আমছুৰ সভাত বি জে পিৰ নেতা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 5, 2018

আমছুৰ সভাত বি জে পিৰ নেতা


নলবাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাপলাবড়ি গাঁৱত শনিবাৰে বৰক্ষেত্ৰী আমছুৰ উদ্যোগত এন আৰ চি আৰু ডি ভোটাৰ সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়। লক্ষ্যণীয় যে, সভাত বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা আৰু বি জে পিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইনসহ ব‌ি জে পিৰ কেইবাগৰাকী দলীয় বিষয়ববীয়া উপস্থিত থাকে। বৰক্ষেত্ৰীৰ কাপলাবৰীৰ সাপ্তাহিক বজাৰৰ মুকলি গৃহত বৰক্ষেত্ৰী আমছুৰ সভাপতি চফিকুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনত ৰাজ্যিক বি জে পিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি গৰাকীয়ে কয় যে বৰক্ষেত্ৰীত এন আৰ চিৰ পৰা ২২৮৯৫ গৰাকীৰ নাম কৰ্তন হৈছে যদিও শংকাৰ কোনো কাৰণ নাই। প্ৰকৃত ভাৰতীয়ৰ নাম যাতে এন আৰ চিৰ পৰা বাদ নপৰে তাৰ বাবে বি জে পিয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব।
সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই নিজৰ ভাষণত কয় যে, এন আৰ চিৰ চূড়ান্ত খচৰাত নাম প্ৰকাশ নোপোৱাসকলৰ যিমান দায়িত্ব, সমানেই দায়িত্ব আছে তালিকাত নাম অন্তৰ্ভুক্ত হোৱা সকলৰো, যাতে প্ৰকৃত কোনো এজন ভাৰতীয়ই নাগৰিকত্বৰ পৰা বঞ্চিত হ’বলগীয়া নহয়। নলবাৰী জিলা আমছুৰ সাধাৰণ সম্পাদক মহিদুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা আজিৰ সভাত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক আমজাদ হুছেইন, উপ-সভাপতি চাহজাহান আলী, ৰুবুল আলী, বি জে পিৰ বৰক্ষেত্ৰী মণ্ডলৰ বিষয়ববীয়াসকলৰ লগতে বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুই সহস্ৰাধিক সংখ্যালঘু লোক।
ইফালে আমছুৰ সভাত বি জে পি নেতাই অংশ লোৱা কাৰ্যই বৰক্ষেত্ৰীৰ ৰাইজৰ মাজত চৰ্চা লাভ কৰে। তাৰ মাজতে আজি আবেলি চাৰি বজাত নলবাৰী জিলা আমছুৱে এক প্ৰেছ বিবৃত‌ি যোগেদি বৰক্ষেত্ৰী আমছুৱে নীতি-নিয়ম উলংঘা কৰা বুলি বৰক্ষেত্ৰী আমছু ভংগ কৰা বুলি সদৰী কৰে। নলবাৰী আমছুৱে জানিবলৈ দিয়া মতে বৰক্ষেত্ৰী আমছুৱে জিলা আমছুক নজনোৱাকৈ ৰাজনৈতিক নেতাক লগত লৈ সভাখন আয়োজন কৰিছিল। জিলা আমছুৰ মতে, মহামান্য আদালতৰ তত্বাৱধানত এন আৰ চিৰ কাম-কাজ চলি থকাৰ সময়ত বৰক্ষেত্ৰী আমছুৱে এনেদৰে ৰাজনৈতিক দলৰ নেতাক লগত লৈ সভাৰ আয়োজন কৰাটো তেওঁলোকৰ সংব‌িধান-বিৰোধী কাম হৈছে, যাৰ কাৰণে জিলা আমছুৱে বৰক্ষেত্ৰী আমছুৰ সমিতিখন ভংগ কৰিছে।

No comments:

Post a Comment

SPONSORED