গুৱাহাটী : সন্দেহযুক্ত নাগৰিকক সুৰক্ষা দিয়াৰ স্বার্থত ভিন্ন সময়ত ভিন্ন মন্তব্য কৰি আদালতৰ ৰোষত পৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম৷ বিধায়ক ইছলামক ২৮ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ অধিবক্তা প্রাণ বৰাৰ গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিধায়ক ইছলামক হাজিৰ হ’বলৈ নির্দেশ দিয়ে৷ উল্লেখযোগ্য যে সন্দেহজনক নাগৰিকৰ গোচৰ প্রক্রিয়াত একপক্ষীয় বিচাৰ কৰা বুলি বিধায়ক ইছলামে অভিযোগ কৰিছিল৷ ন্যায়াধীশৰ বিৰুদ্ধেও মন্তব্য কৰিছিল বিধায়ক ইছলামে৷
যাৰ পৰিপ্রেক্ষিতত অধিবক্তা প্রাণ বৰাই ন্যায়ালয়ৰ কাষ চাপিছিল৷ ৰুজু হৈছিল গোচৰ৷ উক্ত গোচৰৰ ভিত্তিত এতিয়া নিজৰ স্থিতি বিধায়কজনে স্পষ্ট কৰিব লাগিব৷ ন্যায়িক ব্যৱস্থাৰ ওপৰত মন্তব্য কৰাৰ অপৰাধত আদালতত স্থিতি স্পষ্ট কৰিব লাগিব৷ উল্লেখযোগ্য যে সন্দেহজনক ব্যক্তিৰ বিৰুদ্ধে চলি থকা বহু গোচৰক লৈ সময়ে সময়ে বিভিন্ন লোকে বিভিন্ন মন্তব্য আগবঢ়াই আহিছে৷
বিশেষকৈ বিদেশী ন্যায়াধিকৰণক লৈ একাংশ সংখ্যালঘু সংগঠন তথা ব্যক্তি বিশেষে ৰাজহুৱাকৈ আপত্তিজনক মন্তব্য কৰি আহিছে৷ গোৱালপাৰাত আকৌ একাংশ সংখ্যালঘু লোকে বিদেশী ন্যায়াধিকৰণৰ ন্যায়াধীশকে শাৰীৰিকভাৱে অপদস্থ কৰিছিল৷ য’ত আছিল সংখ্যালঘু অধিবক্তাও৷ ইতিমধ্যে উক্ত ঘটনাত জড়িতসকলক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছত শাস্তিৰ সন্মুখীনো হৈছে৷ কিন্তু তাৰ পাছতো বিভিন্ন পক্ষই ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে বিভ্রান্তিকৰ মন্তব্য কৰিবলৈ এৰা নাই৷
No comments:
Post a Comment