শ্বৰ ঐশ্বর্যশালী ব্যক্তি তৃতীয়লৈ উন্নীত ফেচবুকৰ চি ই অ’ মার্ক জুকাৰবার্গ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, July 08, 2018

শ্বৰ ঐশ্বর্যশালী ব্যক্তি তৃতীয়লৈ উন্নীত ফেচবুকৰ চি ই অ’ মার্ক জুকাৰবার্গ

ব্লমবার্গ : বিশ্বৰ তৃতীয় ঐশ্বর্যশালী ব্যক্তি হিচাপে পৰিগণিত হৈছে ফেচবুকৰ প্রতিষ্ঠাপক মার্ক জুকাৰবাৰ্গ। ৱাৰেন বাফেটক অতিক্ৰম কৰি ৩৪ বর্ষীয় জুকাৰবাৰ্গ এই তালিকাৰ তৃতীয়লৈ উন্নীত হৈছে। মাইক্ৰ'ছফ ট ৰ প্রতিষ্ঠাপক বিল গেটছ আৰু এমাজন ডট কমৰ প্ৰতিষ্ঠাপক জেফ বেজ’ছে ধনবান ব্যক্তিৰ তালিকাত ক্রমে প্রথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।
এইমুহুর্তত জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ হ’ল ৮১.৬ বিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় হিচাপত ৫.৬১ লাখ কোটি। ইয়াৰ বিপৰীতে বার্ক শ্বেয়াৰ হাথাৱে কোম্পানীৰ অধ্যক্ষ বাফেটৰ সম্পত্তিৰ পৰিমাণ হ’ল ৩৭৩ মিলিয়ন ডলাৰ অর্থাৎ ২,৫৬৫ কোটি। বিশ্বৰ ছ'চিয়েল নেটৱৰ্কিং ক্ষেত্ৰত ফেচবুকৰ একক আধিপত্যৰ বাবেই জুকাৰবাৰ্গৰ সম্পত্তিৰ তালিকাত এই চমকপ্রদ উত্থান দেখা গৈছে।

No comments:

Post a Comment

SPONSORED