মিলা নাই অংক, মিত্রতাক লৈ ধর্ম সংকটত বিজেপি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, August 30, 2018

মিলা নাই অংক, মিত্রতাক লৈ ধর্ম সংকটত বিজেপি


গুৱাহাটী : সন্মুখত থকা লোক সভাৰ নির্বাচনত মিত্র দলৰ লগত আসনৰ ভাগ-বাটোৱাৰক কেন্দ্র কৰি ধর্ম সংকটত পৰিছে বিজেপি৷ মিত্রজোঁটে ৰাজ্যত থকা ১৪খন লোক সভাৰ আসন দখলৰ কথা বিজেপিয়ে ঘোষণা কৰিছে৷ আনফালে, এই লক্ষ্যত উপনীত হ’বলৈ বিজেপিয়ে এৰিব লাগিব বর্তমানে দখলত থকা সমষ্টি৷ যাৰ বাবে বিজেপিৰ বাবে দুই নাৱত দুই ভৰিৰ দৰে অৱস্থা৷

কেন্দ্র আৰু ৰাজ্যত থকা বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে প্রতিষ্ঠান বিৰোধী ঢৌ আৰম্ভ হৈছে৷ তেনে ক্ষেত্রত লোক সভাৰ নির্বাচনত মিত্রতা অবিহনে বিজেপিয়ে ১৪টা সমষ্টি জয়ৰ লক্ষ্য ল’ব নোৱাৰে৷ ইফালে মিত্র দল অগপ আৰু বি পি এফে বিচাৰিব বর্তমান বিজেপিৰ দখলত থকা এটাকৈ সমষ্টি৷ লোক সভাৰ নির্বাচনত কেনেদৰে মিত্রতা অব্যাহত ৰাখি মিত্রজোঁটৰ আসন বৃদ্ধি কৰিব পাৰি সেই লৈ এতিয়া মিত্রজোঁটৰ নেতাসকলৰ মাজত গোপনে আলোচনা হৈছে৷

পৰহি অগপৰ তিনিজন মন্ত্রীক লগত লৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ এ আই ডি চিত থকা বাসভৱনত দীর্ঘ সময় ধৰি হোৱা আলোচনাক লৈ এতিয়া ব্যাপক চর্ আৰম্ভ হৈছে৷ উল্লেখযোগ্য যে বর্তমানে বিজেপিৰ দখলত থকা সমষ্টি ক্রমে ডিব্রুগড়, যোৰহাট, নগাঁও, গুৱাহাটী, মঙলদৈ, তেজপুৰ আৰু লখিমপুৰ৷ মিত্র দল অগপ আৰু বি পি এফৰ দখলত লোক সভাৰ এটাও সমষ্টি নাই৷

জানিব পৰা মতে মুখ্যমন্ত্রী সোণোৱাল, অগপৰ মন্ত্রী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ লগত বিত্ত মন্ত্রী শর্মাৰ বাসগৃহত লোক সভা নির্বাচনৰ প্রাৰম্ভিক কৌশল সম্পর্কে আলোচনা হৈছিল৷ অগপই জয়ী হ’ব পৰা বৰপেটা আৰু কলিয়াবৰ সমষ্টি বিচাৰিব৷ তেনেদৰে বি পি এফে কোকৰাঝাৰ সমষ্টি দাবী কৰিব৷ বি পি এফৰ সূত্রই জানিবলৈ দিয়া মতে, তেওঁলোকে কোকৰাঝাৰ সমষ্টিক লৈ নিশ্চিত হ’ব পৰা নাই৷ দলটোৱে সেয়েহে মঙলদৈ সমষ্টি দাবী কৰিব৷

ইফালে অগপই কলিয়াবৰ, বৰপেটাৰ লগতে তেজপুৰ সমষ্টিও দাবী কৰিব৷ জানিব পৰা মতে, তেজপুৰ সমষ্টি বিজেপিৰ দখলত থকাৰ পাছতো এই সমষ্টিটো মূৰকত অগপক এৰি দিবলৈ সন্মত হ’ব৷ বি পি এফে দাবী কৰিবলগীয়া মঙলদৈৰ ক্ষেত্রত সমষ্টিটো এৰি দিয়াত বিজেপি সন্মত হোৱাৰ সম্ভাৱনা কম৷ বিশেষকৈ ব্রহ্মপুত্র উপত্যকাত থকা অগপৰ সমর্থকৰ ভোট অপৰিহার্য হোৱাত বিজেপিয়ে লোক সভাৰ নির্বাচনত অগপক কোনো কাৰণতে এৰি নিদিয়ে বুলি জানিব পৰা গৈছে৷

উল্লেখযোগ্য যে বিজেপিৰ ৰাষ্ট্রীয় পর্যায়তো অগপৰ লগত লোক সভাৰ নির্বাচনত মিত্রতাৰ আৱশ্যকতা জৰুৰী বুলি গণ্য কৰিছে৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহে মিত্রতা যাতে কোনো কাৰণতে ভংগ নহয় তাৰ প্রতি সতর্ক হোৱাৰ নির্দেশ দিয়াৰ পাছতো অগপ সম্পর্কত তির্যক মন্তব্য কৰা বিজেপিৰ নেতাসকলে মুখ বন্ধ কৰিবলগীয়া হৈছে৷

লোক সভাৰ নির্বাচনলৈ এতিয়াও কেইবাটাও মাহ আছে যদিও মিত্রতা অব্যাহত ৰাখি নির্বাচনত অৱতীর্ণ হোৱাৰ প্রসংগতে পৰহি বিত্ত মন্ত্রী শর্মাৰ বাসভৱনত মুখ্যমন্ত্রী সোণোৱালে অগপৰ তিনিজন মন্ত্রীক লগত লৈ আলোচনাত মিলিত হৈছিল বুলি জানিব পৰা গৈছে৷

No comments:

Post a Comment

SPONSORED