ডিব্ৰুগড় : বিতৰ্কিত বিজেপি নেতা সুদামা পাণ্ডেৰ পিষ্টলৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে জিলা প্ৰশাসনে। পিষ্টলসহ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱা ঘটনাৰ পিছতে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা ১আগষ্টত মুখ্যমন্ত্ৰীৰ Zপ্লাছ নিৰাপত্তা বেষ্টনী অতিক্ৰমি ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে সুদামা পাণ্ডেৰ জেপৰ পৰা পিষ্টল উদ্ধাৰ কৰিছিল নিৰাপত্তাৰক্ষীয়ে। পইণ্ট ৩২ পিষ্টলটোৰ সৈতে তেওঁৰ হাতৰ পৰা জব্দ কৰা হৈছিল ৬ ৰাউণ্ড গুলী।
কি কাৰণত এনেদৰে মাৰণাস্ত্ৰসহ পাণ্ডেই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈছিল সেই লৈ ভিন্নজনে ভিন্ন প্ৰশ্ন উত্থাপন কৰাৰ লগতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঘটনা সন্দৰ্ভত পাণ্ডেৰ বিৰুদ্ধে ১১৬২/১৮ নম্বৰত এটি গোচৰো ৰুজু কৰা হৈছিল। এনে পৰিপ্ৰেক্ষিততে আজি ডিব্ৰুগড় জিলা দণ্ডাধীশে আৰ্মছ এক্ট ১৯৫৯ৰ অধীনত পাণ্ডেৰ পইণ্ট ৩২পিষ্টলৰ অনুজ্ঞাপত্ৰ বাতিল কৰে। উল্লেখ্য যে পিষ্টল লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ সাহস কৰা সুদামা পাণ্ডে হৈছে ডিব্ৰুগড় পৌৰসভাৰ ২২নং ৱাৰ্ডৰ বিজেপি ৱাৰ্ড কমিছনাৰ।
No comments:
Post a Comment