ক্রীড়াই সম্ভাৱনা, আন্তৰিকতা, ভাতৃত্ববােধ আৰু বন্ধুত্ব জীয়াই ৰখাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে : মুখ্যমন্ত্রী সৰ্বানন্দ সোণাৱল
গুৱাহাটী : অসম চৰকাৰৰ চিগনেচাৰ প্রজেক্টৰ উত্তৰণ আঁচনিৰ অধীনত ১০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত চামতা আঞ্চলিক ক্রীড়া সংঘৰ ষ্টেডিয়াম প্রকল্পৰ আধাৰশিলা দেওবাৰে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে স্থাপন কৰে। মুখ্যমন্ত্রী সােণােৱালে লগতে ক্রীড়া সংঘৰ খেলপথাৰত অনুষ্ঠিত ৪১ সংখ্যক নৰােৰাম বৰ্মন সোঁৱৰণী ফুটবল প্রতিযােগিতাৰ মহম্মেদান স্পর্টিং ক্লাব, কলকাতা আৰু অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনাে উদ্বোধন কৰে।
এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে অসমত বর্তমান ক্রীড়াৰ প্রতি ৰাইজৰ ধাউতি বৃদ্ধি পাইছে আৰু ৰাজ্যৰ বিভিন্ন প্রান্তত অনুষ্ঠিত বিভিন্ন প্রতিযােগিতাই এই কথাৰ প্রতিফলন ঘটাইছে। ক্রীড়াই মানুহৰ মাজত সদ্ভাৱনা, আন্তৰিকতা, ভাতৃত্ববােধ আৰু বন্ধুত্ব জীয়াই ৰখাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তেখেতৰ গীতৰ মাজেৰে কৈ গৈছে যে - এই পৃথিৱী এক ক্রীড়াঙ্গন, ক্রীড়াই হ’ল শান্তি প্রাঙ্গন।
ক্রীড়াক এক জীৱনশৈলী হিচাপে গ্ৰহণ কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাই মুখ্যমন্ত্রী সােণােৱালে কয় যে ইয়াৰ ফলত প্ৰতিগৰাকী ব্যক্তি সুস্থ মন আৰু সুস্থ শৰীৰৰ গৰাকী হ’ব পাৰিব। সেই দিশৰ প্রতি লক্ষ্য ৰাখি অসম চৰকাৰে ক্ৰীড়াৰ প্ৰসাৰত বিশেষ গুৰুত্ব প্রদান কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে অসম চৰকাৰে ইতিমধ্যে গুৱাহাটীত বহুতাে আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ক্রীড়া প্রতিযােগিতা অনুষ্ঠিত কৰিছে আৰু এই প্রতিযােগিতাসমূহত ৰাইজে আগবঢ়োৱা আন্তৰিকতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাসমূহে সন্তুষ্টি প্রকাশ কৰাৰ কথা ব্যক্ত কৰিছে।
ৰাজ্যৰ ক্রীড়া সংস্থা সমূহক গাওঁ, চহৰ, চাহ বাগিছা তথা পাহাৰীয়া অঞ্চলত লুকাই থকা ক্রীড়া প্রতিভাসমূহ পােহৰলৈ আনিবলৈ প্ৰয়াস কৰাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্রী সােণােৱালে কয় যে অসম চৰকাৰে পঞ্চায়ত পর্যায়ত ক্রীড়া প্রতিযােগিতা অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰিছে আৰু সেইদৰে জিলা আৰু ৰাজ্যিক পর্যায়তাে ক্রীড়া প্রতিযােগিতা অনুষ্ঠিত কৰা হ’ব। গুৱাহাটীক দেশৰ ক্রীড়া ৰাজধানী ৰূপে গঢ় দিবলৈ অসম চৰকাৰে দৃঢ়তাৰে পদক্ষেপ গ্রহণ কৰাৰ কথা উল্লেখ কৰি ৰাজ্যৰ সকলাে জনসাধাৰণে ক্ৰীড়াৰ প্রতি ধাউতি দিব লাগিব আৰু উঠি অহা প্ৰজন্মক উৎসাহিত কৰিব লাগিব বুলিও মুখ্যমন্ত্রী সােণােৱালে কয়।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৌৰ প্রতিযােগিতাত স্বর্ণ পদক জয় কৰি অসম কন্যা হিমা দাসে ৰাজ্যৰ ক্রীড়া প্রতিভাৰ নমুনা বিশ্বৰ আগত দাঙি ধৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে অনুৰূপ ধৰণে ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন গৰাকী ক্রীড়াবিদ সম্প্রতি জিলিকি উঠিছে। মুখ্যমন্ত্রী সােণােৱালে লগতে আশা প্রকাশ কৰে যে পশ্চিম বংগৰ মহম্মেদান স্পর্টিং ক্লাবৰ দৰে বহিঃৰাজ্যৰ ক্ৰীড়ানুষ্ঠান সমূহৰ অংশ গ্রহণে অসমৰ সৈতে আন ৰাজ্যৰ মাজত ভাতৃত্ব, বন্ধুত্ব আৰু সম্প্রীতিৰ বান্ধোন অধিক সুদৃঢ় কৰিবলৈ সক্ষম হৈছে। তেখেতে লগতে আশা প্রকাশ কৰে যে অনাগত দিনসমূহত খেলৰ জৰিয়তে আন্তৰিক সম্বন্ধ আৰু অধিক বৃদ্ধি পাব।
এই অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, বিধায়কদ্বয় ক্রমে অশােক শৰ্মা আৰু নাৰায়ণ ডেকা, ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, ক্রীড়া বিভাগৰ সঞ্চালক পৱিত্ৰ ৰাম খাউণ্ড, অসম ফুটবল সংস্থাৰ সভাপতি অংকুৰ দত্ত, সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি অৰুণ জ্যোতি মৰাণ আৰু নলবাৰী জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক প্রমুখ্যে বহুতাে গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
No comments:
Post a Comment