কংগ্ৰেছ এতিয়া বেইল গাড়ী : জয়পুৰত প্ৰধানমন্ত্ৰী মােদী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, July 08, 2018

কংগ্ৰেছ এতিয়া বেইল গাড়ী : জয়পুৰত প্ৰধানমন্ত্ৰী মােদী

ৱেব সংবাদ : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীৰ সমাৱেশত বিৰােধী কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰধানমন্ত্রী নৰেন্দ্র মােদী। লােকসভা ২০১৯লৈ কেইবামাহ বাকী থাকোতেই ইতিমধ্যে বিভিন্ন ৰাজ্যৰ পৰা কংগ্রেছসহ বিৰােধীক আক্ৰমণৰ লক্ষ্য কৰি লােৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে শনিবাৰে জয়পুৰত কংগ্ৰেছক কঠোৰ ভাষাৰে সমালােচনা কৰে।
ৰাজ্যখনৰ ৰাজ্যপাল কল্যাণ সিং, মুখ্যমন্ত্রী বসুন্ধৰা ৰাজেকে ধৰি কেইবাগৰাকীও বিশিষ্ট ৰাজনীতিকৰ উপস্থিতিত বিশাল সমাৱেশক সম্বােধন কৰি মােদীয়ে কংগ্ৰেছক বেইল গাড়ী বুলি আখ্যা দিয়ে। কংগ্ৰেছক সমালােচনা কৰি প্ৰধানমন্ত্রী মােদীয়ে কয় যে কংগ্ৰেছক আজিকালি একাংশ লােকে বেইল গাড়ী বুলি কয়। কিয়নাে কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন মন্ত্রী বেইলত আছে।
মন কৰিবলীয়া যে কংগ্ৰেছ সাংসদ তথা প্রাক্তন মন্ত্রী শশী থাৰুৰে পত্নীৰ আত্মহননৰ গােচৰত শনিবাৰে আদালতত জামিন (বেইল)ৰ বাবে উপস্থিত হােৱাৰ সময়তে প্রধানমন্ত্রী মােদীয়ে কংগ্ৰেছক বেইল গাড়ী বুলি আক্রমণ কৰে। কেন্দ্ৰৰ সহযােগত ৰাজস্থানৰ মুখ্যমন্ত্রী বসুন্ধৰা ৰাজে ৰাজ্যখনত কৰি থকা ভাল কাম কিছুসংখ্যক লােকে দেখা নাপায় বুলি বিৰােধী কংগ্ৰেছক কটাক্ষ কৰি প্ৰধানমন্ত্রী মােদীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ কাম-কাজক ভূয়সী প্রশংসা কৰে।
২০১৬চনৰ ছার্জিকেল স্ট্রাইকক লৈ কংগ্ৰেছে কৰি থকা সমালােচনাক গৰিহণা দি ভাৰতীয় সেনাৰ সক্ষমতাৰ ওপৰত দলটোৱে প্রশ্ন উত্থাপন কৰা বুলিও সমালােচনা কৰে প্ৰধানমন্ত্রী মােদীয়ে। দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা গ্রহণ কৰি থকা বুলি উল্লেখ কৰি প্ৰধানমন্ত্রী মােদীয়ে নতুন ভাৰত গঢ়াৰ বাবে তেওঁৰ নেতৃত্বাধীন চৰকাৰে সকলাে পদক্ষেপ গ্রহণ কৰি থকা বুলিও মন্তব্য কৰে। তদুপৰি বিজেপিৰ নীতি বিকাশ, বিকাশ আৰু কেৱল বিকাশ বুলি মন্তব্য কৰে প্ৰধানমন্ত্রী মােদীয়ে।

No comments:

Post a Comment

SPONSORED