নতুন দিল্লীঃ অসম চুক্তিৰ সফল ৰূপায়ণৰ লগতে বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন প্রত্যাহাৰৰ দাবীত বুধবাৰে উত্তাল হ’ল নতুন দিল্লীৰ যন্তৰ মন্তৰ৷ অসম আন্দোলন সংগ্রামী মঞ্চৰ উদ্যোগত শতাধিক প্রতিবাদকাৰীয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান বন্ধ কৰক, অসম চুক্তি ৰূপায়ণ কৰক, নাগৰিকত্ব সংশোধনী বিধেয়ক প্রত্যাহাৰ কৰক আদি বিভিন্ন শ্ল’গান দি সংসদ মার্গত সংসদ যাত্রা নামৰ এক প্রতিবাদী সমদলো উলিয়ায়৷
প্রতিবাদকাৰীসকলে অসম চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো যোৱা ৩৩ বছৰ ধৰি চুক্তিখনৰ সকলোবোৰ দফা ৰূপায়ণ নোহোৱাত ক্ষোভ ব্যক্ত কৰি অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ স্বার্থতে শীঘ্রে চুক্তিখন সফল ৰূপায়ণৰ দাবী জনায়৷ প্রতিবাদস্থলীত উপস্থিত থকা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই চুক্তিখনৰ মূল মূল দফাসমূহ ৰূপায়ণৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে, অসম চুক্তি সঠিকভাৱে ৰূপায়িত নোহোৱাৰ বাবেই অসমৰ পৰিস্থিতি জটিল হৈ পৰিছে৷ চুক্তিখন ৰূপায়িত হ’লেই অসমৰ বহুকেইটা জ্বলন্ত সমস্যাৰ সমাধান সূত্র ওলাব৷ অসম চুক্তি অনুসৰিয়েই কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিছে বুলি জনাই মহন্তই অসম চুক্তি উলংঘা কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন শীঘ্রে প্রত্যাহাৰ কৰাৰো দাবী উত্থাপন কৰে৷
তেওঁ কয় যে, হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ দিহা থকা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠনে ইতিমধ্যে আন্দোলন গঢ়ি তুলিছে৷ কেন্দ্রীয় চৰকাৰে এই গণ আন্দোলনৰ প্রতি সঁহাৰি দি বিতর্কিত বিধেয়কখন প্রত্যাহাৰ কৰা উচিত৷ যদিহে চৰকাৰে এই বিধেয়কখন গৃহীত কৰে তেনেহ’লে অসমৰ খিলঞ্জীয়া ৰাইজ সংখ্যালঘুত পৰিণত হোৱাটো নিশ্চিত৷ আনহাতে প্রতিবাদস্থলীত ভাষণ দি সাংবাদিক মনজিত মহন্তই কয় যে, কেন্দ্রীয় চৰকাৰে অসম চুক্তি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দর্ভত দুতলীয়া স্থিতি গ্রহণ কৰিছে৷ এফালে তেওঁলোকে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মার্চক ভিত্তি বর্ষ হিচাপে লৈ নাগৰিকপঞ্জী উন্নীত কৰিছে, আনফালে আকৌ ২০১৪ চনলৈকে চুবুৰীয়া ৰাষ্ট্রৰ পৰা ভাৰতলৈ অহা অবৈধ বিদেশী লোকসকলক নাগৰিকত্ব প্রদানৰ বাবে উঠিপৰি লাগিছে৷
অসমৰ ৰাইজে ইতিমধ্যে এই বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছে বুলি জনাই তেওঁ স্পষ্টভাৱে কয় যে, কেন্দ্রীয় চৰকাৰে যদি অসমৰ ৰাইজৰ এই দাবীক সন্মান নজনায় তেনেহ’লে অসমত সুকীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব৷ আৰু এনে পৰিস্থিতিৰ বাবে দায়ী হ’ব কেন্দ্রৰ বিজেপি চৰকাৰখন৷ একেদৰে প্রতিবাদী কার্যসূচীত অংশ গ্রহণ কৰি সাংসদ বিশ্বজিত দৈমাৰীয়ে অসম চুক্তিৰ সকলোবোৰ দফা সফলভাৱে ৰূপায়ণৰ দাবী তুলি কয় যে, চুক্তি ৰূপায়িত হ’লেহে অসমৰ খিলঞ্জীয়া লোক সুৰক্ষিত হ’ব৷ আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে অসমৰ খিলঞ্জীয়া লোকসকল সংখ্যালঘুত পৰিণত হ’ব বুলি জনাই দৈমাৰীয়ে বিধেয়কখন বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰে৷
ইফালে প্রাক্তন মন্ত্রী বিৰাজ কুমাৰ শর্মাই নাগৰিকত্ব সংশোধনী বিধেয়কখন কেন্দ্রীয় চৰকাৰে বাতিল নকৰালৈকে সংগ্রামী মঞ্চ ক্ষান্ত নহয় বুলি জনাই কয় যে, এই জুই জ্বলিছে জ্বলিবই৷ পুৱা এঘাৰ বজাৰ পৰা আয়োজিত এই প্রতিবাদী কার্যসূচীত প্রথমে শ্বহীদ তর্পণ কৰা হয়৷ প্রতিবাদী কার্যসূচীত প্রাক্তন মন্ত্রী বিৰাজ শর্মা, প্রাক্তন সাংসদ কুমাৰ দীপক দাস, বিধায়ক উৎপল দত্তকে ধৰি অগপৰ বহু সংখ্যক শীর্ষ নেতা উপস্থিত আছিল৷
No comments:
Post a Comment