গুৱাহাটী : কলকাতাত এন আৰ চি- বিৰোধী ভূমিকাত তৃণমূল কংগ্রেছে নহয় আম আদমী পাটিয়েও অৱতীর্ণ হৈছে৷ পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী আৰু তেওঁৰ নেতৃত্বাধীন তৃণমূল কংগ্রেছে এন আৰ চি-বিৰোধী অপপ্রচাৰ চলোৱাৰ লগতে ভেদাভেদৰ ৰাজনীতিৰে মুনাফা লুটাৰ চেষ্টা চলোৱাৰ দৰে আম আদমী পার্টিয়েও কলকাতাত গ্রহণ কৰিছে অসম-বিৰোধী ভূমিকা৷ আম আদমী পার্টিৰ সদস্যই এন আৰ চিৰ বিৰোধিতা কৰি কলকাতাস্থিত অসম ভৱনৰ মুখ্য প্রৱেশদ্বাৰৰ সন্মুখত প্রতিবাদী কার্যসূচী পালন কৰে৷
এন আৰ চি-বিৰোধী সভা-সমিতি অনুষ্ঠিত কৰা দলটোৱে অসমত এন আৰ চি বন্ধ নকৰিলে প্রতিদিনে অসম ভৱনৰ সন্মুখত প্রতিবাদী কার্যসূচী গ্রহণ কৰা হ’ব বুলি হুংকাৰ দিয়ে৷ ইফালে, অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ বিৰুদ্ধে পশ্চিম বংগত টি এম চিয়ে আজি দুটা অভিযোগ দাখিল কৰে৷ এটা দাখিল কৰা হয় নেতাজী সুভাষ চন্দ্র বসু আন্তঃৰাষ্ট্রীয় বিমান বন্দৰ আৰক্ষী থানাত আৰু আনটো দাখিল কৰা হয় আলিপুৰ আৰক্ষী থানাত৷ আলিপুৰ থানাত তৃণমূল কংগ্রেছৰ সাংসদ কাকলি ঘোষ দস্তিদাৰ আৰু বিধায়িকা মহুৱা মৈত্রই গোচৰ ৰুজু কৰিছে৷
No comments:
Post a Comment