শাকত নাখায় লোণ পিটিকাত যায় তিনিগুণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 7, 2018

শাকত নাখায় লোণ পিটিকাত যায় তিনিগুণ


গুৱাহাটীঃ ৰাজ্যৰ মহিলা আত্মসহায়ক গোটসমূহলৈ আর্থিক সাহায্য প্রদানৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা কনকলতা মহিলা সবলীকৰণ নামৰ অভিলাষী আঁচনিক লৈ প্রশ্ন উত্থাপন হৈছে৷ আঁচনিখন ৰূপায়ণৰ নামত প্রতিটো লোক সভা সমষ্টিত ৰাজ্য চৰকাৰে আয়োজন কৰা বিশাল জাকজমকতাপূর্ণ অনুষ্ঠানক লৈ উত্থাপন হৈছে এই প্রশ্ন৷
উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰৰ ৰাষ্ট্রীয় গ্রাম্য জীৱিকা নির্বাহ অভিযান, চমুকৈ এন আৰ এল এম আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে মহিলা আত্মসহায়ক গোটসমূহক আর্থিক সাহায্য প্রদানৰ বাবে কনকলতা মহিলা সবলীকৰণ আঁচনি ৰূপায়ণৰ পদক্ষেপ লৈছে৷ মুখ্যমন্ত্রী সোণোৱালে যোৱা ২ এপ্রিলত এই আঁচনিখনৰ শুভাৰম্ভ কৰিছিল৷
একোটা মহিলা আত্মসহায়ক গোটক ২৫ হাজাৰ টকাৰ পৰা ৫ লাখ টকা পর্যন্ত আর্থিক সাহায্য এই আঁচনিৰ অধীনত প্রদান কৰা হৈছে৷ দীন দয়াল অন্ত্যদয়া যোজনা অধীনত পঞ্জীয়ন ভুক্ত আত্মসহায়ক গোটসমূহলৈ এই ধন আগবঢ়োৱা হৈছে৷ এইখিনিলৈ ৰাজ্য চৰকাৰৰ উদ্দেশ্য আৰু সদিচছাক লৈ কোনো প্রশ্ন উত্থাপন হোৱা নাই৷
কিন্তু আঁচনিখনৰ অধীনত চে’ক বিতৰণৰ নামত ৰাজ্য চৰকাৰে প্রতিটো লোক সভা সমষ্টিৰ অন্তর্গত নির্দিষ্ট ঠাইত আড়ম্বৰপূর্ণ অনুষ্ঠানৰ আয়োজন কৰি এন আৰ এল এম আঁচনিৰ নামত কোটি কোটি টকা শৰাধ কৰাক লৈ প্রশ্ন উত্থাপন হৈছে৷ গ্রামোন্নয়ন আৰু পঞ্চায়ত বিভাগে ৰূপায়ণ কৰা আঁচনিখনৰ জৰিয়তে এই পর্যন্ত মহিলা আত্মসহায়ক গোটসমূহৰ নামত যিমানখিনি ধন বিতৰণ কৰা হৈছে সেইদৰে চে’ক বিতৰণৰ বাবে আয়োজন কৰা আড়ম্বৰপূর্ণ অনুষ্ঠানৰ নামত বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা হৈছে৷
কেন্দ্রীয় আঁচনিৰ ধন এইদৰে ব্যয় কৰাক লৈ স্বাভাৱিকতেই প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে এন আৰ এল এম আঁচনিৰ অধীনত কেন্দ্রীয় চৰকাৰে যোগান ধৰা ধনৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷ ২০১৫-১৬ বিত্তীয় বর্ষ আৰু ২০১৬-১৭ বিত্তীয় বর্ষত এই আঁচনিখনৰ অধীনত আবণ্টিত ধনৰ ৫০ কোটি টকা ব্যয় নকৰি বেংকত জমা ৰাখিছিল গ্রামোন্নয়ন বিভাগে৷
বিগত সময়ত এন আৰ এল এম আঁচনি ৰূপায়ণত বিশেষ পাৰদর্শিতা দেখুৱাব নোৱৰা ৰাজ্য চৰকাৰে ২০১৭-১৮ৰ বিত্তীয় বাজেটত কনকলতা মহিলা সবলীকৰণ আঁচনি গ্রহণ কৰে৷ এন আৰ এল এমৰ অধীনত আবণ্টিত ধন এই আঁচনিৰ জৰিয়তে ব্যয় কৰাৰ সিদ্ধান্ত লোৱা হয়৷
কিন্তু উন্নয়নমূলক কাম-কাজেৰে বিগত দুবছৰত কোনো চমক সৃষ্টি কৰিব নোৱৰা সোণোৱাল চৰকাৰে কনকলতা মহিলা সবলীকৰণ আঁচনি ৰূপায়ণৰ নামত প্রতিটো স্থানত ডেৰ-দুই কোটি টকা ব্যয় কৰি জাকজমকতাপূর্ণ অনুষ্ঠানৰ আয়োজন কৰাক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ অর্থাৎ এই পর্যন্ত আঁচনিখনৰ অধীনত যিমান পৰিমাণৰ ধন ব্যয় কৰিছে প্রায় সমানেই জাকজমকতাপূর্ণ চে’ক বিতৰণ আঁচনিৰ অনুষ্ঠানৰ নামত ব্যয় কৰা হৈছে৷
এটা অনুষ্ঠানৰ নামত ১-২ কোটি টকা ব্যয় কৰি চৰকাৰে আঁচনি খনৰ বৃহৎ অংশ এটা চমকপূর্ণ প্রচাৰৰ নামত খৰচ কৰিছে৷ জানিব পৰা মতে এই আঁচনি অধীনত গ্রামোন্নয়ন আৰু পঞ্চায়ত বিভাগে ৰাজ্যৰ প্রায় ডেৰ লাখ আত্মসহায়ক গোটক বিত্ত সাহায্য আগবঢ়াব৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে ১০০ কোটিতকৈয়ো অধিক টকা ব্যয় কৰিব লাগিব৷
কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত চৰকাৰে দহ লাখ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য সদ্যহতে বান্ধি লৈছে৷ যিয়েই নহওক গ্রাম্যউন্নয়ন ওপৰত গুৰুত্ব আৰোপ কৰি তথা নির্বাচনী প্রতিশ্রুতি অনুসৰি সর্বা চৰকাৰে এই বৃহৎ আঁচনি খন গ্রহণ কৰিছে যদিও মহিলা মাজত চে’ক বিতৰণৰ নামতেই ৰাজকোষৰ কোটি কোটি টকা অযথা ব্যয় কৰাক লৈ প্রতিক্রিয়া সৃষ্টি হৈছে৷

No comments:

Post a Comment

SPONSORED