অসম আৰক্ষীৰ গাড়ীৰ পৰা নমাই লৈ গল উপ-মহাপ্রবন্ধকক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 6, 2018

অসম আৰক্ষীৰ গাড়ীৰ পৰা নমাই লৈ গল উপ-মহাপ্রবন্ধকক

মেৰাপানীঃ দৈয়াং জলবিদ্যুৎ প্রকল্পৰ পানী এৰি দি নিম্নাংশৰ জনসাধাৰণক বিপদৰ মাজলৈ ঠেলি দিয়া সন্দৰ্ভত এটা গােচৰৰ ভিত্তিত দেওবাৰে নীপকোৰ প্ৰকল্পটোৰ উপ-মহাপ্রবন্ধক প্রিয়ব্রত দাসক গ্রেপ্তাৰ কৰিবলৈ গৈ মুখথেকেচা খাব লগা হ'ল অসম আৰক্ষী। নাগালেণ্ড আৰক্ষীৰ লগতে স্থানীয় জনতাৰ বাধাৰ বাবেই অসম আৰক্ষীৰ দলটোৱে নীপকোৰ বিষয়াজনক আটক কৰাৰ পাছতাে অসমলৈ আনিবলৈ সক্ষম নহ'ল। নীপকোৰ দৈয়াং প্রকল্পই অবিবেচকভাৱে পানী এৰি বান্ধৰ নিম্নাংশৰ জনসাধাৰণক মৃত্যুমুখলৈ ঠেলি দিয়া, ৰাজহুৱা সা-সম্পত্তি বিনষ্ট কৰা আদি অভিযােগ উত্থাপন কৰি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই নীপকোৰ শ্বিলংস্থিত মুখ্য কার্যালয়ৰ মুখ্য সঞ্চালক আৰু নীপকোৰ দৈয়াং জলবিদ্যুৎ প্রকল্প প্রকল্প সঞ্চালকৰ বিৰুদ্ধে তৰা গােচৰৰ ভিত্তিত ভাৰত চৰকাৰৰ অন্তৰ্গত সংস্থাটোৰ বিষয়াক গ্রেপ্তাৰ কৰিবলৈ গােলাঘাট আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়া, মেৰাপানী আৰু সৰুপথাৰ আৰক্ষী থানাৰ বিষয়াসহ অসম আৰক্ষীৰ এটা দল নাগালেণ্ডৰ ব্ৰখা জিলাৰ দৈয়াং প্রকল্পত উপস্থিত হয়।
 দলটোরে প্রথমে জলভাগৰ পৰিদৰ্শন কৰি ডি জি এম প্রিয়ব্রত দাসক আটক কৰে। প্রকল্পস্থলীতে অসম আৰক্ষীৰ দলটোক কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে বাধা প্রদান কৰিছিল যদিও অসম আৰক্ষীৰ দলটোৱে প্ৰকল্পস্থলীৰ পৰা দাসক লৈ অনাত সফল হয়। কিন্তু এই বিষয়ে মহুর্ততে প্রচাৰ হােৱাত মেৰাপানীৰ সমীপৰ ভাণ্ডাৰী মহকুমাত একাংশ নগা জনসাধাৰণ সমৱেত হৈ অসম আৰক্ষীৰ দলটোক বাধা দিয়ে। ইতিমধ্যে উক্ত স্থানত থকা ভাণ্ডাৰী মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত নগা আৰক্ষীৰ এটা দলে অসম আৰক্ষীৰ দলটোৰ গাড়ীৰ পৰা নীপকোৰ উচ্চপদস্থ বিষয়াজনক বলপূর্বক নিজৰ বাহনলৈ নিয়াৰ লগতে অসম আৰক্ষীৰ বিষয়াসকলক দুর্ব্যৱহাৰ কৰে। নাগালেণ্ড আৰক্ষীক এইদৰে সহায় কৰে ভাণ্ডাৰী মহকুমাৰ জনসাধাৰণে ইফালে মেৰাপানী বা সীমান্তৰ যিকোনাে অঞ্চলৰ অপৰাধজনিত ঘটনাত মেৰাপানীৰ আৰক্ষীয়ে নগা আৰক্ষীক সহলাে ধৰণৰ সহায়-সহযােগিতা কৰাৰ বিপৰীতে অসমত একপ্ৰকাৰ ধ্বংসলীলা সৃষ্টি কৰা নীপকোৰ বিষয়াক আটক কৰি লৈ অনাত নগা আৰক্ষীয়ে বাধা দিয়াই নহয়, অসম আৰক্ষীৰ।
 দলটোক একপ্রকাৰ অসম্মানজনক ব্যৱহাৰ কৰা কাৰ্যই তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে। ইফালে, দৈয়াং প্রকল্পৰ পৰা এৰি দিয়া নীপকোৰ পানীয়ে গােলাঘাট জিলাখনৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিসহ সহস্রাধিক জনসাধাৰণৰ সপােন তচনচ কৰি সৃষ্টি কৰা ধ্বংসলীলাৰ বিৰুদ্ধে সঠিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নীপকোৰ পৰা উপযুক্ত ক্ষতিপূৰণ দাবী কৰিছে দল-সংগঠন আৰু বানাক্ৰান্তই এইক্ষেত্ৰত নীপকোৰ বিৰুদ্ধে গােচৰ ৰুজু হােৱাত তেওঁলােকে সন্তোষ প্রকাশ কৰিছে। কিন্তু জানিব পৰা মতে, নীপকোৱে পানী এৰিব বুলি এখন পত্র গােলাঘাট জিলা প্রশাসনলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পাছতাে প্রশাসনে কোনাে ব্যৱস্থা গ্ৰহণ নকৰিলে। জিলা প্ৰশাসনৰ ব্যর্থতাক ঢাকিবলৈকে নীপকোৰ বিৰুদ্ধে দিয়া গােচৰত অধিক গুৰুত্ব প্রদান কৰা বুলিও চর্চা চলিছে। কর্তব্যত গাফিলতি কৰা বিষয়াৰ বিৰুদ্ধে তৎকালে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।

No comments:

Post a Comment

SPONSORED