সম্পূর্ণ খচৰাত নাম অন্তর্ভুক্ত হোৱা বিদেশীৰ তথ্য পৰীক্ষা কৰি থকা হৈছে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 6, 2018

সম্পূর্ণ খচৰাত নাম অন্তর্ভুক্ত হোৱা বিদেশীৰ তথ্য পৰীক্ষা কৰি থকা হৈছে


গুৱাহাটীঃ বিদেশী ন্যায়াধিকৰণত যিসকলৰ গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে, সেইসকল লোকৰ নাম চূড়ান্ত এন আৰ চিত নোসোমায়৷ সংবাদ মাধ্যমক দেওবাৰে এই কথা জানিবলৈ দিয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই৷
হাজেলাই জনায় যে চূড়ান্ত এন আৰ চিৰ পৰা কোনো প্রকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ নপৰে৷ হাজেলাই কয় যে ৩০ জুলাইত ঘোষণা কৰা এন আৰ চিৰ সম্পূর্ণ খচৰাত যিসকল বিদেশীৰ নাম অন্তর্ভুক্ত হৈছে, সেইসকল লোকে প্রকৃত তথ্য লুকুৱাইছিল৷ বিদেশী ন্যায়াধিকৰণত গোচৰ নিষ্পত্তি নোহোৱাকৈ থকাৰ কথাও লুকুৱাইছিল৷
বহুতেই নাম-ঠিকনা সলনি কৰাৰ কথা উল্লেখ কৰি কয় যে বিদেশী ন্যায়াধিকৰণত গোচৰ অমীমাংসিত হৈ থকা কোনো লোকেই চূড়ান্ত এন আৰ চিত স্থান নাপাব৷ হাজেলাই কয় যে সম্পূর্ণ খচৰাত নাম সন্নিৱিষ্ট বিদেশীসকলৰ তথ্য পৰীক্ষা কৰি থকা হৈছে৷ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা আৰু গোচৰ নিষ্পত্তি নোহোৱাকৈ থকাসকলৰ তথ্য নিয়মীয়াকৈ পৰীক্ষা কৰি থকা হৈছে৷ ইতিমধ্যে বিদেশী বুলি চিনাক্ত হোৱা মৰিগাঁৱৰ যিসকল লোকৰ নাম সন্নিৱিষ্ট হৈছিল, সেইসকলৰ নাম ইতিমধ্যে তালিকাৰ পৰা বাদ দিয়াৰ কথা উল্লেখ কৰে৷
ছপাৰ ভুলৰ বাবেও নাম সন্নিৱিষ্ট হ’ব নলগা লোকৰ নাম সোমাই প্রকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰাৰ কথা উল্লেখ কৰে৷ যিকোনো ভুল দৃষ্টিগোচৰ হ’লেই তাক শুদ্ধ কৰি চূড়ান্ত এন আৰ চি প্রস্তুত কৰা হ’ব বুলি উল্লেখ কৰে৷

No comments:

Post a Comment

SPONSORED