ফেচবুকত মন্তব্য দি ৰঙাঘৰত মুকালমুৱাৰ ৰাইনুৰ আহমেদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 15, 2018

ফেচবুকত মন্তব্য দি ৰঙাঘৰত মুকালমুৱাৰ ৰাইনুৰ আহমেদ

গুৱাহাটী : ফেচবুকত ভিত্তিহীন অভিযোগ, সাম্প্ৰদায়িক মন্তব্য আৰু অশ্লীল ভাষাৰে জনমানসত সেও প্ৰতিপন্ন কৰাৰ অপৰাধত আটক হৈছে মুকালমুৱাৰ ৰাইনুৰ আহমেদ। উল্লেখযোগ্য যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তথা নলবাৰী জিলাৰ মুকালমুৱা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাইনুৰ আহমেদে সততে বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য দি অহাটো সৰ্বজনবিদীত।
কিছুদিন পূৰ্বে এলানি কেইবাটাও ফেচবুক পোষ্ট যোগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্ৰীক সাম্প্ৰদায়িক মনোভাৱলৈ ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ লগতে অশ্লীল ভাষাৰে বিভিন্ন মন্তব্য কৰি আছিল ৰাইনুৰ আহমেদে। ইয়াৰ ওপৰিও ছাত্ৰীগৰাকীয়ে ম'বাইলত কোনো অজ্ঞাত ব্যক্তিৰ পৰাও পাই আছিল ধাৰাবাহিক অশালীন মেছেজ। সেই বাবেই ৯ জুলাইত জালুকবাৰী আৰক্ষী চকীত ছাত্ৰীগৰাকীয়ে দাখিল কৰিছিল ৮৯৩/২০১৮ নম্বৰৰ এক এজাহাৰ।
উক্ত এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে ১২ আগষ্টত মুকালমুৱাৰ পৰা ৰাইনুৰ আহমেদক গ্ৰেপ্তাৰ কৰি জালুকবাৰী আৰক্ষী চকীলৈ লৈ আহে। এই সংবাদ লিখা পৰলৈকে তেওঁ আৰক্ষীৰ জিম্মাতে আছে আৰু আদালতত হাজিৰ কৰাৰ প্ৰক্ৰিয়া চলিছে।

No comments:

Post a Comment

SPONSORED