জৰাজীৰ্ণ গড়কাপ্তানী পথত জাল বাই, ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ :: নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, August 05, 2018

জৰাজীৰ্ণ গড়কাপ্তানী পথত জাল বাই, ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ :: নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত


তিতাবৰ : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ সমষ্টি তিতাবৰৰ বগাৰ গাঁৱৰ পৰা চকীয়াল অঞ্চল সংযোগী গড়কাপ্তানী বিভাগৰ অতি গুৰুত্বপূৰ্ণ পথটো অতিশয় জৰাজীৰ্ণ হৈ পৰিছে। প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উক্ত জৰাজীৰ্ণ পথছোৱা ঠায়ে ঠায়ে সাধাৰণ এজাক বৰষুণতে পানীত বুৰ যায়। বহুকেইখন গাঁও, শিক্ষানুষ্ঠান, চিকিৎসালয়,চৰকাৰী কাৰ্যালয়, হাট-বজাৰ তথা তিতাবৰ আৰু যোৰহাট নগৰ সংযোগী একমাত্ৰ যাতায়তী পথটোৰ আজি পৰ্যন্ত উন্নয়ন নকৰাৰ বাবে অঞ্চলবাসী ক্ষোভিত হৈ পৰিছে।
জৰাজীৰ্ণ পথটোত ইতিপূৰ্বে একাধিক দুৰ্ঘটনাও সংঘটিত হৈছে। সেয়েহে বঞ্চিত ৰাইজে ক্ষোভিত হৈ হাতে হাতে জাকৈ-খালৈ লৈ আহি পানীৰে পৰিপূৰ্ণ জৰাজীৰ্ণ পথটোৰ ওপৰত মাছ মৰাৰ লগতে ভূঁই ৰুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ক্ষোভিত ৰাইজে আমাক ৰাস্তা লাগে, আমাৰ দাবী মানিবই লাগিব, গড়কাপ্তানী বিভাগ হুঁচিয়াৰ আদি বিভিন্ন শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
ইপিনে পথ নিৰ্মাণ নোহোৱা পৰ্যন্ত অঞ্চলবাসীয়ে পঞ্চায়ত অথবা যিকোনো ধৰণৰ নিৰ্বাচন বর্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

No comments:

Post a Comment

SPONSORED