ধৰ্মীয় ক্ষমতাৰ দ্বন্দ্ব - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 30, 2018

ধৰ্মীয় ক্ষমতাৰ দ্বন্দ্ব

# ইয়াহইয়া আহমদ বৰভূঞা
আমাৰ দৃষ্টিত যিকোনো ভাল কাম, যিকোনো দেশ, জাতি আৰু সমাজৰ প্ৰত্যেকজন মানুহৰ কাৰণে উপকাৰ হোৱা ধৰণৰ কাম বা চিন্তাই হৈছে ধৰ্ম। ধৰ্মই মানুহক সৎ পথৰ সন্ধান দিয়ে। কিন্তু সেই ধৰ্মৰ নাম লৈ নিজৰ অন্ধবিশ্বাস, কুসংস্কাৰ, অপ-সংস্কৃতি, মৌলবাদী চিন্তাধাৰাক যেতিয়া সমাজৰ সৰ্বস্তৰৰ জনসাধাৰণৰ ওপৰত জাপি দি সেই মতে তেওঁলোকক চলিবলৈ বাধ্য কৰাৰ যি প্ৰৱণতা দেখিবলৈ পাওঁ সেয়াই হৈছে ধৰ্মীয় ক্ষমতাৰ দ্বন্দ্ব। পৃথিৱীৰ জন্মৰ পৰাই এটাৰ পিছত এটা ধৰ্মীয় মতাদৰ্শৰ আবিৰ্ভাৱ হৈ আহিছে আৰু সময়ে সময়ে সেই ভিন্ন মতাদৰ্শৰ অনুসৰণকাৰীৰ মাজত সংঘাতো হৈ আহিছে। এই সংঘাত বোৰৰ মূল লক্ষ্যই আছিল নিজৰ মতাদৰ্শক শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰা আৰু প্ৰতিষ্ঠা কৰা। আৰু সেইটো কৰিবলৈ গৈ বাস্তৱ বৰ্জিত, যুক্তিহীন, বৈজ্ঞানিক চিন্তা ভাৱনাহীন, সমাজতত্ব, নৃতত্ব, বিবৰ্তনৰ জ্ঞানহীন এক অসুস্থ, কুসংস্কাৰাচ্চন্ন পৰিৱেশ সৃষ্টি হ’ল। যত ধৰ্মৰ মূল নীতি আদৰ্শক উপেক্ষা কৰা এক শ্ৰেণীৰ ধৰ্মীয় মৌলবাদীৰ জন্ম হ’ল। বিভিন্ন ধৰ্মত জন্মা এই মৌলবাদীবোৰেই আজি সমগ্ৰ বিশ্বৰ লগতে অসমৰ ভাৰতবৰ্ষখনকো নৰকৰ দুৱাৰদলিত থিয় কৰাইছে। একাংশ মুছলিম মৌলবাদীয়ে সমগ্ৰ বিশ্বত হত্যা, নিৰ্যাতন, বোমা বিস্ফোৰণ, ৰক্ত লুলুপ বন্দুকেৰে শক্তি প্ৰয়োগ কৰি হ’লেও ( যিটো ইছলামত নিষিদ্ধ) ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোন দেখাৰ দৰে আমাৰ ভাৰতবৰ্ষতো একাংশ হিন্দু মৌলবাদীয়ে মুছলমান মহিলাক কবৰৰ পৰা তুলি আনি ধৰ্ষণ কৰাৰ বাবে ৰাজহুৱা আহ্বান কৰা, মছজিদ, গীৰ্জা ধ্বংস কৰা, মুছলমান, খ্ৰীষ্টানক হত্যা, নিৰ্যাতন কৰা, তেওঁলোকৰ ঘৰ বাৰীত অগ্নিসংযোগ কৰা, ২০১৫ ৰ আগত ভাৰতক মুছলমান আৰু খ্ৰীষ্টান মুক্ত কৰাৰ চিন্তা চৰ্চা কৰা ( যিবোৰ সনাতন ধৰ্মত নাই) আদি কাণ্ডৰে, সৰ্বশক্তিৰে এখন ৰাম ৰাষ্ট্ৰ বা হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছে।
২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ সৰ্বমুঠ জনসংখ্যা ১২১ কোটি। এই মুঠ জনসংখ্যাৰ ৩০% দলিত, ১৩% মুছলিম, ২.৩% খ্ৰীষ্টান, ১.৯% শিখ আৰু অন্যান্য প্ৰায় 2 শতাংশ। এই বৃহৎ সংখ্যক লোকক অৰ্থাৎ মুঠ জনসংখ্যাৰ প্ৰায় ৫০% লোকৰ ওপৰত দেশৰ হিন্দু মৌলবাদীবোৰে বিভিন্ন সময়ত নিজৰ মতাদৰ্শ জাপি দিয়াৰ প্ৰয়াস কৰিছে। কাৰোবাক যদি নিম্ন জাতি বুলি দমন পীড়ন চলাইছে, কাৰোবাৰ ধৰ্মবিশ্বাসক অসন্মান কৰি তেওঁলোকক দেশ ত্যাগৰ ভাবুকি দিছে। আশ্চৰ্যৰ কথা হল দলিত সকল তেওঁলোকৰ একে ধৰ্মীয় তথা এই দেশৰ আদিবাসী হোৱা সত্বেও কেৱল নিম্ন জাতি বুলি কৈ এই সকলৰ ওপৰতো দমন পীড়ন চলাই আছে। এইখিনিতে চমুকৈ দলিত, মুছলমান আৰু খ্ৰীষ্টান সকলৰ ওপৰত এটা আলোচনা কৰিলও।
১/ দলিত সম্প্ৰদায় : দেশত বৰ্তমান (২০১১ চনৰ লোকপিয়ল মতে) মুঠ জনসংখ্যাৰ ৩০% লোক দলিত সম্প্ৰদায়ৰ। এই সম্প্ৰদায়ৰ ইতিহাস যথেষ্ট পুৰণা। হিন্দুৰ দেৱী দূর্গাৰ বিৰুদ্ধে বীৰত্বপূৰ্ণ যুদ্ধ কৰা মহিষাসুৰেই আছিল দলিত আদিবাসী সকলৰ বীৰ। ভাৰতৰ একাংশই বিশ্বাস কৰে যে ৰামায়ণ, মহাভাৰত আৰ্য্য সকলৰেই সৃষ্টি। যাৰ কাৰণে মহাভাৰতত উত্তৰাঞ্চলৰ মানুহক দেবপুত্ৰ আৰু দক্ষিনাঞ্চলৰ মানুহক অসুৰ হিচাপে ধাৰণা দিয়া হৈছিল। অৰ্থাৎ একবিংশ শতিকাতো এটা অঞ্চলৰ মানুহ নিগৃহীত হৈছিল। ধৰ্মীয় ক্ষমতাৰ দ্বন্দত তেওঁলোক পৰাজয় বৰণ কৰা লোক। এই পৰাজিত সকলেই আজি নিম্ন জাতি হিচাপে পৰিচিত হল। আগলৈ যিমান সন্তান তেওঁলোকৰ ঘৰত জন্ম হব সেইসকলৰ এটাই অপৰাধ হব, সেইটো হব তেওঁলোকে নিম্ন জাতিৰ মাক বাপেকৰ ঘৰত জন্মলোৱাটো। তেওঁলোকো হব নিম্ন বৰ্ণৰ লোক। এনে ধাৰণা অৱসান হোৱাটো নিতান্তই প্ৰয়োজনীয়। এনে ধাৰণাই দলিত মানুহ সকলক মানুহৰ মৰ্যাদা দিব নিবিচাৰে।
২/ মুছলমান সকল : ভাৰত বিজয়ৰ পূৰ্বৰ পৰাই দক্ষিণ এছিয়াত ইছলামৰ আবিৰ্ভাৱ হৈছিল। খ্ৰীষ্টীয় সপ্তম শতাব্দীৰ প্ৰথম ভাগত আৰৱ বনিক সম্প্ৰদায়ৰ ভাৰত আগমন সুত্ৰে ভাৰতবাসী ইছলাম সম্পৰ্কে অৱগত হয়। ৩৬০ খৃষ্টাব্দত প্ৰথম মুছলিম পৰ্যটক সকলে নৌপথেৰে ভাৰতীয় উপকুলত অৱতৰণ কৰে। ৬২৯ চনত হজৰৎ মহম্মদ (ছ) জীৱিত অৱস্থাতেই ভাৰতত প্ৰথম মছজিদ স্থাপন হয়। চেৰামন পেৰুমল নামৰ ভাৰতৰ এজন ধৰ্মান্তৰিত মুছলমানে এই মছজিদ নিৰ্মাণ কৰে। তাৰ পিছত দুই এজন হিন্দু ৰজাইয়ো ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। এটা সময়ত প্ৰায় ৬০০ বছৰ মুছলমানে দেশখন শাসন কৰিলেও দেশখনত মুছলমান সকল সংখ্যালঘূ হৈয়ে থাকিল। দুই এটা ব্যতিক্ৰমী ঘটনাৰ বাহিৰে উক্ত সময়চোৱাত হিন্দু সকল মুছলমানৰ পৰা নিৰাপদ আছিল। সেই সময়চোৱাত ইছলামৰ আদৰ্শত অনুপ্ৰাণিত হৈ লক্ষ লক্ষ দলিত আৰু উচ্চ বৰ্ণ হিন্দুৱে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। আৰু বৰ্তমান লৈকে হিন্দু মৌলবাদী সকলে ধৰ্মান্তৰণৰ ক্ষেত্ৰত বাধা আৰোপ কৰি ৰাজ্য বিশেষে আইন প্ৰণয়ন কৰা সত্ত্বেও অসংখ্য হিন্দু মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰি আছে। অৰ্থাৎ ভাৰতৰ প্ৰায় সৰহসংখ্যক মুছলমানেই হৈছে হিন্দুৰ পৰা ধৰ্মান্তৰিত মুছলমান। কিন্তু এই সকলে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কাৰণে মৌলবাদী হিন্দু সকলৰ দৃষ্টিত এই সকল আজি বিদেশী, দেশদ্ৰোহী। তেওঁলোকৰ মতে মুছলমানে বনোৱা তাজমহল, লালকিল্লা, জামা মছজিদ, কুতুব মিনাৰ সৱ ধ্বংস কৰি দিব লাগে। "ভাৰত জাগৰণ মঞ্চ" নামৰ এটা হিন্দু মৌলবাদী সংগঠনৰ নেতা ৰাজেশ্বৰ সিঙে ঘোষণাই কৰি দিলে যে - ২০২৫ চনৰ ভিতৰত ভাৰত খনক মুছলমান আৰু খ্ৰীষ্টান মুক্ত কৰা হব।
বৌদ্ধ সকল : বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক মহামতি বুদ্ধ দেৱৰ জন্ম ভাৰততেই। অহিংসাৰ মন্ত্ৰই আছিল তেওঁৰ ধৰ্ম। ৰজা অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পিছৰ পৰা প্ৰায় সমগ্র ভাৰতবৰ্ষতেই বৌদ্ধ ধৰ্ম বিয়পি পৰিছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া ব্ৰাহ্মণ ৰজা শশাঙ্কই শেষ বৌদ্ধ সম্ৰাট হৰ্ষবৰ্ধনৰ ভাতৃ ৰাজ্যবৰ্ধনক ৬০৫ খৃষ্টাব্দত হত্যা কৰি বোধী গয়াৰ বোধী বৃক্ষকো উভালি পেলায় (যি বৃক্ষৰ তলত বহি গৌতম বুদ্ধ বোধী প্ৰাপ্ত হয়) আৰু কাষৰ বৌদ্ধ বিহাৰত থকা বৌদ্ধ মূৰ্তি আঁতৰাই তাৰ স্থানত শিৱৰ মূৰ্তি স্থাপন কৰে তেতিয়াৰ পিছৰ পৰা ক্ৰমাৎ ভাৰতত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ প্ৰায় নোহোৱা হৈ পৰে। আজি ভাৰতত মাত্ৰ ০.৮ শতাংশ বৌদ্ধ ধৰ্মীয় লোক আছে। ধৰ্মীয় ক্ষমতাৰ দ্বন্দ্বত পৰাজিত হোৱা ভাৰতৰ বৌদ্ধ সকলেও এতিয়া হিন্দু সংখ্যাগৰিষ্ঠ দেশৰ হিন্দু মৌলবাদীৰ অত্যাচাৰ নীৰৱে সহ্য কৰিব লগা হৈছে।
মুঠতে হিন্দু সংখ্যাগৰিষ্ঠ ভাৰতবৰ্ষত সংবিধানে দেশৰ সকলোকে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ দিছে যদিও সেই তাহানিৰ পৰা নিৰ্যাতিত দলিত, বৌদ্ধ সকলৰ লগতে শেহতীয়া বাবে দেশ খনৰ মুছলমান, খ্ৰীষ্টান, শিখ সকলো আজি সমানে নিৰ্যাতিত হিন্দু মৌলবাদীৰ হাতত। তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰেই দুই শিখ দেহৰক্ষীয়ে হত্যা কৰাৰ গইনা লৈ ভাৰতৰ প্ৰায় ৪০ খনৰো অধিক স্থানত শিখ সকলৰ ওপৰত আক্ৰমণ কৰা হ’ল। যত প্ৰায় ২৮০০ জনক হত্যা কৰা হ’ল। চিন্তা কৰিলে আচৰিত লাগে যে দেহৰক্ষী দুজন হিন্দু হলে সমগ্র দেশৰ হিন্দু সকলৰ ওপৰত কোন জঁপিয়াই পৰিলে হয়। ইয়াৰ দ্বাৰা প্ৰমাণ হয় দলিত, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, শিখ আদি সংখ্যালঘূ সম্প্ৰদায়ৰ কোনোবাই ভাৰতত ধৰ্মীয় ক্ষমতাত থকা হিন্দু ধৰ্মৰ কোনো মানুহৰ লগত কোনো ঘটনা সংঘটিত কৰিলে হিন্দু মৌলবাদী সকলে অতি সহজে সেই সম্প্ৰদায়টোক লক্ষ্য কৰি লৈ দোষী নিৰ্দোষী নিৰ্বিশেষে হত্যা, ধৰ্ষণ, ঘৰ-বাৰীত অগ্নিসংযোগ কৰিবলৈ উদ্বত হয়। কিন্তু মহাত্মা গান্ধীৰ দৰে ব্যক্তিক যেতিয়া কোনো হিন্দু মৌলবাদীয়ে হত্যা কৰে তেতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ কতো হিন্দু সকলৰ ওপৰত কোনো মানুহ জঁপিয়াই পৰা দেখা নগ’ল। আনকি হত্যাকাৰী হিন্দু মৌলবাদীজনকো কোনেও হত্যা নকৰিলে। শাস্তি আদালতেই দিলে। এনে ক্ষমতা কেন্দ্ৰিক ধৰ্মৰ লগত মূল ধৰ্মৰ কোনো সম্পৰ্ক নাথাকিলেও প্ৰকৃত ধৰ্মপ্ৰাণ মানুহবোৰ ইয়াৰ দ্বাৰা যথেষ্ট নিগৃহীত হয়। ক্ষমতা লোভী এই হিন্দু মৌলবাদীবোৰেই আজি আমাৰ দেশখনক নৰকলৈ ৰূপান্তৰ কৰিব বিচাৰিছে।

No comments:

Post a Comment

SPONSORED