জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী আঞ্চলিক সমিতি গঠন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 14, 2018

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী আঞ্চলিক সমিতি গঠন

মৰিগাঁও : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত ৰঙাদৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত বৰিগাঁও, চতৰিবড়ী, হাবিবৰঙাবাৰী, বালিগাঁও আদি শাখা সমিতিৰ প্ৰতিনিধিৰে হাবিবৰঙাবাৰী আঞ্চলিকৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়।
সভাত সভাপতিত্ব কৰে মৰিগাঁও জিলা কবি সন্মিলনীৰ সমিতিৰ সাধাৰণ সম্পাদক ভবেন্দ্ৰ নাথে। সভাত উপস্থিত থাকি ব্যক্তব্য আগবঢ়ায় ৰঙাদৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অংগৰাগ ভুঞা, উপাধ্যক্ষ দিলীপ বৰা, গৰীয়া-মৰীয়া দেশীয় জাতীয় পৰিষদৰ কেন্দ্ৰীয় সদস্য আছামুল আলী।
সভাত সংগঠনৰ মূল বিষয়বস্তু, উদ্দেশ্য, লক্ষ্য, সমস্যা সমাধানৰ ওপৰত বক্তব্য ৰাখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ সভাপতি ললিত চন্দ্ৰ পাছনি আৰু মিন্টু নাথে। তাৰোপৰি সভাত উপস্থিত থাকি হাবিবৰঙাবাৰী আঞ্চলিক সমিতিৰ পৰ্যবেক্ষক দীপজ্যোতি বৈশ্য, ভাস্কৰ জ্যোতি বৰদলৈৰ লগতে প্ৰাক্তন ছাত্ৰ নেতা ভাগ্য বৰা।
প্ৰায় ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সভাখনত জ্যোতি নাথক সভাপতি, ৰাজামণি আলী ক সাধাৰণ সম্পাদক হিচাপে লৈ ২৮ জনীয়া হাবিবৰঙাবাৰী আঞ্চলিক সমিতিখন গঠন কৰা হয়

No comments:

Post a Comment

SPONSORED