নাহৰকটীয়াৰ লেঙেৰীজান চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 16, 2018

নাহৰকটীয়াৰ লেঙেৰীজান চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ


নাহৰকটীয়া :  নাহৰকটীয়াৰ লেঙেৰীজান চাহ বাগিচাত পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। বাঘটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ গৰু-ছাগলী ভক্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। অৱশেষত লেঙেৰীজান চাহ বাগিছাত বৃহস্পতিবাৰে পুৱা বন বিভাগে স্থাপন কৰা পিঞ্জৰাত নাহৰফুটুকীটো আবদ্ধ হয় । ইফালে বনৰজাক ওচৰৰ পৰা চাবলৈ ভিৰ কৰেহি অজস্ৰলোকে।
উল্লেখযোগ্য যে চলিত মাহৰ প্ৰথম সপ্তাহত লেঙেৰীজান চাহ বাগিচাৰ এই স্থানতে বন বিভাগে পতা পিঞ্জৰাৰ পৰা পলায়ন কৰিছিল আন এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে। একে স্থানতে আজি অন্য এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হোৱাত এতিয়া বাগানৰ শ্ৰমিকসকলে অলপ হ’লেও সকাহ পাইছে। ইফালে বাগানখনত মুক্ত বিচৰণ কৰি থকা বাকীকেইটা নাহৰফুটুকীকো অতি শীঘ্ৰে পিঞ্জৰাবদ্ধ কৰিবলৈ স্থানীয় ৰাইজে বনবিভাগক দাবী জনায়।

No comments:

Post a Comment

SPONSORED