গুৱাহাটীঃ এ পি এছ চি কেলেংকাৰিত জড়িত আটাইকেইজন অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম নহ’লেও চূড়ান্ত চার্জশ্বীট দাখিল কৰিব ডিব্রুগড় আৰক্ষীয়ে৷ চলিত মাহৰ শেষত বা ছেপ্টেম্বৰৰ প্রথম ভাগতেই দাখিল হ’ব চূড়ান্ত চার্জশ্বীট৷ জালিয়াতিৰে ৰাজপত্রিত বিষয়া পদলৈ বাছনি হৈ চৰকাৰী চাকৰি কৰি থকা আৰু কেইজনমান বিষয়াক অতি কম দিনৰ ভিতৰত গ্রেপ্তাৰ কৰিব আৰু তাৰ পাছতেই দাখিল কৰিব চূড়ান্ত চার্জশ্বীট৷
ইতিমধ্যে, ফৰেনছিক পৰীক্ষাগাৰৰ পৰা অহা শেহতীয়া প্রতিবেদন ডিব্রুগড় আৰক্ষীয়ে লাভ কৰিছে আৰু সেই প্রতিবেদনৰ ভিত্তিত অন্তিম পর্যায়ত কেইজনমান বিষয়াক গ্রেপ্তাৰ কৰিবলৈ সাজু হৈছে৷ কিন্তু তাৰ পাছতো যদি পলাই থকা দালালকেইজনক বিচাৰি নাপায়, তৎসত্ত্বেও চূড়ান্ত চার্জশ্বীট দাখিল কৰিব৷ অর্থাৎ অভিযুক্ত কোনো দালালক গ্রেপ্তাৰ কৰিব নোৱাৰিলেও চূড়ান্ত চার্জশ্বীট দাখিল কৰাত কোনো সমস্যা নাই ডিব্রুগড় আৰক্ষীৰ৷ কাৰণ, পলাই থকা দালালৰ বিৰুদ্ধে ইতিমধ্যে সম্পূর্ণ তথ্য লাভ কৰিছে৷ সেয়ে এতিয়া দীর্ঘ দিনৰ বাবে অপেক্ষা নকৰি চূড়ান্ত চার্জশ্বীট দাখিল কৰিবলৈ আৰক্ষী সাজু হৈছে৷
জানিব পৰা মতে, চূড়ান্ত চার্জশ্বীট দাখিল নকৰাপর্যন্ত আৰক্ষীৰ তদন্তত অভিযুক্ত হৈ কাৰাগাৰত থকাসকলেও জামিন পোৱাত ব্যর্থ হৈ আহিছে৷ সেয়ে চূড়ান্ত চার্জশ্বীট দাখিলৰ পাছত আদালতে সেই চার্জশ্বীট পৰীক্ষা কৰাৰ পাছতহে অভিযুক্তই জামিন পায় নে নাপায় সেই কথা স্পষ্ট হ’ব৷ কিন্তু এটা কথা আগতীয়াকৈ স্পষ্ট যে চূড়ান্ত চার্জশ্বীট দাখিল নোহোৱাপর্যন্ত অভিযুক্তসকলে জামিন পোৱাৰ কোনো সম্ভাৱনাই নাই৷ কাৰণ এইক্ষেত্রত চৰকাৰৰ ফালৰ পৰাও আদালতত সবল যুক্তি দাঙি ধৰা হৈছে৷ ইতিমধ্যে চাৰি-পাঁচবাৰকৈ বহুকেইজন অভিযুক্তৰ জামিন আৱেদন আদালতে নাকচ কৰিছে৷
No comments:
Post a Comment