দেশৰ ভিতৰত এখন অন্যতম শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টাত ব্ৰতী হৈছে অসম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 15, 2018

দেশৰ ভিতৰত এখন অন্যতম শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টাত ব্ৰতী হৈছে অসম

৭২ তম্ স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ ভাষণৰ খচৰা
১৫ আগষ্ট, ২০১৮
পৰম শ্রদ্ধাভাজন ৰাইজ,
ভাৰতবৰ্ষৰ ৭২ তম্ স্বাধীনতা দিৱসৰ এই পৱিত্ৰ মুহূর্তত আমি ৰাজ্যখনৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে স্বাধীনতাৰ হকে সংগ্রাম কৰা সকলাে মহান সেনানী তথা বীৰ শ্বহীদৰ প্রতিও আমি গভীৰ শ্রদ্ধা নিবেদন কৰিছোঁ। স্বাধীনতা সংগ্রামত আত্মবলিদানেৰে ৰাজ্যখনক মহীয়ান কৰি তােলা মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, মুকুন্দ কাকতি, কনকলতা বৰুৱা, ভােগেশ্বৰী ফুকননীৰ লগতে অন্যান্য শ্বহীদ সকললৈ এই পৱিত্ৰ ক্ষণতে যাচিছে সশ্রদ্ধ প্রণিপাত।
এই শুভ ক্ষণত স্বাধীনতা সংগ্ৰামত অহহাপুৰুষাৰ্থ কৰা ৰাজ্যখনৰ সৰ্বস্তৰৰ ৰাইজৰ লগতে আধুনিক অসমৰ ভেটি নির্মাণত বৰঙণি আগবঢ়োৱা কৃষক, শ্রমিক, শিক্ষক, বুদ্ধিজীৱী, ৰাজনীতিক, বৈজ্ঞানিক, সাংবাদিক, শিল্পী, সাহিত্যিক আৰু আন কর্মক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ উপৰি অসমবাসীৰ প্রতিও আমি শ্রদ্ধা আৰু সন্মান যাচিছোঁ।
ভাৰতবৰ্ষৰ সীমান্তত অতন্দ্র প্রহৰী ৰূপে নিয়ােজিত হৈ দেশৰ সার্বভৌমত্ব ৰক্ষা তথা সন্ত্রাসবাদৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি আত্মবলিদান দিয়া মহান সৈনিকসকলকো আমি এই পৱিত্ৰ মুহূর্ততশ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
ভাৰতবৰ্ষৰ স্বাধীনতাৰ মহা সংগ্ৰামত দেশৰ বিভিন্ন প্রান্তৰ লগতে অসমৰৰ আৱাল, বৃদ্ধ, বণিতাই সর্বস্ব উজাৰি যােগদান কৰিছিল। দুশ বছৰীয়া পৰাধীনতাৰ শিকলি চিঙি যেতিয়া দেশ স্বাধীন হ’ল, সেই স্বাধীনতাৰ আৱেগে চুই গৈছিল সকলােৰে মন-প্রাণ। অসমীয়াৰ এই ভাবাৱেগক ড° ভূপেন হাজৰিকাই তেখেতৰ গীতেৰে প্রাণ দিছিল এনেধৰণে
 - অ’ ভাৰতীৰে।
অ’ পৃথিৱীৰে স্বাধীন চিতীয়া দল।
ভাৰতী স্বাধীন হ’ল। ভাৰতীৰ দৃষ্টি
ভাৰতীৰ কৃষ্টি সকলাে মহীয়ান হ’ল।
এই ভাবাৱেগ আজিও প্রতিজন অসমীয়াৰ মাজত বিদ্যমান। এই আৱেগে আমাৰ মাজত সুদৃঢ় কৰিছে ঐক্য, সম্প্রীতি আৰু ভাতৃত্ববােধৰ যুগমীয়া বান্ধোন। অহিংসাৰ মূল মন্ত্ৰৰে দীক্ষিত হৈ ভাৰতবৰ্ষক স্বাধীন কৰা প্ৰতিগৰাকী স্বাধীনতা সংগ্রামী আৰু বীৰ শ্বহীদ আমাৰ শ্ৰদ্ধা আৰু অনুপ্ৰেৰণাৰ উৎস।
‘ভাৰতেই মােৰ দেশ, ভাৰতেই মােৰ প্রাণ’ এই বাণীৰে উদ্বুদ্ধ হৈ ভাৰতবৰ্ষক নতুন ৰূপত গঢ় দিয়াৰ লক্ষ্য লৈ মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে বিগত চাৰি বছৰে অহর্নিশে কাম কৰিছে। একেদৰে অসম চৰকাৰেও ৰাজ্যখনৰ হৃত গৌৰৱ ওভতাই আনি অসমক দেশৰ ভিতৰত এখন অন্যতম শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টাত ব্ৰতী হৈছে।


শ্রদ্ধেয় ৰাইজ,
আমাৰ চৰকাৰে শাসনভাৰ লােৱাৰ সময়তে আমি উপলব্ধি কৰিছিলাে যে এইখন চৰকাৰৰ প্রতি ৰাইজৰ বিশ্বাস আৰু প্রত্যাশা অত্যাধিক আৰু জনসাধাৰণৰ আশা-প্রত্যাশা পূৰণৰ দিশত আমি সর্বতােপ্ৰকাৰে প্রয়াস চলাব লাগিব।ৰাজ্যখনৰবৰাকব্রহ্মপুত্র, পাহাৰ-ভৈয়ামত বসবাস কৰা বিভিন্ন ধর্মাৱলম্বী, ভাষা-ভাষী লােকসকলৰ ঐক্য, সম্প্রীতি আৰু সমন্বয় হৈছে আমাৰ চৰকাৰৰ মূল চালিকা শক্তি। আমাৰ চৰকাৰৰ অন্যতম লক্ষ্য হৈছে অসমবাসীৰ স্বাভিমান আৰু মর্যাদা সদা অক্ষুন্ন ৰখা। আমি মাননীয় প্রধান মন্ত্রী নৰেন্দ্ৰ মােডী ডাঙৰীয়াৰ সবকা সাথ, সবকা বিকাশ’ৰ আদৰ্শ আৰু প্ৰমূল্যবােধক অনুপ্ৰেৰণাৰ মূলমন্ত্র হিচাপে লৈ সকলাে শ্ৰেণীৰ জনসাধাৰণৰ সমউন্নয়নৰ দিশত দৃঢ়তাৰে কৰ্মত অগ্রসৰ হােৱাৰ সংকল্প লৈছিলাে। অসমক এখন দুর্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্রাসমুক্ত আৰু প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ়ি তােলাৰ বাবে আমাৰ চৰকাৰে আৰম্ভণিৰে পৰা পদক্ষেপ গ্রহণ কৰিছে।
আজিৰ এই পৱিত্ৰ ক্ষণত আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ প্রত্যক্ষ তত্বাৱধানত ৰেজিষ্ট্ৰাৰ জেনেৰেল অৱ ইণ্ডিয়া তথা কেন্দ্রীয় আৰু অসম চৰকাৰৰ যৌথ সহযােগিতাত সফলতাৰে প্রকাশিত হােৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূর্ণ খচৰাৰ প্রসঙ্গ সর্ব প্রথমে উল্লেখ কৰিব বিচাৰিছাে।
এই ঐতিহাসিক দলিল প্রস্তুতৰ ক্ষেত্ৰত বৰাক-ব্রহ্মপুত্র, পাহাৰ-ভৈয়ামৰ অসমবাসীৰ অকুণ্ঠ সহায়-সহযােগৰ বাবে সকলােৰে প্রতি আমি কৃতজ্ঞতা প্রকাশ কৰিছাে। তদুপৰি এই সফলতাৰ বাবে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত ৰাজ্যৰ ৫৫ হাজাৰ বিষয়া-কৰ্মচাৰীৰ নিষ্ঠা আৰু দায়বদ্ধতাৰ আমি শলাগ লৈছাে। লগতে ৰাজ্যখনৰ আইন-শৃংখলা অটুত ৰাখি সুচাৰুৰূপে এন আৰ চিৰ খচৰা প্ৰকাশৰ ক্ষেত্ৰত ৭০ হাজাৰ আৰক্ষীয়ে দেখুওৱা দক্ষতাৰ বাবে তেখেতসকলকে ধন্যবাদ জনাইছাে। ২০১৬ চনতআমাৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিচতেই অসমখন বিদেশীমুক্ত কৰাৰ প্রতিশ্রুতি ৰাজ্যবাসীক আমি প্রদান কৰিছিলাে। আমি দৃঢ়ভাৱে বিশ্বাস কৰাে যে অসমখন বিদেশীমুক্ত কৰাৰ ক্ষেত্ৰত এন আৰ চি হ’ব এক গুৰুত্বপূৰ্ণ ৰক্ষাকবচ। আমি নিশ্চিত যে অসমবাসীৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত এন আৰ চিয়ে জাতীয় স্বাভিমানক নতুন দিশেৰে ধাৱমান কৰাৰ ক্ষেত্ৰত ইতিবাচক পৰিৱেশ নির্মাণ কৰিব।


আমি পুনৰবাৰ ৰাজ্যবাসীক জনাব বিচাৰাে যে এইখন এখন খচৰাহে। অসমত বসবাস কৰা কোনাে বৈধ ভাৰতীয়ৰ নাম যাতেচূড়ান্তনাগৰিকপঞ্জীতবাদ নপৰে সেইটো নিশ্চিত কৰাৰ বাবে আমাৰ চৰকাৰ সংকল্পবদ্ধ। তদুপৰি এই নাগৰিকপঞ্জীত যাতে কোনাে বিদেশীৰ নাম অন্তর্ভুক্ত নহয়, সেই ক্ষেত্ৰতাে চোকা দৃষ্টি ৰখা হ’ব।
আমাৰ চৰকাৰেশাসনভাৰ লােৱাৰ পিছৰে পৰা দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলনীতি গ্রহণ কৰিছে যাতে চৰকাৰী পৰিকাঠামােৰ পৰা দুর্নীতি সম্পূৰ্ণৰূপে নির্মূল কৰি জনসাধাৰণৰ আশা আৰু প্রত্যাশা পূৰণ কৰিব পৰা যায়। আমাৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা আপােচবিহীন নীতিৰ ফলশ্ৰুতিত বিভিন্ন বিভাগৰ দুর্নীতি উন্মােচিত হৈছে আৰু এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্রহণ কৰা হৈছে। অসম লােকসেৱা আয়ােগত সংঘটিত দুর্নীতিৰ অভিযােগত অপসাৰিত অধ্যক্ষ আৰু সদস্যকে ধৰি ৫২ গৰাকী বিষয়াক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে।
ৰাজ্য খনত বিগত দুবছৰে দুর্নীতি বহুলাংশে হ্রাস পােৱাৰ লগতে প্রশাসন ব্যৱস্থাটোৰ প্রতি ৰাইজৰ আস্থা ঘূৰি আহিবলৈ ধৰাটো পৰিলক্ষিত হৈছে। আমাৰ চৰকাৰে প্রশাসন ব্যৱস্থাটো স্বচ্ছ, সংবেদনশীল, দায়বদ্ধ আৰু দুর্নীতিমুক্ত কৰি তুলিবলৈ একাধিক পদক্ষেপ গ্রহণ কৰিছে।
সম্পূর্ণ নিকা আৰু স্বচ্ছতাৰে নিযুক্তি প্রক্রিয়া সম্পাদন কৰি আমাৰ চৰকাৰে শাসনভাৰ লােৱাৰ সময়ৰে পৰা বৰ্তমানলৈ কেৱল যােগ্যতাৰ ভিত্তিত ৪৫ হাজাৰৰাে অধিক লােকক স্থায়ী আৰু ঠিকাভিত্তিত শিক্ষা, গৃহ, স্বাস্থ্য, বন, কর্মচাৰী, অসম সচিবালয়কে ধৰি বিভিন্ন চৰকাৰী বিভাগত নিযুক্তি প্রদান কৰিছে।
ৰাজ্যখনৰ জনসাধাৰণৰ অধিকাৰ আৰু স্বার্থ সুৰক্ষাৰ বাবে আমাৰ চৰকাৰে গ্ৰহণ কৰা সক্রিয় পদক্ষেপৰ ফলশ্ৰুতিত অসম চুক্তিৰ বিভিন্ন দফা ফলপ্রসূ তথা সময় সাপেক্ষ ভাৱে ৰূপায়ণৰ দিশত আগবাঢ়িছে। ভাৰত চৰকাৰে অগ্রাধিকাৰ ভিত্তিত ভাৰত বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰিছে তথা সীমান্তৰ নদী অংশৰে অনুপ্রৱেশ ৰােধৰ বাবে উন্নত প্রযুক্তিবিদ্যাৰ ব্যৱহাৰৰে এক নতুন প্রকল্প ৰূপায়ন কৰি আছে। শীঘ্ৰে ভাৰত বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ কাম সম্পন্ন হৈ উঠিব বুলি আমি আশা কৰিছাে। | ৰাজ্যখনৰ খিলঞ্জীয়া প্ৰতিটো জাতি-জনগােষ্ঠী, সম্প্রদায়ৰ স্বাৰ্থ সুৰক্ষিতকৰণৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ ভূমিৰ অধিকাৰ সুৰক্ষিতকৰণৰ দিশত পৰামৰ্শ আগবঢ়োৱাৰ বাবে আমি হৰিশংকৰ ব্ৰহ্মৰ অধ্যক্ষতাত এখন উচ্চ পর্যায়ৰ কমিটী গঠন কৰিছিলাে।
ইতিমধ্যে এই কমিটীয়ে ভূমি আইন সংস্কাৰ, চৰকাৰী ভূমি নীতি সংক্রান্তত দাখিল কৰা পৰামৰ্শাৱলীৰ ভিত্তিত এক নতুন ভূমি নীতি প্রস্তুত কৰি থকা হৈছে আৰু অচিৰেই এই ভূমি নীতি কার্যকৰীকৰণৰ ব্যৱস্থা লােৱা হ'ব।
আমি বিশ্বাস কৰাে যে এই নতুন ভূমি নীতিয়ে খিলঞ্জীয়া ৰাইজৰ মাটি, ভেটিৰ অধিকাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিবলৈ সক্ষম হব। সন্ত্রাসবাদৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্রহণ কৰাৰ পৰিপ্ৰেক্ষিত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি উল্লেখনীয়ভাৱে উন্নত হৈছে। স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ দৰে গুৰুত্বপূর্ণ কাৰ্যসূচীসমূহত ৰাইজৰ বিপুল উছাহ আৰু সক্রিয় অংশ গ্রহণে এই কথা প্রতীয়মান কৰে। বিগত দুবছৰে আমাৰ চৰকাৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰাৰ দৰে চলিত বৰ্ষটো তিনিদিনীয়া কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে।
ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি উন্নত হােৱাৰ দিশত ৰাজ্যৰ আৰক্ষীয়ে আগবঢ়োৱা অবদানৰ কথাও আমি উল্লেখ কৰিব লাগিব। এই খিনিতে আমি সন্ত্রাসবাদীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি আত্মবলিদান দিয়া আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ প্রতি গভীৰ শ্রদ্ধা নিবেদন কৰিছাে।
অসমৰ নৈসর্গিক প্রাকৃতিক শােভা আৰু বিশুদ্ধ জলবায়ু ৰাজ্যখনৰ অন্যতম গুরুত্বপূর্ণ সম্পদ। সেয়েহে অসমখন প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবৰ বাবে আমাৰ চৰকাৰে ১০ কোটি গছপুলি ৰােপণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি ৪ কোটি ৫০ লাখ গছপুলি ইতিমধ্যে ৰােপণ কৰিছে।


আনহাতে ৰাইজৰ মাজত এই পদক্ষেপক অধিক জনপ্রিয় কৰি তােলাৰ মানসেৰে বিশিষ্ট পৰিৱেশকর্মী যাদৱ পায়েং, আনন্দ খাটনিয়াৰ আৰু চন্দ্রকান্ত বসুমতাৰীক পৰিৱেশ সংৰক্ষণৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে মনােনীত কৰা হৈছে। এইখিনিতে বজালী নগৰক ‘নীম নগৰী’ হিচাপে গঢ়ি তুলিবলৈ অঞ্চলটোৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ লগতে আনন্দ খাটনিয়াৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ আমি শলাগ লৈছাে।
সেইদৰে ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল মুক্ত কৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছে। আমাৰ চৰকাৰে গঁড়কে ধৰি অন্যান্য বন্যপ্রাণী সমূহৰ চোৰাং চিকাৰ প্রতিহত কৰাৰ বাবে গ্ৰহণ কৰা সর্বাত্মক প্রচেষ্টাৰ ফলত গঁড়ৰ চোৰাং চিকাৰ উল্লেখনীয়ভাৱে হ্রাস হৈছে। তদুপৰি নতুনকৈ বিভিন্ন পর্যায়ৰ বন বিষয়া আৰু কর্মী নিযুক্তি দিয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকলক অত্যাধুনিক মাৰণাস্ত্র প্রদান কৰা হৈছে। বিগত দুবছৰত ১৭০ গৰাকী চোৰাং চিকাৰীক আটক কৰা হৈছে আৰু আটকাধীন চোৰাং চিকাৰীৰ বিচাৰ প্রক্রিয়া ত্বৰান্বিত কৰাৰ বাবে ১০ খন ফাষ্ট ট্রেক কর্ট স্থাপন কৰা হৈছে। বানপানীৰ সময়ছােৱাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্রাণী সমূহে যাতে সুৰক্ষিত স্থানত অৱস্থান কৰিব পাৰে তাৰ বাবে উদ্যানখনত ৩৩ টা হাই লেগু নির্মাণ কৰা হৈছে।
মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী ডাঙৰীয়াই উত্তৰ-পূর্বাঞ্চলক ‘অষ্টলক্ষ্মী’ আৰু নতুন ভাৰতৰ বিকাশৰ ইঞ্জিন’ হিচাপে অভিহিত কৰিছে। কেন্দ্রীয় চৰকাৰে প্রণয়ন কৰা ‘এক্ট ইষ্টপলিচি’ৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নে নতুন গতি লাভ কৰিছে। মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ অনুপ্ৰেৰণা আৰু আদৰ্শক সাৰথি হিচাপে লৈ আমাৰ চৰকাৰে ৰাজ্যখনৰ ঔদ্যোগিক উন্নয়নক নতুন গতি প্রদান কৰি বিনিয়ােজনৰ উত্তম স্থান হিচাপে গঢ়ি তােলাৰ বাবে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসমত প্রথমবাৰৰ বাবে সফলতাৰে “বিশ্ব বিনিয়ােগ সন্মিলন” আয়ােজন কৰিলে।
মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী ডাঙৰীয়া উপস্থিত থকা এই সন্মিলনতে বিনিয়ােগকাৰী সকলে প্রায় ৭৯,০০০ কোটি টকাৰ বিনিয়ােগৰ প্রতিশ্রুতিৰে ৰাজ্য চৰকাৰৰ সৈতে ২৬৪ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। আমাৰ চৰকাৰৰ ফলপ্রসূ পদক্ষেপৰ বাবে বিগত পাঁচ মাহত টাটা ট্রাষ্ট, ব্রিটেনিয়া,ইমামী, ফিউচাৰ গ্রুপ আদিকে ধৰি বিভিন্ন ঔদ্যোগিক প্রতিষ্ঠানে ২৫০০ কোটিৰাে অধিক টকা ৰাজ্যখনৰ উদ্যোগ খণ্ডত বিনিয়ােগ কৰিছে। আনহাতে ৰাজ্যখনত তথ্য-প্রযুক্তিৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি হায়দৰাবাদৰ জে.এন.জে.পাৱাৰকম চিষ্টেম লিমিটেড আৰু কলকাতাৰ চিম’কো টেলিকমিউনিকেশ্যন প্রাইভেট লিমিটেডে ইলেক্ট্রনিকছ সা-সামগ্রী প্রস্তুত কৰা উদ্যোগৰ আধাৰশিলা গুৱাহাটী টেক্ চিটিত স্থাপন কৰিছে।
শ্রদ্ধেয় ৰাইজ,
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ সহযােগিতাৰ ফলত অসমত ৰেল পথৰ দ্বৈতকৰণ তথা বৈদ্যুতিকৰণ, অসামৰিক বিমান পৰিবহনৰ ক্ষেত্ৰত ‘উড়ান’আঁচনি ৰূপায়ন, ত্রিদেশীয় এছিয়ান হাইৱে নির্মাণ,ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ খনন, বাংলাদেশৰ কক্স বজাৰৰ পৰা হাই স্পীড ইণ্টাৰনেট ডাটা সৰবৰাহৰ দৰে যুগান্তকাৰী পদক্ষেপে নতুন গতি লাভ কৰিছে।
তদুপৰি, বৰঝাৰ বিমান বন্দৰত নতুন টার্মিনেল নির্মাণ কাৰ্যৰ প্ৰাৰম্ভণ, নুমলীগড় হৈ গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ ১৫০০ কিঃমিঃ গেছ পাইপ লাইন সংস্থাপনৰ দৰে গুৰুত্বপূর্ণ পদক্ষেপ সম্ভৱ হৈছে। সেইদৰে‘এক্টইষ্ট পলিচিৰসফল ৰূপায়নৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পাৰস্পৰিক আৰুবাণিজ্যিক যােগাযােগ দক্ষিণ-পূর্ব এছিয়াৰ দেশ সমূহৰ লগতে বিবিএন দেশসমূহৰ সৈতে উল্লেখনীয় ভাৱে বৃদ্ধি পাইছে।
ভূটান আৰু বাংলাদেশ চৰকাৰেইতিমধ্যে গুৱাহাটীত বাণিজ্যিক দূতাবাস মুকলি কৰিছে। তদুপৰি অহা ১ চেপ্টেম্বৰৰ পৰা ভূটানৰ দ্রুক এয়াৰৱেজে পাৰৰ পৰা গুৱাহাটী হৈছিংগাপুৰলৈ বিমান সেৱা আৰম্ভ কৰিব।
আমাৰ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ সর্বাঙ্গীন বিকাশৰ বাবে নিষ্ঠা আৰু দায়বদ্ধতাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা বিভিন্ন আঁচনি ৰূপায়নত মনােনিৱেশ কৰিছে।
স্বচ্ছ ভাৰত অভিযান’ (গ্রামীণ) ৰ অধীনত প্রায় ২৫ লাখ গ্রাম্য পৰিয়ালত পকী শৌচালয় নির্মাণ কৰা হৈছে। ইতিমধ্যে ১২ খন জিলা আৰু ১৩,৯৯২ খন গাঁৱক মুকলি ঠাইত মল ত্যাগ মুক্ত অঞ্চল হিচাপে ঘােষণা কৰা হৈছে। পূর্বৰ চৰকাৰৰ দিনত অসম্পূর্ণ হৈ থকা ৩ লাখতকৈ অধিক আই এ ৱাই গৃহ সম্পূর্ণ কৰাৰ লগতে প্রধানমন্ত্রী আৱাস যােজনাৰ অধীনত সৰ্বমুঠ ১ লাখ ৯৮ হাজাৰ গৃহ নির্মাণৰ কাম চলি আছে।।
কেন্দ্রীয় আৰুৰাজ্য চৰকাৰৰ বৈদ্যুতিকৰণ আঁচনিৰ অধীনত ইতিমধ্যে ৰাজ্যখনৰ বিদ্যুৎ সংযােগেৰে সামৰি নােলােৱা সকলােবােৰ গাঁৱত বৈদ্যুতিকৰণৰ ব্যৱস্থা কৰা হৈছে। সৌভাগ্য’আঁচনিৰ অধীনত প্ৰতিটো গৃহত বিনামূলীয়া বিদ্যুৎ সংযােগ প্রদান কৰাৰ কামাে চলি আছে। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনিৰ অধীনত বিগত দুবছৰত ৰাজ্যখনত ৩২ লাখ ৫২ হাজাৰ পৰিয়ালক কর্মসংস্থাপন প্রদান কৰা হৈছে।
ৰাষ্ট্ৰীয় সামাজিক সহযােগিতা আঁচনিৰ জৰিয়তে বার্ষিক ৭ লাখ ৮৩ হাজাৰ ব্যক্তিলৈ মাহিলি বৃদ্ধ পেঞ্চন আৰু ১ লাখ ১৮ হাজাৰ বিধৱা মহিলাক মাহিলি পেঞ্চন প্রদান কৰি অহা হৈছে। প্রধানমন্ত্রী উজ্জ্বলা আঁচনিৰ অধীনত ইতিমধ্যে প্রায় ১৯ লাখ পৰিয়াললৈ বিনামূলীয়া ৰন্ধন গেছৰ সংযােগ প্রদান কৰা হৈছে।
গ্রামাঞ্চলৰ যাতায়ত ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে বিগত দুবছৰত ‘প্রধানমন্ত্রী গ্রাম চড়ক যােজনা’ৰ অধীনত মুঠ ৯৮৪৩ কিলােমিটাৰ পথ নির্মাণৰ অনুমােদন দিয়া হৈছে। তদুপৰি আমাৰ চৰকাৰে গ্রামাঞ্চলত এহেজাৰ খন কাঠৰ দলং পকী দলঙলৈ উন্নীত কৰাৰ লক্ষ্য স্থিৰ কৰি ২০০ খন দলঙৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। আনহাতে ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত পর্যাপ্ত গুৰুত্ব প্রদান কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দৈর্ঘ বৰ্তমানৰ ৩৮০০ কিলােমিটাৰৰ পৰা ৭০০০ কিলােমিটাৰলৈ সম্প্ৰসাৰণ কৰা হৈছে।
তদুপৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ ১৮৪৬ কিলােমিটাৰ ৰাজ্যিক পথক নীতিগত ভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰূপে ঘােষণা কৰিছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজৰ যাতায়ত ব্যৱস্থা অধিক সুচল কৰাৰ মানসৰেবগীবিল আৰুকলীয়াভােমােৰাত দুখন দলং নিৰ্মাণৰ কাম চলি আছে।ইয়াৰ উপৰি গহপুৰ,নুমলীগড়, ধুবুৰী-ফুলবাৰী, দিচাংমুখ-টেকেলিফুটা, কমলাবাৰী-নিমাতিঘাট আৰু পানবজাৰ-উত্তৰ গুৱাহাটী সংযােগী দলঙৰ নিৰ্মাণৰৰ প্ৰাৰম্ভিক ব্যৱস্থা হাতত লােৱা হৈছে। আনহাতে নদীদ্বীপ মাজুলীৰ ৰাইজৰ যাতায়ত ব্যৱস্থা সূচল কৰি তােলাৰ মানসেৰে ইতিমধ্যে চাৰিখন নতুন ফেৰীৰ সেৱা আৰম্ভ কৰা হৈছে। সেইদৰে ব্ৰহ্মপুত্ৰৰ বুকুত এখন নতুন ৰ'ৰ জাহাজৰ সেৱাও মুকলি কৰা হৈছে।
শ্ৰদ্ধাৰ ৰাইজ,
আমাৰ চৰকাৰে কৃষি আৰু ইয়াৰ আনুসংগিক খণ্ড সমূহৰ উত্তৰণৰ জৰিয়তে গ্রাম্য অর্থনীতি সৱল কৰিবলৈ প্ৰয়াস কৰিছে। এই উদ্দেশ্য আগত ৰাখি ৩০,০০০ কোটি টকা ব্যয়েৰে কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে “মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যােজনা” নামৰ অভিলাষী আঁচনিৰ অধীনত কেইবালানি পদক্ষেপ গ্রহণ কৰা হৈছে। এই আঁচনিৰ অধীনত ৰাজ্যৰ ২৫,৪২৫ খন গাঁৱৰ প্রত্যেকখনতে একোটা কৃষক গােটলৈ ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণৰ প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে। তদুপৰি কৃষকক মাটিৰ গুণাগুণ সম্পর্কে বিতং তথ্য প্রদানৰ লক্ষ্যৰে ৰাজ্যখনত ইতিমধ্যে প্রায় ১৪ লাখ ছয়েল হেলথ কার্ড’ বিতৰণ কৰা হৈছে। কৃষিখণ্ডৰ উত্তৰণৰ বাবে আমাৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত বিগত বৰ্ষত ৰাজ্যত ৮০ লাখ মেট্রিক টন ধান উৎপন্ন হৈছে। তেনেদৰে মাছৰ উৎপাদনাে পূর্বৰ বছৰৰ তুলনাত যােৱা বছৰত ২০ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি পাইছে।
ৰাজ্যৰ কৃষক সকলক উন্নত আৰু বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে আমাৰ চৰকাৰে বিগত মে’ মাহত ৰাজ্যৰ ১৫ গৰাকী প্রগতিশীল কৃষকৰ এটা দল ভিয়েটনামলৈ প্ৰেৰণ কৰাৰ দৰে পদক্ষেপ গ্রহণ কৰিছে। তদুপৰি প্রগতিশীল মীন পালক সকলৰ বাবেও এনে ধৰণৰ পদক্ষেপ চৰকাৰে অনাগত দিনত গ্ৰহণ কৰিব।
মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী ডাঙৰীয়াই ধানকে ধৰি খাৰিফ শস্যৰ ন্যূনতম সমর্থন মূল্য ৫০ শতাংশতকৈও অধিক বৃদ্ধিৰ যি পদক্ষেপ গ্রহণ কৰিলে তাৰ ফলত দেশৰ লগতে ৰাজ্যৰ কৃষক সমাজো যথেষ্ট উপকৃত হৈছে। আমি মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াক ইয়াৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছাে।
শ্রদ্ধেয় ৰাইজ,
অসমীয়া নাৰী ত্যাগ, কষ্ট সহিষ্ণুতা আৰু শৈল্পিক সত্বাৰ প্রতীক। অসমীয়া নাৰীৰ শক্তি আৰু সামর্থ দৌৰবিদ হিমা দাসে বিশ্ব ২০ বছৰ অনুৰ্ধ এথলেটিকছ প্রতিযােগিতাত প্রথম ভাৰতীয় হিচাপে স্বর্ণ জয় কৰি প্ৰমাণ কৰি দেখুৱাইছে। সেইদৰে অংকুশিতা বড়ােৱে বিশ্ব যুৱ মহিলা বক্সিং প্রতিযােগিতাত স্বর্ণ পদক জয় কৰি জাতীয় স্বাভিমান উজ্জ্বীৱিত কৰিছে। ইয়াৰ উপৰি চলচ্চিত্র নির্মাতা ৰিমা দাসেও ‘ভিলেজ ৰকষ্টাচ্ছ’ৰ দৰে বিশ্ব মানৰ ছবি নির্মাণ কৰি সফলতাৰে আয়ােজন কৰিছে।


মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ উক্তি “খেলগে ত’খিল’গে”বাণীৰে অনুপ্রাণিত হৈ আমাৰ চৰকাৰে ৰাজ্যখনক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে গ্ৰহণ কৰা সক্রিয় পদক্ষেপৰ ফলশ্ৰুতিত ইতিমধ্যে ৰাজ্যত কেইবাখনাে আন্তর্জাতিক পর্যায়ৰ ক্রীড়া প্রতিযােগিতা অনুষ্ঠিত হৈছে।
ইয়াৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় বেডমিন্টন প্রতিযােগিতা, ১৭ বছৰ অনুৰ্ধ ফিফা বিশ্ব কাপ ফুটবল প্রতিযােগিতা, আইবা যুৱ মহিলা বক্সিং প্রতিযােগিতা, আন্তঃৰাষ্ট্ৰীয় ক্রিকেট প্রতিযােগিতা আৰু ৰাষ্ট্ৰীয় চিনিয়ৰ এথলেটিকছু চেম্পিয়নশ্বিপ আদি উল্লেখযােগ্য। এই প্রতিযােগিতা সমূহে গুৱাহাটীক দেশৰ ক্রীড়া ৰাজধানী হিচাপে গঢ়ি তােলাৰ বাবে ৰাজ্য চৰকাৰে লােৱা লক্ষ্য বাস্তৱায়িত হােৱাত বিশেষভাৱে সহায় কৰিব।
আমাৰ চৰকাৰে গাঁও অঞ্চলৰ ক্ৰীড়া আন্তঃগাঁথনি সৱলীকৰণ কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যােজনা’ৰ অধীনত ৫০০ খন খেলপথাৰ উন্নীতকৰণৰ কাম হাতত লৈছে। সেইদৰে উত্তৰণ আঁচনিৰ অধীনত ৩২ খন ক্রীড়া আন্তঃগাঁথনিৰাজ্যৰ বিভিন্ন ঠাইত নির্মাণ কৰা হ'ব। তদুপৰি ৰাজ্যত প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ পর্যায়ত ফুটবল প্রতিযােগিতাৰ আয়ােজন কৰা হ'ব।।
সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটীআন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল আয়ােজন কৰিছে। সেইদৰে ৰাজ্যিক চলচ্চিত্র বঁটা পুনৰ প্ৰৱৰ্তন কৰা হৈছে। থলুৱা কথাছবিৰ প্ৰদৰ্শনত সহায়ক হােৱাকৈ ৰাজ্যত মিনি চিনেমা হল নির্মাণৰ উপৰি পুৰণি চিনেমা হল পুনৰ মুকলি কৰাৰ বাবে আমাৰ চৰকাৰে বিশেষ আর্থিক সাহায্য প্রদানৰ ব্যৱস্থা কৰিছে।
আমাৰ চৰকাৰে শীঘ্ৰে ৰাজ্যৰ চলচ্চিত্র উদ্যোগৰ বাবে এক নীতি প্রস্তুত কৰাৰ পৰিকল্পনা কৰিছে।
চাহ জনজাতিৰ লােকসকলৰ আর্থ-সামাজিক উন্নয়ন আৰু কল্যাণৰ ওপৰত আমাৰ চৰকাৰে যথেষ্ট গুরুত্ব প্রদান কৰিছে। ৰাজ্য চৰকাৰৰ আহ্বানৰ প্রতি সঁহাৰি জনাই বিমুদ্ৰাকৰণৰ পিছত বেংক একাউন্ট যােগে মজুৰি গ্ৰহণ কৰা ৭ লাখৰাে অধিক চাহ বাগিছা কৰ্মীক ‘চাহ বাগিছা ধন পুৰস্কাৰ মেলা’ৰ জৰিয়তে বেংক একাউন্টত ২৫০০ টকাকৈ প্ৰদান কৰা হৈছে। চাহ জনগােষ্ঠী ৰাইজৰ চিকিৎসা সেৱাৰ বাবে ৮০ খন মােবাইল মেডিকেল ইউনিটৰ সেৱা আৰম্ভ কৰাৰ উপৰি চাহ বাগিছা সমূহত ‘প্লেন্টেশ্যন লেবাৰ এক্ট’ কার্যকৰীকৰণ, চাহ বাগিছাৰ গৰ্ভৱতী মহিলাৰ পৰিপুষ্টিৰ বাবে গৰ্ভৱতী মহিলাক ১২ হাজাৰ টকাকৈ এককালীন সাহায্য, ১০০ খন চাহ বাগিচাত একোখনকৈ হাইস্কুল নির্মাণ কৰা, ২০ হাজাৰ লাইন চৰ্দাৰক স্মার্ট ফোন প্রদান, চাহ বাগিছাৰ পথ সমূহ পেভাৰ ব্লকৰে নিৰ্মাণৰ দৰে পদক্ষেপপা আমাৰ চৰকাৰে গ্রহণ কৰিছে। ইয়াৰ উপৰি ৰাজ্যখনৰ সংস্কৃতি আৰু অর্থনীতিলৈ চাহ জনগােষ্ঠীটোয়ে আগবঢ়োৱা অনৱদ্য অৱদানৰ স্বীকৃতি স্বৰূপে আমাৰ চৰকাৰেমহান শ্রমিক নেতা সন্তোষ কুমাৰ তপ্ন’ৰ জন্ম দিনটো বিগত বৰ্ষৰ পৰা শ্রমিক কল্যাণ দিৱস হিচাপে উদযাপন কৰিছে।
ৰাজ্যখনৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ আর্থ-সামাজিক আৰু শৈক্ষিক বিকাশৰ বাবে আমাৰ চৰকাৰে বিগত বৰ্ষত ১ লাখ ২৩ হাজাৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক প্রি-মেট্রিক আৰু পষ্ট মেট্রিক স্কলাৰশ্বিপ প্রদান কৰিছে।
ৰাজ্যখনৰ সর্বাঙ্গীন বিকাশৰ লক্ষ্যৰে আমাৰ চৰকাৰে পার্বত্য জিলা তিনিখনৰ উপৰি বিটিএডি তথা বৰাক উপত্যকাৰ উন্নয়নত বিশেষ গুৰুত্ব আৰােপ কৰিছে। ডিফুত আৰু কোকৰাঝাৰত চিকিৎসা মহাবিদ্যালয়, ডিমা হাচাওৰ ওমৰাঙচুত অসামৰিক সেৱা প্রশিক্ষণ একাডেমি, ৰূপসী বিমানকোঠ মুকলি আদি এই পদক্ষেপ সমূহৰ ভিতৰত অন্যতম। আনহাতে বৰাক উপত্যকাত মিনি সচিবালয় নির্মাণৰ বাবে আমাৰ চৰকাৰে ইতিমধ্যে নীতিগত সিদ্ধান্ত গ্রহণ কৰি প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে। ইয়াৰ উপৰি কৰিমগঞ্জত এখন চিকিৎসা মহাবিদ্যালয় নির্মাণ আৰু শিলচৰত স্বামী বিবেকানন্দ আন্তঃৰাষ্ট্ৰীয় গৱেষণা কেন্দ্র নির্মাণৰ সিদ্ধান্ত আমাৰ চৰকাৰে গ্ৰহণ কৰিছে।
বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বাবে ৰাজ্যখনৰ স্বায়ত্ত শাসিত পৰিষদকে ধৰি খিলঞ্জীয়া জনগােষ্ঠীৰ উন্নয়ন পৰিষদ সমূহলৈও পুঁজি আৱণ্টন দিয়া হৈছে।
ৰাজ্যখনৰ ধর্মীয় আৰু ভাষিক সংখ্যালঘু সকলৰ আর্থ-সামাজিক সৱলীকৰণৰ বাবে সংখ্যালঘু অধ্যুষিত ২০ খন জিলাত ২১ খন মডেল আৱাসিক বিদ্যালয় নিৰ্মাণৰ পদক্ষেপ লােৱা হৈছে।
সেইদৰে ৰাজ্যৰ ২ লাখ ৫০ হাজাৰতকৈ অধিক সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক বিগত বৰ্ষত প্রি-মেট্ৰিক আৰু পষ্ট মেট্রিক স্কলাৰশ্বিপ প্রদান কৰা হৈছেতথা সংখ্যালঘু এলেকাত ৯ খন কন্যা মহাবিদ্যালয় প্রতিষ্ঠাৰ কথা আমাৰ চৰকাৰে ঘােষণা কৰিছে।
আমাৰ চৰকাৰে চহৰ সমূহৰ উন্নয়ন আৰু বিকাশৰ উদ্দেশ্যৰে অমৰূত’আঁচনিৰ জৰিয়তে গুৱাহাটী, নগাঁও, ডিব্ৰুগড় আৰু শিলচৰ চহৰত ১৬ খন আঁচনি ৰূপায়ন কৰিছে। চহৰ অঞ্চলত “স্বচ্ছ ভাৰত অভিযান”ৰ অধীনত ৬৮ হাজাৰ পৰিয়ালৰ বাবে বিনামূলীয়াকৈ শৌচাগাৰ নিৰ্মাণৰ পদক্ষেপ গ্রহণ কৰি আমাৰ চৰকাৰে ইতিমধ্যে ৰাজ্যৰ ৯৭ খন চহৰৰ ভিতৰত ৬৩ খন চহৰ মুকলিত মলত্যাগ মুক্ত চহৰ হিচাপে ঘােষণা কৰিছে। গুৱাহাটী মহানগৰীৰ সর্বাঙ্গীন উন্নয়নৰ বাবে আমাৰ চৰকাৰে কেইবালানিও পদক্ষেপ গ্রহণ কৰিছে।
আজিৰ এই পৱিত্ৰ মুহূৰ্তত ৰাজ্যবাসীক আমি জনাব বিচাৰাে যে আমাৰ চৰকাৰে চলিত বৰ্ষৰ ২ অক্টোবৰৰ পৰা বর্ষজোৰা কাৰ্যসূচীৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উদযাপনৰ প্রস্তুতি চলাইছে।


শ্রদ্ধেয় ৰাইজ,
ৰাজ্যখনত বিগত সময়ছােৱাত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ কৱলত পৰি বহু লােকে প্রাণ হেৰুৱাব লগীয়া হৈছে। আমাৰ চৰকাৰে বিজ্ঞান মানসিকতাৰ প্ৰসাৰ ঘটাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ আঁতৰ কৰাৰ বাবে সংস্কাৰ - মানুহে মানুহৰ বাবে’ নামৰ এখন আঁচনি ৰাজ্যখনত ৰূপায়ন কৰিছে।
আমি এই কথা উল্লেখ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছাে যে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ বহু ব্যক্তিয়ে আর্ত জনৰ সেৱাৰ বাবে দিনে-নিশাই মানৱ দৰদী কাম-কাজত ব্ৰতী হৈ আছে। বহু জনে দেশ আৰু জাতিৰ স্বাৰ্থত প্রাণ আহুতি দিছে। এই শুভ মুহূর্তত আজিৰ পৰা কেই পষেকমানৰ আগতে মাজুলীৰ পৰা যােৰহাটলৈ ফেৰীৰে যাত্ৰা কৰাৰ সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিবলৈ ধৰা কেইবাগৰাকী যাত্ৰীক নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰক্ষা কৰা জলপৰী ফেৰীৰ নাৱৰীয়া সকলৰ অদম্য সাহসৰ আমি শলাগ লৈছাে। এনে ধৰণৰ কাম-কাজে ৰাজ্যবাসীক মানুহে মানুহৰ বাবে’ ধ্যান-ধাৰণাৰে আগুৱাই যাবলৈ অনুপ্রাণিত কৰিব।
আমাৰ চৰকাৰে ৰাজ্যখনৰ সকলাে জনসাধাৰণৰ সম-উন্নয়নৰ বাবে নিৰন্তৰ প্রয়াস অব্যাহত ৰাখিছে। সমাজৰ সকলাে শ্ৰেণীৰ লােকৰ সৈতে মত-বিনিময় কৰি আমি তেখেত সকলৰ মতামত জানিবলৈ প্রয়াস কৰিছাে যাতে ৰাজ্যৰ উন্নয়নমুখী যাত্ৰাৰ তেখেতসকল সক্রিয় সমভাগী হ'ব পাৰে।
বিভিন্ন জাতি-জনগােষ্ঠীৰ সমন্বয়ৰে গঢ় লৈ উঠিছে বৃহত্তৰ অসমীয়া জাতি। বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ এই জাতি-জনগােষ্ঠী সমূহে আসমীয়া জাতিটোক প্রদান কৰিছে সুকীয়া পৰিচয়। আমাৰ চৰকাৰে জাতিটোৰ সমৃদ্ধিশালী কৃষ্টি তথা স্বকীয়তা সংৰক্ষণ কৰাৰ উদ্দেশ্যে শদিয়াত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে এখন সমন্বয় ক্ষেত্র স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে।
এই সমন্বয় ক্ষেত্ৰত সকলাে জাতি-জনগােষ্ঠীৰ কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, লােকাচাৰ আদি প্রতিফলিত কৰাৰ প্রচেষ্টা হাতত লােৱা হৈছে। আমি ৰাজ্যবাসীক পুনৰবাৰ জনাব বিচাৰিছাে যে অসমৰ জনসাধাৰণৰ স্বাভিমান আৰু স্বার্থ সুৰক্ষাৰ বাবে আমাৰ চৰকাৰ প্রতিশ্রুতিবদ্ধ। অনাগত দিনসমূহত আমাৰ ৰাজ্যখন ভাৰতবৰ্ষৰ ভিতৰত এখন অন্যতম শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আমাৰ চৰকাৰে সর্বতােপ্ৰকাৰৰ প্রচেষ্টা চলাই যাব।
আমি আশাবাদী যে গণতন্ত্রৰ চাৰিটা স্তম্ভ ক্রমে বিধায়িনী, ন্যায়পালিকা, কাৰ্যপালিকা আৰু সংবাদ মাধ্যমৰ যৌথ সহযােগিতাৰ লগতে ৰাজ্যখনৰ সর্বস্তৰৰ জনসাধাৰণৰ সক্রিয় সহযােগ আৰু সমর্থনেৰে অসমখন নতুন দিশেৰে আগুৱাই নিবলৈ সক্ষম হ'ম।
জয় আই অসম।।
জয় হিন্দ।। ভাৰত মাতা কি জয়।।

No comments:

Post a Comment

SPONSORED