অসমীয়াৰ সলনি বাংলা ভাষাত ছপা হ’ল ভোটাৰ পৰিচয় পত্ৰ, মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়া - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, August 30, 2018

অসমীয়াৰ সলনি বাংলা ভাষাত ছপা হ’ল ভোটাৰ পৰিচয় পত্ৰ, মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়া


মাজুলী : যি সময়ত অসমত অসমীয়াভাষীৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাবলৈ ধৰিছে, যি সময়ত অসম সাহিত্য সভাকে আদি কৰি বিভিন্ন দল-সংগঠনে অসমৰ সৰ্বত্ৰে ৰাজ্যভাষা প্ৰচলনৰ বাবে দাবী উত্থাপন কৰি আহিছে, সেই সময়তেই, এগৰাকীও বাংলাভাষী লোক নথকা সত্ত্বেও মাজুলীৰ এগৰাকী ছাত্ৰৰ নতুনকৈ অহা ভোটাৰ পৰিচয় পত্ৰ বাংলা ভাষাত ছপা হোৱাক কেন্দ্ৰ কৰি বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ খবৰ পোৱা গৈছে।

মাজুলীৰ কমলাবাৰী থানাৰ অন্তৰ্গত বেঙেনাআটীৰ এজন ছাত্ৰৰ নতুনকৈ পঞ্জীয়ন হোৱা ভোটাৰ কাৰ্ডটোৰ ক’ভাৰ বাংলা ভাষাত ছপা হোৱাৰ খবৰ পোৱা গৈছে। উল্লেখযোগ্য যে, অসমত এতিয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। নাগৰিকপঞ্জী হ’লে অসমৰ খিলঞ্জীয়া ৰাইজ সুৰক্ষিত হ’ব বুলি ধাৰণা কৰা হৈছে যদিও, বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচৰাত অসমবাসী শংকিত হৈ থকাৰ সময়তে ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ নাগৰিকৰ ভোটাৰ কাৰ্ড বাংলাত ছপা কৰাক কেন্দ্ৰ কৰি মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
খবৰ পোৱা মতে, নতুনকৈ পঞ্জীয়ন হোৱা প্ৰায়বোৰ ভোটাৰ কাৰ্ডৰ ক’ভাৰ বাংলাত ছপা হৈছে। বিষয়টোক কেন্দ্ৰ কৰি মাজুলীৰ বিভিন্নজনে এই প্ৰতিবেদকৰ আগত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সাংবিধানিকভাৱে স্বীকৃতি পোৱা অসমীয়াৰ সলনি বাংলা ভাষাত কিয় অসমৰ ভোটাৰ কাৰ্ড ছপা হ’ব বুলি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে ৰাষ্ট্ৰীয় ভাষা হিন্দী বা ইংৰাজীত ছপা হোৱা হ’লেও কাৰো আপত্তি কৰিবলগীয়া নাছিল বুলি উল্লেখ কৰি সচেতন মহলে এই বিষয়ত উচ্চ পৰ্যায়ৰ তদন্তৰ পোষকতা কৰিছে।

No comments:

Post a Comment

SPONSORED