বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপ সিন্ধু ছেমিত, স্তব্ধ ছাইনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, August 04, 2018

বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপ সিন্ধু ছেমিত, স্তব্ধ ছাইনা


নতুন দিল্লী : ভাৰতৰ তাৰকা মহিলা শ্বাটলাৰ পি ভি সিন্ধুৱে বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত স্থান
সুৰক্ষিত কৰিছে যদিও সতীর্থ ছাইনা নেহৱালে কোৱাৰ্টাৰ ফাইনেলৰ পৰা মেলানি মাগিছে। চীনৰ নানজিঙত পূর্ণগতিত চলি থকা প্রতিযােগিতাখনৰ আজি অনুষ্ঠিত মহিলাৰ ছিংগলহৰ কোৱাৰ্টাৰ ফাইনেল মেচ এখনত তৃতীয় বাছনিপ্রাপ্ত সিন্ধুৱে জাপানৰ ন’জমি অকুহাৰাক পােনপটীয়া গেমত পৰাস্ত কৰে। মেচখনত সিন্ধুৱে ২১-১৭, ২১-১৯ গেমত বিজয় সাব্যস্ত কৰে আৰু চতুর্থবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ অন্তিম চাৰিত প্ৰৱেশ কৰে।
ছেমিত সিন্ধুৱে আকানে য়ামাগুচিৰে মুখামুখি হ’ব। ইফালে, আন এখন কোৱাৰ্টাৰত সপ্তম বাছনিপ্রাপ্ত ছাইনা নেহৱালে স্পেইনৰ কাৰােলিনা মাৰিনৰ হাতত মাত্র ৩১ মিনিটতে ২১-৬, ২১-১১ গেমত পৰাজয় স্বীকাৰ কৰে। ইফালে, প্রতিযােগিতাখনৰ মিক্সড ডাবলছতাে অভিযানৰ অন্ত পৰিছে। ভাৰতৰ। অশ্বিনী পােনাপ্পা আৰু স্বাত্বিক সৈৰাজ ৰেনকি ৰেডীৰ দ্বাৰা গঠিত ভাৰতীয় যুটিটোৱে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয়।

No comments:

Post a Comment

SPONSORED