শিলাদিত্য দেবৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 5, 2018

শিলাদিত্য দেবৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ

নগাঁও : হোজাই সমষ্টিৰ বহুবল্কী বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে সাম্প্ৰদায়িক উচটনিমূলক মন্তব্য কৰি অসমত ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ অহৰহ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ তুলি আজি নগাঁও চহৰৰ ইছলামপট্টি সেউজ নগৰৰ আব্দুল জলিল আকন্দ নামৰ এজন লোকে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰকাৰী আকন্দে এজাহাৰখনত উল্লেখ কৰা অভিযোগ অনুসৰি, যোৱা ৩০জুলাইত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ চূড়ান্ত খচৰাখন প্ৰকাশ পোৱাৰ পাছৰ পৰাই হোজাইৰ বিধায়ক শিলাদিত্য দেবে সংবাদ মাধ্যম যোগে বিভিন্ন সাম্প্ৰদায়িক আৰু বিতৰ্কিত মন্তব্য কৰি আহিছে।



কালি অৰ্থাত্‍ ৪ আগষ্টতো তেওঁ সংবাদ মাধ্যমৰ আগত ‘সদ্য প্ৰকাশিত এন আৰ চিৰ খচৰাত থলুৱাক বিদেশী কৰা’, ‘ডেৰ কোটি বিদেশীক স্বদেশী কৰা’, ‘একাংশ বিদেশী ন্যায়াধীকৰণৰ ন্যায়াধীশে বিদেশীক স্বদেশী সজোৱা’, ‘এন আৰ চিৰ ডাটা এন্ট্ৰি অপাৰেটৰ, ফিল্ড ভেৰিফিকেশ্যন অফিচাৰ আদিৰ দায়িত্ব বহু সংখ্যক সন্দেহজনক নাগৰিকক অৰ্পণ কৰা’ আদি বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰিছে। শিলাদিত্য দেবৰ এনে উচটনিমূলক মন্তব্যই অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বৰ্তি থকা শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আনকি তেওঁ এনে মন্তব্যৰ জৰিয়তে অসমত ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ অহৰহ চেষ্টা চলাই থকা বুলিও এজাহাৰখনত অভিযোগ কৰা হৈছে। এজাহাৰত অভিযোগ কৰা মতে, বিধায়কজনে এটা নিৰ্দিষ্ট জনগোষ্ঠীক লক্ষ্য কৰি বিভিন্ন উচটনিমূলক মন্তব্য কৰি হিংসাৰ ভাব বিয়পাবলৈ বিচাৰিছে। বিধায়কজনে সাম্প্ৰদায়িক আৰু অগণতান্ত্ৰিক মন্তব্যৰে মহামান্য উচ্চতম ন্যায়ালয়, চৰকাৰ, আৰু এন আৰ চি কৰ্তৃকক্ষক অৱমাননা কৰি এন আৰ চি প্ৰক্ৰিয়াটোক বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলি এজাহাৰখনত অভিযোগ কৰি বিধায়কজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈকো আৱেদন জনোৱা হৈছে।

No comments:

Post a Comment

SPONSORED