স্বাধীনতা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, August 15, 2018

স্বাধীনতা


# আছফিয়া আহমেদ
গুৱাহাটী

হে স্বাধীন দেশৰ
অস্ত্রবিহীন সাধাৰণ যুঁজাৰু
স্বাধীনচিতিয়া কিছু অনুভৱক
পৰাধীনতাৰ গ্ৰাসত
হেৰুৱাবলৈ নিদিবা
হেজাৰ শ্বহীদৰ ত্যাগক
স্মৰণিকাত তুলি ধৰাৰ সময় সমাগত

হিংসা আৰু বিদ্বেষক দূৰত ৰাখি
ধৈৰ্য্যৰে একতাক বান্ধি
সৌম্যতাৰে আগুৱাই যোৱাৰ
এয়াই উপযুক্ত পৰিৱেশ
সকলো বিপৰ্য্যয়ৰ প্ৰত্যুত্তৰ দিয়াৰ
এয়াই যে সময়...

জাগ্ৰত হোৱা হে স্বাধীন দেশৰ
অস্ত্রবিহীন সাধাৰণ যু্ঁজাৰু
সামাজিক ব্যাধি আঁতৰাই
সাম্প্ৰদায়িকতাৰ বীজ ধ্বংস কৰি
মোহাৰি পোলোৱা
কু-সংস্কৃতিৰ পোহাৰ

স্বাধীনতাক হৃদয়ঙ্গম কৰা
সচেতন হোৱা.... সজাগ হোৱা....
আৰু....
আগুৱাই যোৱা বিবেক আৰু
আত্মবিশ্বাসৰ হাতত হাত ধৰি
এক নতুন দিগন্তৰ দিশে । ।

No comments:

Post a Comment

SPONSORED