‘প্রেতাত্মা’ দূৰ কৰি এন আৰ চি সঠিকভাৱে প্রস্তুত কৰিবলৈ দাবী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, August 07, 2018

‘প্রেতাত্মা’ দূৰ কৰি এন আৰ চি সঠিকভাৱে প্রস্তুত কৰিবলৈ দাবী


ৱেবসংবাদঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬, বিদেশীৰ সংশোধনী নির্দেশ ২০১৫, পাৰপত্র জাননী ২০১৫ আৰু সহজলভ্য ভিছা ব্যৱস্থাক অগপ দলৰ বাবে প্রেতাত্মা আখ্যা দিছে দলটোৰ সভাপতি অতুল বৰাই৷
দলৰ কেন্দ্রীয় কার্যালয়ত বুধবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি সভাপতি বৰাই কয় যে এন আৰ চিৰ খচৰা প্রকাশৰ পাছতেই বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহে এন আৰ চিক অসম চুক্তিৰ ‘আত্মা’ হিচাপে অভিহিত কৰিছে৷ যদি এন আৰ চি অসম চুক্তিৰ আত্মা হয় তেন্তে সেই আত্মা সুৰক্ষিত কৰাৰ দায়িত্ব বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ বুলি আঙুলিয়াই দি শীঘ্রে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী উত্থাপন কৰে৷
সমান্তৰালভাৱে বিদেশী সংশোধনী নির্দেশ, পাৰপত্র জাননী ২০১৫ আৰু সহজলভ্য ভিছা বাতিল কৰাৰ দাবী জনায়৷ অন্যথা উক্ত কাৰককেইটা অগপ দলৰ বাবে প্রেতাত্মা হৈ থাকিব বুলি সংবাদমেলত সভাপতি বৰাই মন্তব্য কৰে৷
উল্লেখযোগ্য যে সংবাদমেল সম্বোধন কৰাৰ পূর্বে অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত এটা প্রতিনিধি দলে  এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক সাক্ষাৎ কৰি এজনো বিদেশীৰ নাম অন্তর্ভুক্ত নোহোৱা এখন এন আৰ চি প্রস্তুত কৰাৰ দাবী জনায়৷ কোনো কাৰণতে যাতে এজনো বিদেশীৰ নাম অন্তৰ্ভূক্ত হ’ব নোৱাৰে, তাৰ বাবে নিজাববীয়াকৈ পৰীক্ষা কৰি বিদেশীমুক্ত এন আৰ চি প্রস্তুত কৰিবলৈ আহ্বান জনায়৷
ইতিমধ্যে প্রকাশ কৰা সম্পূর্ণ খচৰাত মৰিগাঁৱত ৩৯টা বিদেশী পৰিয়ালৰ নাম অন্তৰ্ভূক্ত হোৱা ঘটনাত উদ্বেগ ব্যক্ত কৰি এইক্ষেত্রত এন আৰ চি কর্তৃপক্ষক নিজাববীয়া পৰীক্ষাৰে সম্পূর্ণ শুদ্ধকৈ চূড়ান্ত এন আৰ চি প্রস্তুত কৰাৰ দাবী উত্থাপন কৰি এজনো বিদেশীৰ নাম নথকা এন আৰ চি প্রস্তুত নোহোৱা পর্যন্ত অগপ ক্ষান্ত নহয় বুলি সকীয়াই দিয়ে৷
সভাপতি অতুল বৰাৰ লগত সংবাদমেল সম্বোধন কৰি কার্যকৰী সভাপতি কেশৱ মহন্তই কয়,–‘বিদেশীৰ নাম এন আৰ চিত সোমালে তাক বিচাৰি উলিয়াব লাগিব৷ নিজাববীয়া পৰীক্ষা তথা নিৰীক্ষণেৰে অন্তর্ভুক্ত হোৱা বিদেশীৰ নাম চিনাক্ত কৰিব লাগিব আৰু এন আৰ চিখন সম্পূর্ণ বিদেশীমুক্ত হ’ব লাগিব৷’
ইফালে শুদ্ধ এন আৰ চিৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ’বই লাগিব বুলি সংবাদমেলত দাবী কৰি সভাপতি অতুল বৰাই কয় যে সম্ভৱতঃ শীতকালীন অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ বাবে পুনৰ উত্থাপন কৰিব৷
কিন্তু এই ক্ষেত্রত কেন্দ্রীয় চৰকাৰে যিমানেই প্রচেষ্টা নচলাওক কিয়, সর্বশক্তি প্রয়োগ কৰি হ’লেও উক্ত বিধেয়ক আইনত পৰিণত কৰাত অগপই বাধা প্রয়োগ কৰিব৷ এন আৰ চিক লৈ পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কৰা বিৰোধিতাক কঠোৰ সকীয়নি দি সভাপতি বৰাই কয় যে মমতা বেনার্জীৰ আচৰণ প্রতিহত কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে৷
এন আৰ চিৰ প্রসংগক লৈ কংগ্রেছ দলকো সমালোচনা কৰি বৰাই কয় যে কংগ্রেছী নেতাসকলে গুৱাহাটীত এটা কথা, বৰাকত এটা কথা আৰু দিল্লীত এটা কথা কয়৷ কংগ্রেছৰ নেতাভেদে এন আৰ চিক লৈ মতামত বেলেগ বুলি সভাপতি বৰাই কংগ্রেছ দলৰ স্থিতিক সমালোচনা কৰে৷

No comments:

Post a Comment

SPONSORED