হাউলী : বৰপেটা জিলাৰ হাউলীত এগৰাকী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কিশোৰীগৰাকীৰ নাম উজাবি৷ ধুবুৰীৰ পাটাকাটা গাঁৱত ঘৰ কিশোৰীগৰাকীৰ৷ সোণা উল্লাহৰ কন্যা মৃত উজাবিয়ে বিগত এবছৰ ধৰি হাউলী চহৰৰ ডাঃ চুৰুত জামান আৰু ডাঃ আঞ্জুমনআৰা বেগমৰ ঘৰত বনকৰা কিশোৰী হিচাপে আছিল৷ আজি পৰিয়ালটোৰ চিকিৎসক দম্পতীটো ঘৰত নথকা সময়ত চীপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো৷
হাউলী চহৰৰ ৪ নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা৷ প্ৰথম মহলাৰ এটা কোঠাত চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ৷ কোঠাটোৰ খিড়িকীত দোপাত্তাৰে চীপ লোৱা মৃতদেহটোৰ ভৰি মজিয়াত লাগি আছিল৷ বিগত এবছৰ কাল বনকৰা কিশোৰী হিচাপে আছিল পৰিয়ালটোত৷
ঘটনাস্থলীত হাউলী থানাৰ আৰক্ষীৰ লগতে বৰপেটাৰ দণ্ডাধীশ উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰিছে৷
No comments:
Post a Comment