়াই


জাগ্নেব (ক্ৰৱেচিয়া) : ৰাছিয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হলেও বীৰােচিত প্রদর্শনেৰে বিশ্বৰ অজস্র অনুৰাগীৰ মন জয় কৰা ক্ৰৱেচিয়ান মহাযােদ্ধাসকলক বীৰৰ মর্যাদাৰে আদৰিবলৈ সাজু হৈছে ৪২ লাখ জনসংখ্যাৰ দেশ ক্ৰৱেচিয়া। গর্বিত দেশবাসীয়ে কাইলৈ ফুটবলাৰসকলক আদৰিবলৈ ৰাজধানী চহৰ জাগ্রেবত অভিনৱ অনুষ্ঠানৰ আয়ােজন কৰিছে। এই অনুষ্ঠানত প্রিয় খেলুৱৈসকলক আদৰিবলৈ প্রায় এক লাখ অনুৰাগী সমৱেত হােৱাৰ সম্ভাৱনা আছে। প্রধানমন্ত্রী আন্দ্রেজ পেনক’ভিছে ইতিমধ্যে সােমবাৰৰ আদৰণী অনুষ্ঠানৰ বাবে ক্ৰৱেচিয়ান নাগৰিকক কর্মক্ষেত্ৰৰ পৰা ৰেহাই প্ৰদান কৰিছে।
জগত জিনি ক্ৰৱেচিয়ান বীৰসকল গৃহভূমিত উপস্থিত হােৱাৰ পূর্বেই দেশখনৰ চৰকাৰে আটকধুনীয়া। ৰূপত জাগ্রেব চহৰ সজাই-পৰাই তুলিছে। লুকা মড্রিচ, ইভান ৰাকিটিচ, মাওজুকিচ, পেৰিছিচ আদিৰ দৰে ছপাৰষ্টাৰৰ সুবিশাল ফটো আৰু বেনাৰেৰে চহৰখনৰ প্ৰতিটো গুৰুত্বপূর্ণ স্থান আৰু ৰাজপথৰ চৌকাষ ভৰাই তােলা হৈছে। চিত্রশিল্পীসকলেও চহৰখনৰ বিভিন্ন স্থানত ক্ৰৱেচিয়ান তাৰকাসকলৰ চেহেৰা অংকন কৰি ফুটবলৰ এক বিচিত্র পৰিৱেশ ৰচনা। কৰিছে।
উল্লেখ্য যে ১৯৯১ চনত স্বাধীনতা লাভ কৰিয়ে ১৯৯৮ৰ বিশ্বকাপ অংশ লােৱাৰ সুযােগ অর্জন কৰা ক্ৰৱেচিয়াই এইবাৰ ৰাছিয়া বিশ্বকাপ হাৰ নমনা মানসিকতাৰ পৰিচয় দি বীৰৰ দৰে উজলি উঠিছে। প্রথমবাৰৰ বাবে ফাইনেল খেলা দলটোক লৈ সেয়ে ইউৰােপৰ ক্ষুদ্ৰ দেশখনত এতিয়া অভূতপূর্ব উছাহ-উদ্দীপনা দেখা গৈছে। সাধাৰণ নাগৰিকৰ সমান্তৰালকৈ ক্ৰৱেচিয়াৰ ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীয়েও আনকি বিগত প্রায় এপষেক ফুটবল উন্মাদনাত ডুবি আছে।
ৰাষ্ট্রপতি কোলিন্দা গ্ৰাবাৰ-কিটাৰভিচে যােৱা ১০ দিন ধৰি ৰাছিয়াত থাকি ক্ৰৱেচিয়ান খেলুৱৈসকলক ষ্টেডিয়ামৰ পৰা সমর্থন জনাইছে। ৰাছিয়াক হৰুৱাই ক্ৰৱেচিয়া ছেমিফাইনেলত উপনীত হােৱাৰ পিছতে ৰাষ্ট্রপতিগৰাকীয়ে ড্রেছিং ৰুমত প্রৱেশ কৰি দেশখনৰ খেলুৱৈ আৰু প্রশিক্ষকক আলিংগন কৰাৰ দৃশ্য ইতিমধ্যে সকলােৱে দেখিছে। একেদৰে প্রধানমন্ত্রী পেনক’ভিচে ছেমিফাইনেলত দলৰ জয়ৰ পিছতে ক্ৰৱেচিয়ান জার্হী পিন্ধি কেবিনেট বৈঠকত ভাগ লৈছিল। আনহাতে, দেশখনৰ এই দুই মুৰব্বীৰ তৎপৰতাতে ক্ৰৱেচিয়াৰ প্ৰায় ৪,৩০০গৰাকী অনুৰাগীয়ে ২৪ ঘণ্টাৰ ভিতৰতে পাছপ’র্ট লাভ কৰি বিশ্বকাপ উপভােগ কৰিবলৈ ৰাছিয়ালৈ আহিবলৈ সক্ষম হৈছে।
মন কৰিবলগীয়া যে বিশ্বকাপত ক্ৰৱেচিয়ান দলটোৰ দৃষ্টিনন্দন খেলে বিশ্ববাসীৰ মন জয় কৰাৰ ফলস্বৰূপে দেশখনৰ পৰা ৰাছিয়ালৈ অহা অনুৰাগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছিল। দৰ্শকৰ এই আগ্ৰহৰ প্রতি লক্ষ্য ৰাখি ক্ৰৱেচিয়ান চৰকাৰে কোৱাৰ্টাৰ ফাইনেলৰ পৰা ফাইনেলৰ পূবলৈ মুঠ ৪,৩০০গৰাকী নাগৰিকক পাছপ’র্ট মুকলি কৰি দিছে। লক্ষণীয়ভাৱে বিশ্বকাপৰ ফাইনেলৰ বাবে ফিফাই শনিবাৰে অতিৰিক্ত ১,২৩০টা টিকট বিক্ৰীৰ বাবে মুকলি কৰি দিছিল।

No comments:

Post a Comment

SPONSORED