জীৱন যুদ্ধত পৰাজয় ৰাজনীতিত পৰাজয়ৰ মুখ নেদেখা বৰ্ষীয়ান ৰাজনীতিবিদ এম কৰুণানিধি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, August 07, 2018

জীৱন যুদ্ধত পৰাজয় ৰাজনীতিত পৰাজয়ৰ মুখ নেদেখা বৰ্ষীয়ান ৰাজনীতিবিদ এম কৰুণানিধি


তামিলনাডু : দেশৰ বৰ্ষীয়ান ৰাজনীতিবিদ এম কৰুণানিধি আৰু নাই। মঙলবাৰে কাবেৰী হাস্পতালত ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী নেতাই। দ্ৰাবিড়সকলৰ আত্ম মৰ্যদা ৰক্ষা আন্দোলনৰ এইগৰাকী প্ৰধান নেতাৰ সম্পূৰ্ণ নাম আছিল মুথুবেল কৰুণানিধি। ১৯২৪ চনৰ ৩ জুনত তামিলনাডুত জন্ম হৈছিল ডি এম কেক দীৰ্ঘদিন ধৰি নেতৃত্ব দিয়া ৰাজনীতিবিদগৰাকীৰ। ১৯৬৯চনৰ পৰা ২০১১ চনলৈ কৰুণানিধি ৫ বাৰকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈছিল।
ৰাজনীতিত প্ৰবেশ কৰাৰ পূৰ্বে তেওঁ ছবি জগতৰ সৈতে জড়িত আছিল। তেওঁ আছিল বহুকেইখন জনপ্ৰিয় চিনেমাৰ চিত্ৰনাট্য লেখক। তামিল সাহিত্যলৈও যথেষ্ট বৰঙণি আগবঢ়োৱা কৰুণানিধিৰ গল্প, নাটক, আত্মলেখা, উপন্যাসৰ আজিও আছে বহু পাঠক। বুদ্ধিমত্তা আৰু মানুহক সন্মোহন কৰিব পৰা ভাষণ দিব পৰা বাবেই তেওঁ ৰাজনীতি ক্ষেত্ৰত সহজতে প্ৰতিষ্ঠা লাভ কৰিছিল।
জাষ্টিছ দলৰ নেতা অলগিৰিস্বামীৰ ভাষণত প্ৰেৰিত হৈ তেওঁ ১৪ বছৰ বয়সতে হিন্দী বিৰোধী আন্দোলনত জপিয়াই পৰিছিল। ১৯৫৭ চনত কৰুণানিধি তিৰুচিৰাপল্লী জিলাৰ কুলিথালাই সমষ্টিৰ পৰা প্ৰথম তামিলনাডু বিধানসভালৈ নিৰ্বাচিত হৈছিল। তাৰ পিছত আৰু কোনোদিনেই পৰাজয়ৰ মুখ দেখা নাছিল এইগৰাকী নেতাই।
৬০ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত কৰুণানিধি আছিল ৰাষ্ট্ৰীয় ৰাজনীতিৰ কিং মেকাৰ। তেওঁ প্ৰথমবাৰৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈছিল ১৯৬৯ চনত। তাৰ পিছত পৰ্যায়ক্ৰমে ১৯৭১, ১৯৮৯, ১৯৯৬ আৰু ২০০৬ চনত মুখ্যমন্ত্ৰীৰূপে তামিলনাডুৰ মু্খ্যমন্ত্ৰীৰ দায়িত্বত আছিল। ১৯৬৭ চনত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।
কৰুণানিধিৰ মৃত্যুৰ পাছত সমগ্ৰ দেশতে শোকৰ বন্যা বৈছে। ৬.১০ মিনিটত চিকিসকে তেওঁৰ মৃ্ত্যু হোৱাৰ কথা ঘোষণা কৰে। প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক ব্যক্ত কৰিছে।
উল্লেখ্য যে যোৱা ২৭ জুলাইত মূত্ৰনলীত সংক্ৰমণ আৰু জ্বৰৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পিছতে কাবেৰী হাস্পতালৰ আই চি ইউত ভৰ্তি কৰা হৈছিল ডি এম কেৰ নেতাগৰাকীক। ২৯ জুলাইত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি বাতৰি পোৱাৰ পিছৰে পৰা হাস্পতাল চৌহদত ভিৰ কৰিবলৈ আৰম্ভ কৰিছিল অনুগামীসকলে। কৰুণানিধিৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে শোকত ভাগি পৰা অনুগামীসকলক নিয়ন্ত্ৰণৰ বাবে বৃহৎ পৰিমাণৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।

No comments:

Post a Comment

SPONSORED