গোলাঘাটঃ যুৱকৰ মৃতদেহ ঘণ্টাৰ পাছত ঘণ্টা ধৰি পৰি ৰ’ল শোৱাপাটীত৷ নিজানে-নিতালে শুই পৰা সেই যুৱকজনৰ মৃতদেহৰ কাষত ওচৰ চাপি নাহিল এজনো চুবুৰীয়া অথবা গঞা৷ কাষতে বহি নিথৰ দেহটো চাই কিংকর্তব্যবিমূঢ় হৈ পৰিল মানসিক বিকাৰগ্রস্ত দুর্ভগীয়া মাতৃ৷ অৱশেষত সেই দুর্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হ’লহি এখন ইছলামধর্মী গঞাৰ লগতে আমছুৰ কেইগৰাকীমান বিষয়ববীয়া আৰু সেইসকলেই উদ্ধাৰ কৰিলে সেই দুর্ভগীয়া পৰিয়ালটোক৷
এই হূদয় বিদাৰক ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ ঢেকীয়াল মৌজাৰ বৰকাঠনী মলিয়াগাঁৱত৷ সমাজৰ পৰা বহিষ্কৃত হৈ থকা বৰকাঠনী মলিয়া গাঁৱৰ পৱিত্র বৰা নামৰ এজন ৩৩ বছৰীয়া যুৱক বৃক্কজনিত কাৰণত মৃত্যু হোৱাৰ পাছত সৎকাৰ কৰিবৰ বাবে ওলাই নাহিল এজনো ওচৰ চুবুৰীয়া মলিয়াগাঁৱৰ ৰাইজ৷ অঞ্চলটোৰ হিন্দু সম্প্রদায়ৰ লোকসকলে মৃতকৰ পৰিয়ালটোৰ প্রতি কোনো ধৰণৰ সহযোগিতা প্রদান নকৰাত অসহায় হৈ পৰিল মাতৃ আৰু যুৱকজনৰ মাহীয়েক৷
কিয়নো এই দুগৰাকী সদস্যৰ বাহিৰে পৰিয়ালটোত নাছিল আৰু কোনো সদস্য৷ মৃতকক কান্ধত উঠাই নিবৰ বাবেও চাৰিজনলোকৰ অভাৱে দেখা দিলে৷ মলিয়াগাঁৱৰ ২০ গৰাকী লোকে সহযোগিতা প্রদান কৰাৰ ইচছুকতা কৰে যদিও গাঁওখনৰ আন একাংশই সেইসকলকো সমাজৰ পৰা বহিষ্কাৰ কৰাৰ ভাবুকি দিয়াত পৰিয়ালটোৰ পৰা তেওঁলোকো আঁতৰি গ’ল৷ অৱশেষত পৰিয়ালটোৰ কাষত উপস্থিত হ’লহি নাহৰণি অঞ্চলৰ একাংশ ৰাইজৰ লগতে আমছুৰ নাহৰণি আঞ্চলিক সমিতি আৰু বৰকাঠনী শাখা সমিতিৰ বিষয়ববীয়া৷ ইছলামধর্মীলোকে সৎকাৰ অনুষ্ঠানত সহযোগ কৰাৰ লগতে যুৱকজনৰ মৃতদেহৰ সৎকাৰ সম্পূর্ণ হিন্দু ৰীতিৰে সম্পন্ন কৰি এক বিৰল নিদর্শন দাঙি ধৰে৷ উক্ত ঘটনাই শংকৰ-আজানৰ দেশত হিন্দু-মুছলমান ভাই ভাই ইয়াৰ স্পষ্টভাৱে পুনৰবাৰ প্রতিফলিত হয়৷
No comments:
Post a Comment