জনতাৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু নাই…. - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 16, 2018

জনতাৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু নাই….


ৱেব সংবাদ : দেশবাসীক কনদুৱাই চিৰদিনৰ বাবে বিদায় মাগিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী৷ দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাত ভূগি থকা বিজেপি দলৰ প্ৰতিষ্ঠাতা ১১ জুনৰ পৰা এইমচত চিকিৎসাধীন হৈ আছিল যদিও সুদীৰ্ঘ ৯ সপ্তাহৰ পিছত আজি সন্ধিয়া ৫.০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বাজপেয়ীয়ে৷
জনতাৰ নেতা হিচাপে বাজপেয়ী আছিল সদায় নিজৰ ৰাজনীতিত বিশ্বাসী। ১৯৯৯ৰ ১৩ অক্টোবৰত একেৰাহে দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ এক নতুন মৰ্চা চৰকাৰৰ দায়িত্ব লয়। ১৯৯৬ চনত কিছু দিনৰ বাবে তেখেত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ পাছত তেখেতেই একেৰাহে দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল।
৪ দশকতকৈও অধিক সময় কাৰ্যনিবাহ কৰা এগৰাকী জ্যেষ্ঠ সাংসদ হিচাপে বাজপেয়ীয়ে ৯ বাৰ লোকসভালৈ আৰু দুবাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাতো এক অভিলেখ।
ভাৰতৰ প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী, বিভিন্ন গুৰুত্বপূৰ্ণ সংসদীয় কমিটী আৰু বিৰোধী দলৰ দলপতি হিচাপে স্বাধীনতাৰ পাছত ভাৰতৰ দেশীয় আৰু বৈদেশিক নীতিৰ নতুন আকাৰ প্ৰদানত বাজপেয়ীয়ে এগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে ভূমিকা পালন কৰিছিল।
ছাত্ৰাৱস্থাতে বাজপেয়ীয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰথম ভূমুকি মাৰিছিল৷ ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত যোগদান কৰি এই আন্দোলনে ভাৰতত ব্ৰিটিছ ঔপনিবেশৰ অৱসান ঘটায়। ৰাজনীতি বিজ্ঞান আৰু আইনৰ এগৰাকী ছাত্ৰ হিচাপে কলেজত থাকোতেই তেখেতে বৈদেশিক পৰিক্ৰমা বিভাগৰ উন্নয়নত আগ্ৰহী আছিল- সেই আগ্ৰহেই পৰৱৰ্তী বছৰবোৰত তেখেতক সমৃদ্ধ কৰে আৰু বিভিন্ন বহুপাক্ষিক তথা দ্বিপাক্ষিক আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সময়ত সেইবোৰ দক্ষতাৰে প্ৰয়োগ কৰে।
বাজপেয়ীয়ে এগৰাকী সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে যদিও ১৯৫১ চনত ভাৰতীয় জন সংঘত যোগ দিয়াৰ লগে লগে সেই কেৰিয়াৰ যতি পৰে আৰু বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টীৰ অগ্ৰদূত তথা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ এগৰাকী নেতৃস্থানীয় ব্যক্তি। সমালোচকৰ দ্বাৰা প্ৰশংসিত কবি বাজপেয়ীয়ে সংগীত লিপ্ত থকাৰ উপৰি সুস্বাদু খাদ্য ৰন্ধন-প্ৰকৰণৰ বাবে সময় উলিয়ায়।
১৯২৪ চনৰ ২৫ ডিচেম্বৰত গোৱালিয়ৰ (বৰ্তমান মধ্যপ্ৰদেশৰ এক অংশ)ৰ এগৰাকী ভদ্ৰ শিক্ষকৰ পৰিয়ালয়ত জন্মগ্ৰহণ কৰা বাজপেয়ীৰ ৰাজহুৱা জীৱনৰ উত্থান তেখেতৰ ৰাজনীতি আৰু ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি এক শ্ৰদ্ধা়ঞ্জলি। দশক দশক ধৰি বাজপেয়ীয়ে এগৰাকী নেতা হিচাপে উত্থান হৈছে, যিগৰাকীয়ে নিজৰ উদাৰ বিশ্বদৃষ্টি আৰু গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি থকা প্ৰতিশ্ৰুতিক সন্মান জনায় আহিছে।
মহিলা সবলীকৰণ আৰু সামাজিক সমতাৰ এগৰাকী অপ্ৰতিদ্বন্দী বিজেতা, বাজপেয়ীয়ে এখন গতিশীল ভাৰত, এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতক বিশ্বাস কৰিছিল, যি দেশৰ সমৃদ্ধিত ইয়াৰ সঠিক স্থানক আশ্বস্ত কৰে। বাজপেয়ীয়ে ৫০০০ বছৰীয়া ভাৰতীয় সভ্যতাৰ এটি অন্বেষণ কৰে, যি পৰৱৰ্তী ১০০০ বছৰৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ সদায়েই আধুনিক, নতুন, সদায়েই সক্ৰিয়।
ভাৰতৰ প্ৰতি থকা নিস্বাৰ্থ ত্যাগ আৰু অৰ্দ্ধ শতিকাতকৈও অধিক সময় সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে তেখেতক ভাৰত দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম বিভূষণেৰে’ সন্মানীত কৰা হয়। ১৯৯৪ চনত তেওঁ ভাৰতৰ ‘শ্ৰেষ্ঠ সাংসদ’ হিচাপে স্বীকৃতি লাভ কৰে। প্ৰশস্তি পত্ৰত এইদৰে লিখা আছেঃ “তেওঁ নাম যথাৰ্থ, অটলজী এগৰাকী প্ৰসিদ্ধ ৰাষ্ট্ৰীয় নেতা, এগৰাকী বিদ্বান ৰাজনীতিবিদ, এগৰাকী নিস্বাৰ্থ সমাজ কৰ্মী, শক্তিশালী বক্তা, কবি আৰু সাহিত্যিক, সাংবাদিকৰ উপৰি প্ৰকৃতাৰ্থত এগৰাকী বহুমুখী ব্যক্তিত্বসম্পন্ন লোক… অটলজীয়ে জনতাৰ আশা-আকাংক্ষাক অভিব্যক্ত কৰে…তেখেতৰ সকলো কামে সদায়েই ৰাষ্ট্ৰীয়বাদক প্ৰতিধ্বনিত কৰে।”

থোৰতে অটল বিহাৰী বাজপেয়ী

জন্মঃ ২৫ ডিচেম্বৰ ১৯২৪
           আগ্ৰা, উত্তৰ প্ৰদেশ, ব্ৰিটিছ ভাৰত
জাতীয়তাঃ ভাৰত
ৰাজনৈতিক দলঃ ভাৰতীয় জনতা পাৰ্টী
দাম্পত্য সঙ্গীঃ অবিবাহিত
অধ্যয়নকৃত শিক্ষা প্ৰতিষ্ঠানঃ দেব কলেজ
জীৱিকাঃ ৰাজনীতিবিদ, কবি, সাংবাদিক
ধৰ্মঃ হিন্দু

ৰাজনৈতিক জীৱন

স্বাধীন ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী
১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে' ১৯৯৬-১ জুন ১৯৯৬)
১৩তম ভাৰতৰ প্ৰধানমন্ত্ৰী
১৯ মাৰ্চ ১৯৯৮ – ২২ মে ২০০৪
১৬ তম ভাৰতৰ প্ৰধানমন্ত্ৰী
১৬ মে ১৯৯৬ – ১ জুন ১৯৯৬
সংসদীয় এলেকা— লক্ষ্মৌ

সন্মান আৰু পুৰষ্কাৰ
• ১৯৯২, পদ্ম বিভূষণ
• ১৯৯৩, কানপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি. লিট্
• ১৯৯৪, লোকমান্য তিলক বঁটা
• ১৯৯৪, শ্ৰেষ্ঠ সাংসদৰ বঁটা
• ১৯৯৪, ভাৰত ৰত্ন পণ্ডিত গোৱিন্দ বল্লভ পন্ত বঁটা

কৰ্মাৱলী ঃ সামাজিক আৰু ৰাজনৈতিক
• National integration. (1961).
• Dynamics of an open society. (1977).
• New Dimensions of India's Foreign Policy. (1979).
• Heal the wounds: Vajpayee's appeal on Assam tragedy to the parliament. (1983).
• When will atrocities on Harijans stop?: A.B. Vajpayee's speech in Rajya Sabha. (1988).
• Kucha lekha, kucha bhashana. (1996).
• Sekyularavada: Bharatiya parikalpana (Da. Rajendra Prasada Smaraka vyakhyanamala). (1996).
• Bindu-bindu vicara. (1997).
• Rajaniti ki rapatili rahem. (1997).
• Na dainyam na palayanam (Hindi Edition). (1998).
• Back to square one. (1998).
• Decisive days. (1999).
• Sakti se santi. (1999).
• Vicara-bindu (Hindi Edition). (2000). ISBN 978-81-7016-475-3.
• Nayi chunauti, naya avasara (Hindi Edition). (2002). ISBN 978-81-7016-501-8.
• India's Perspectives on ASEAN and the Asia-Pacific Region. (2003). ISBN 978-981-230-172-7.

জীৱনীমূলক
• Atal Bihari Vaj mem tina dasaka. (1992).
• Pradhanamantri Atala Bihari Vajapeyi, chune hue bhashana. (2000).
• Values, vision & verses of Vajpayee: India's man of destiny. (2001).
• India's foreign policy: New dimensions. (1977).
• Assam problem: Repression no solution. (1981).
কবিতা
• Twenty-One Poems. (2003). ISBN 978-0-670-04917-2.
• Kya khoya kya paya: Atal Bihari Vajapeyi, vyaktitva aura kavitaem (Hindi Edition). (1999). ISBN 978-81-7028-335-5.
• Meri ikyavana kavitaem. (1995).
• Meri ikyavana kavitaem (Hindi Edition). (1995).
• Sreshtha kabita. (1997).
• Nayi Disha – an album with Jagjit Singh (1999)
• Samvedna – an album with Jagjit Singh (2002)

No comments:

Post a Comment

SPONSORED