সংখ্যালঘু ছাত্র-ছাত্রীৰ মাজত বিতৰণ কৰিব চাইকেল আৰু ছাতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 30, 2018

সংখ্যালঘু ছাত্র-ছাত্রীৰ মাজত বিতৰণ কৰিব চাইকেল আৰু ছাতি


গুৱাহাটী : ৰাজ্যত উন্নয়নমূলক কাম ত্বৰান্বিত কৰিবলৈ প্রতিটো বিভাগক নির্দেশ দিছে মুখ্যমন্ত্রীয়ে৷ ছেপ্টেম্বৰ মাহৰ পৰা আঁচনি ৰূপায়ণৰ ক্ষেত্রত প্রতিটো বিভাগক পাৰদর্শিতা প্রদর্শন কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিছে৷ বিশেষকৈ কেন্দ্রই যোগান ধৰা পুঁজিৰ সঠিক ব্যৱহাৰ কৰি আঁচনি ৰূপায়ণ কৰিবলৈ মুখ্যমন্ত্রীয়ে প্রতিজন মন্ত্রীকে নির্দেশ দিছে৷ লোক সভাৰ নির্বাচনলৈ লক্ষ্য ৰাখি আগন্তুক ৬ মাহত উন্নয়নমূলক কামেৰে ৰাজ্যবাসীৰ মন জয় কৰিবলৈ সোণোৱাল চৰকাৰে চেষ্টা চলাব৷

আনকি সংখ্যালঘু অধু্যষিত এলেকাতো বিভিন্ন আঁচনি ৰূপায়ণেৰে চমক সৃষ্টি কৰিবলৈ ৰাজ্য চৰকাৰে মন মেলিছে৷ সেই অনুসৰি ২১খন আৱাসিক মডেল উচচতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে৷ কেন্দ্রীয় চৰকাৰৰ এম এছ ডি পি আঁচনিৰ অধীনত শিক্ষানুষ্ঠানকেইখন স্থাপন কৰা হ’ব৷ প্রায় ৭০০ কোটি টকা ব্যৱ সাপেক্ষে নির্মাণ হ’বলগীয়া আৱাসিক শিক্ষানুষ্ঠানৰ বাবে ৫০ শতাংশ ধন ইতিমধ্যে কেন্দ্রই যোগান ধৰিছে৷ প্রতিখন বিদ্যালয়ৰ নামত ব্যয় কৰা হ’ব ৩০.৫২ কোটি টকা৷ দিছপুৰৰ নির্দেশত ইতিমধ্যে সংশ্লিষ্ট জিলাৰ উপায়ুক্তসকলে প্রতিখন বিদ্যালয়ৰ বাবে ৫০ বিঘাকৈ ভূমি আবণ্টন প্রক্রিয়া সম্পন্ন কৰিছে৷

সংখ্যালঘু উন্নয়ন বিভাগে গড়কাপ্টানী (গৃহ) বিভাগৰ জৰিয়তে প্রস্তাৱিত শিক্ষানুষ্ঠানকেইখনৰ আন্তঃগাঁথনি নির্মাণ কৰিব৷ ছেপ্টেম্বৰত নিবিদা প্রক্রিয়া বিভাগটোৱে সম্পন্ন কৰিব আৰু মুখ্যমন্ত্রীয়ে অক্টোবৰত ইয়াৰ আধাৰশিলা স্থাপন কৰিব৷ উল্লেখযোগ্য যে এশ শতাংশ কেন্দ্রীয় পুঁজিৰে উক্ত আৱাসিক উচচতৰ মাধ্যমিক বিদ্যালয়সমূহ স্থাপন কৰা হ’ব৷ জানিব পৰা মতে, লখিমপুৰ, বিশ্বনাথ, নগাঁও, মৰিগাঁও, ধুবুৰী, চিৰাং, বঙাইগাঁও, ওদালগুৰি, হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ, ডিমা হাছাও, ডিফু, কামৰূপ (গ্রামা), নলবাৰী, বৰপেটা আৰু গোৱালপাৰা জিলাত এই বিদ্যালয়কেইখন স্থাপন কৰা হ’ব৷ সংখ্যালঘু উন্নয়ন মন্ত্রী ৰঞ্জিত দত্তই আজি দিছপুৰত অৱগত কৰা অনুসৰি আদর্শ বিদ্যালয়কেইখনত ছাত্র-ছাত্রীৰ বাবে হোষ্টেল, অধ্যক্ষৰ হোষ্টেল, খেলপথাৰকে ধৰি অত্যাধুনিক সা-সুবিধা উপলব্ধ হ’ব৷ ইফালে, সংখ্যালঘু ছাত্রীৰ মাজত ছাতি আৰু চাইকেল বিতৰণৰো সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷

অষ্টম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ভিতৰত অধ্যয়নৰত ছাত্রীৰ মাজত সংখ্যালঘু উন্নয়ন বিভাগে ১২ হাজাৰ চাইকেল বিতৰণ কৰিব৷ যি সময়ত ৰাজ্যৰ বিজেপি-নেতৃত্বাধীন চৰকাৰখনক সংখ্যালঘু বিৰোধী বুলি সততে অভিযোগ কৰা হয়, তেনে সময়তে গ্রহণ কৰা এই অভিলাষী আঁচনিসমূহে তাৎপর্য বহন কৰিছে৷ সংখ্যালঘুৰ-সংখ্যালঘু সকলো শ্রেণীৰ ভোটাৰক মোহাচছন্ন কৰিবলৈ আৰু উন্নয়নৰ চানেকি দাঙি ধৰিবলৈ মুখ্যমন্ত্রীৰ নির্দেশত এতিয়া বিভাগে বিভাগে তৎপৰতা পৰিলক্ষিত হৈছে৷ বিগত দুটা বছৰত উন্নয়নৰ ক্ষেত্রত কোনো চমক সৃষ্টি কৰিব নোৱৰা চৰকাৰখনে চলিত বছৰৰ বাকী থকা মাহকেইটাত এতিয়া উন্নয়নৰ ৰেহ-ৰূপ দাঙি ধৰিবলৈ আপ্রাণ চেষ্টা চলাব৷ দিছপুৰত সম্প্রতি তেনে এক প্রতিচছবি স্পষ্ট হৈ উঠিছে৷

No comments:

Post a Comment

SPONSORED