জাতিদ্ৰোহী মন্তব্য কৰি বিপদত বিদ্যালয়ৰ অধ্যক্ষা : গৰজি উঠিল খোৱাং আছু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, August 06, 2018

জাতিদ্ৰোহী মন্তব্য কৰি বিপদত বিদ্যালয়ৰ অধ্যক্ষা : গৰজি উঠিল খোৱাং আছু


মৰাণঃ ডিব্ৰুগড় জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শন কাৰ্যালয়ৰ অধীনৰ বৃহত্তৰ খোৱাং অঞ্চলৰ নাৰী শিক্ষাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান খোৱাং পিথুবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষাই কৰা জাতিদ্ৰোহী মন্তব্যই কঁপাইছে খোৱাং। মৰাণৰ সমীপৰ খোৱাঙৰ এই আগশাৰী বিদ্যালয়খনৰ অধ্যক্ষা মীনা দেৱীয়ে একে বিদ্যালয়ৰে এগৰাকী ঠিকাভিত্তিক শিক্ষয়িত্ৰী নয়না শইকীয়াক ১৬জুলাইত জাতিদ্ৰোহী মন্তব্যৰে অশালীন ব্যৱহাৰ কৰিছিল।
"অসমীয়া জাতিয়ে দমত কথা কোৱাৰ বাবে উন্নতি নাই " বুলি কোৱা এই জাতিদ্ৰোহী মন্তব্যটো প্ৰথমে বিদ্যালয়ৰ শিক্ষক জিৰণী কোঠাত আলোচনা হয়। তাতে সীমাবদ্ধ নাথাকি কথাষাৰ খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্ণগোচৰ হয়। কথাষাৰ সত্যতা জানিবৰ বাবে খোৱাং আছুৰ এটা দল বিদ্যালয়খনত উপস্থিত হয়।
আনহাতে অধ্যক্ষা গৰাকীক এই সন্দৰ্ভত প্ৰশ্ন কৰোঁতে আছুৰ দলটোক তাচিল্যসূচক মন্তব্য কৰে। ইয়াতে খৰ্গহস্ত হৈ আছুৰ দলটোৱে বিদ্যালয়খনতেই এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।
ইতিমধ্যে আছুৰ দলটোৱে ডিব্ৰুগড় জিলা উপায়ুক্ত, ডিব্ৰুগড় জিলা শিক্ষা বিষয়া, খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খোৱাং আৰক্ষী থানাটো এজাহাৰ দিয়া কথা জানিবলৈ দিয়ে।


আছুৰ ডিব্ৰুগড় জিলাৰ প্ৰচাৰ সম্পাদক ৰাহুল কোঁৱৰ আৰু আছুৰ খোৱাং আঞ্চলিকৰ সভাপতি অংকুৰ শইকীয়াই কয় যে অধ্যক্ষাৰ এনে জাতিদ্ৰোহী মন্তব্য কেতিয়াও সহ্য কৰা নহ'ব। সাম্প্ৰদায়িক মন্তব্য কৰি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব বিচৰা অধ্যক্ষা গৰাকীক ৭ দিনৰ ভিতৰত বিদ্যালয়ৰ পৰা অপসাৰণ কৰা দাবীও উত্থাপন কৰে ছাত্ৰ নেতাদ্বয়ে।
উল্লেখ্য যে যি সময়ত অসমত এন আৰ চি উন্নত কৰণৰ বাবে প্ৰচেষ্টা চলি আছে। সেই সময়তে এগৰাকী অধ্যক্ষাৰ জাতিদ্ৰোহী মন্তব্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

No comments:

Post a Comment

SPONSORED