নিৰাপত্তাৰ নামত অবৈধ ধন সংগ্ৰহ আৰক্ষীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 14, 2018

নিৰাপত্তাৰ নামত অবৈধ ধন সংগ্ৰহ আৰক্ষীৰ

তামাৰহাট : স্বাধীনতা দিবসৰ প্ৰাকক্ষনত ৰাজ্যখনত যাতে দুষ্কৃতিকাৰীয়ে কোনো কূটাঘাতমূলক কাৰ্য সম্পাদন কৰিব নোৱাৰে তাৰ বাবে সমগ্ৰ ৰাজ্যতে বৃদ্ধি পাইছে আৰক্ষীৰ ব্যস্ততা। কিন্তু এনে সময়তে ধুবুৰী জিলাৰ পাগলাহাটত দেখা গল আৰক্ষীৰ এক ব্যাতিক্ৰমী ব্যস্ততা।
ধুবুৰী জিলাৰ পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত পাগলাহাটত আৰক্ষীয়ে ৰাইজক নিৰাপত্তা দিয়াৰ নামত চলাইছে গুণ্ডাৰাজ। বিশেষকৈ ৰাভা উপাধিৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত নিৰাপত্তাৰ নামত আৰক্ষীয়ে বিভিন্ন বৈধ-অবৈধ ব্যৱসায়ৰ পৰা কৰিছে অবৈধ ধন সংগ্ৰহ। ফলত অঞ্চলটোত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অসামাজিক কাম-কাজ।
ৰাভা উপাধিৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ছত্ৰছায়াত আৰক্ষীৰ এই ধন সংগ্ৰহৰ পৰা হাত সাৰিব পৰা নাই গো বেপাৰীসকলও। প্ৰতি মঙ্গলবাৰ আৰু শুক্ৰবাৰে প্ৰতাপগঞ্জ গো হাটত লৈ যোৱা প্ৰতিটো গৰুৰ পৰা ২০ পৰা ১০০ টকা লৈকে আৰক্ষীয়ে গৰু বেপাৰীৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
পাগলাহাট বজাৰত মুকুলিভাৱে চলোৱা আৰক্ষীৰ এই ছেণ্ডিকেটৰ খবৰ পাই সাংবাদিকৰ দল এটাই ঘটনাস্থলীত উপস্থিত হোৱাত কেমেৰা দেখি ধন সংগ্ৰহ কৰা দুৰৈৰ কথা আৰক্ষীয়ে পলাই পত্ৰং দিয়ে যদিও সাংবাদিকৰ কেমেৰাত দুজন আৰক্ষী বন্দী হয়। এই বিষয়ে পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জগদীশ ৰাভাক প্ৰশ্ন কৰাত সাংবাদিকৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে বিষয়াগৰাকী। আৰক্ষীৰ এনে অশোভনীয় কাম-কাজৰ বাবে সচেতন মহলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

No comments:

Post a Comment

SPONSORED