গুৱাহাটী : চাৰি বছৰ পূর্বে বি টি এ ডিত সংঘটিত নৰসংহাৰত জড়িত থকা বাবে আজি ৪জন উগ্রপন্থী নেতাক দোষী সাব্যস্ত কৰে নিয়াৰ বিশেষ আদালতে৷ আদালতে আজি এন ডি এফ বিৰ (এছ) চাৰি শীর্ষনেতা সঞ্জু বৰদলৈ, নিতুল দৈমাৰী, অজয় বসুমতাৰী আৰু বিষ্ণু নার্ৰীক দোষী সাব্যস্ত কৰি ৰায় দিয়ে৷
অৱশ্যে তেওঁলোকৰ শাস্তি কি হ’ব সেয়া আদালতে অহা ৭ ছেপ্টেম্বৰত ৰায় দিব৷ কিন্তু আজিয়েই চাৰিওজন দোষী উগ্রপন্থীকে কাৰাগাৰলৈ নিক্ষেপ কৰা হয়৷ উল্লেখযোগ্য যে ২০১৪ চনৰ ডিচেম্বৰ মাহৰ তৃতীয় সপ্তাহত এন ডি এফ বিৰ (এছ) সদস্যই কোকৰাঝাৰ, ঢেকীয়াজুলি আৰু বিশ্বনাথ চাৰিআলিত নৰসংহাৰ চলাইছিল৷
সেই ঘটনাত ঢেকীয়াজুলিৰ শান্তিপুৰত ৬জনকৈ আদিবাসী লোক নিহত হোৱাৰ লগতে তিনিওটা আক্রমণত অর্ধ শতাধিক লোক আহত হৈছিল৷ ঢেকীয়াজুলিৰ ঘটনা সন্দর্ভত নিয়াই ৪২০১৫ নং গোচৰ ৰুজু কৰি তদন্ত কৰিছিল৷
তাৰ পূর্বে অসম আৰক্ষীয়েও তদন্ত কৰিছিল৷ বিগত চাৰি বছৰধৰি নিয়া বিশেষ আদালতত গোচৰটোৰ ন্যায়িক প্রক্রিয়া চলি আছিল৷ আনহাতে, বাকী স্থানসমূহৰ ঘটনা সন্দর্ভতো নিয়াই গোচৰ ৰুজু কৰি তদন্ত কৰি আছে৷
No comments:
Post a Comment