নির্বাচনী বিষয়াৰ পদৰ পৰা সুমিত্রা পাটিৰৰ পুত্র কর্পূণ পাটিৰৰ পদত্যাগ : বক্র পথেৰে এ চি এছ চাকৰি ক্রয় কৰাৰ সন্দেহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, August 30, 2018

নির্বাচনী বিষয়াৰ পদৰ পৰা সুমিত্রা পাটিৰৰ পুত্র কর্পূণ পাটিৰৰ পদত্যাগ : বক্র পথেৰে এ চি এছ চাকৰি ক্রয় কৰাৰ সন্দেহ


গুৱাহাটী : অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰিত সন্দেহৰ আঙুলি উঠা এজন ৰাজপত্রিত বিষয়াই আজি হঠাতে পদত্যাগ কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্রাক্তন মন্ত্রী তথা সম্প্রতি বিজেপিৰ বিধায়িকা সুমিত্রা পাটিৰৰ এচি এছ পুত্র কর্পূণ পাটিৰে আজি পদত্যাগ কৰে৷ সম্প্রতি ওদালগুৰি জিলাৰ নির্বাচনী বিষয়া হিচাপে কার্যনির্বাহ কৰি আছিল কর্পূণ পাটিৰে৷ জিলাৰ উপায়ুক্তৰ জৰিয়তে আজি তেওঁ চৰকাৰলৈ পদত্যাগ-পত্র প্রেৰণ কৰে৷

তেওঁ চাকৰিৰ পৰা পদত্যাগ কৰাৰ কাৰণ মাতৃৰ অসুস্থতা বুলি পদত্যাগ-পত্রত উল্লেখ কৰিছে৷ মাতৃ সুমিত্রা পাটিৰ দীর্ঘদিনৰ পৰা মধুমেহ ৰোগত আক্রান্ত হৈ আছে৷ সম্প্রতি তেওঁৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাৰ বাবে তেওঁক শুশ্রূষা কৰিবৰ বাবে নিজৰ ৰাজপত্রিত বিষয়াৰ চাকৰিৰ পৰা পদত্যাগ কৰা বুলি তেওঁ পদত্যাগ-পত্রত উল্লেখ কৰে৷ কিন্তু তেওঁৰ পদত্যাগৰ পাছত গ্রেপ্তাৰৰ পৰা হাত সৰাৰ বাবেহে চাকৰি এৰা বুলি সন্দেহ কৰা হৈছে৷

উল্লেখযোগ্য যে কর্পূণ পাটিৰৰ প্রতিও ৰাকেশ পাল বাহিনীৰ পৰা বক্র পথেৰে এ চি এছ চাকৰি ক্রয় কৰাৰ অভিযোগৰ আঙুলি উঠি আছে৷ অৱশ্যে, তেওঁৰ বিৰুদ্ধে তদন্তকাৰী ডিব্রুগড় আৰক্ষীয়ে বিশেষ প্রমাণ লাভ কৰা নাই বাবে এতিয়ালৈ গ্রেপ্তাৰ কৰা নাই৷ কিন্তু তেওঁৰ উত্তৰবহীও ফৰেনছিক বিজ্ঞানাগাৰলৈ প্রেৰণ কৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে, এইপর্যন্ত তেওঁৰ উত্তৰবহীৰ প্রতিবেদন আৰক্ষীৰ হাতলৈ অহা নাই৷

কিন্তু প্রতিবেদন তেওঁৰ বিপক্ষে যোৱাৰ আশংকা কৰিয়েই চাকৰিৰ পৰা পদত্যাগ কৰা বুলি সন্দেহ কৰা হৈছে৷ উল্লেখযোগ্য যে কর্পূণ পাটিৰৰ কনিষ্ঠ ভাতৃও ৰাজপত্রিত বিষয়া৷ কনিষ্ঠ ভাতৃ জৱাহৰ পাটিৰ সম্প্রতি কৰ বিষয়া হিচাপে নিয়োজিত হৈ আছে৷ তেওঁৰ বিৰুদ্ধেও বক্র পথেৰে পাল বাহিনীৰ পৰা চাকৰি ক্রয় কৰাৰ অভিযোগ আছে৷ উল্লেখযোগ্য যে বিধায়িকা সুমিত্রা পাটিৰৰ বোৱাৰীৰ বিৰুদ্ধেও পাল বাহিনীৰ পৰা বক্র পথেৰে চাকৰি লোৱাৰ অভিযোগ আছে৷ প্রণিধানযোগ্য যে তৰুণ গগৈৰ দিনত মন্ত্রী হোৱা সুমিত্রা পাটিৰ লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰিৰ পৰা সন্তানক সুৰক্ষা দিবৰ বাবেই বিজেপিত যোগ দিয়া বুলি প্রকাশ পাইছিল৷ এতিয়া বিপদৰ পৰা হাত সাৰিবৰ বাবেই কর্পূণ পাটিৰেও পদত্যাগ কৰা বুলি সন্দেহ কৰা হৈছে৷

No comments:

Post a Comment

SPONSORED