মৰিগাঁও : অহা ৬ ছেপ্তেম্বৰৰ পৰা ১৩ ছেপ্তেম্বৰলৈ ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত হ'বলগীয়া ``৪ৰ্থ বামপদা মুখপধ্যায় স্মৃতি ত্ৰিপুৰা নাট মহোৎসৱ-২০১৮" লৈ আমন্ত্ৰিত হৈছে মৰিগাঁৱৰ অগ্ৰণী নাট্যগোষ্ঠী 'উইংছ'।উল্লেখযোগ্য যে , ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ একাধিক নাট্যদলে অংশগ্ৰহণ কৰিবলগীয়া উক্ত নাট মহোৎসৱটি এইবেলি উৎসৰ্গিত কৰিছে পদ্মভূষণ এইছ কানহাইলালৰ পৱিত্ৰ স্মৃতিত।উক্ত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱটিত অসমক প্ৰতিনিধিত্ব কৰিব উইংছে। আৰু উইংছ,মৰিগাঁৱে নিবেদন কৰিব নাটক `` যুঁজৰ লাখুটি-ৰণৰ লাখুটি" । অসমীয়াৰ বাপতিসাহোন কৃষ্টি 'ম'হযুঁজ' বন্ধ ঘোষণা হোৱাৰ পিছৰ পটভূমিত লৈ নাট্যকাৰ পূৰ্ণকান্ত নাথে ৰচনা কৰা নাটখন পৰিচালনা কৰিছে অসমৰ বিশিষ্ট নাট তথা চলচিত্ৰ পৰিচালক দীপজ্যোতি কাকতিয়ে।যশস্বী পৰিচালক গৰাকীৰ ব্যতিক্ৰমি চিন্তা আৰু উচ্চমানদণ্ডৰ পৰিচালনাৰ বাবেই নাটখনে আন্তঃৰাষ্ট্ৰীয় মঞ্চ দখল কৰিবলৈ সক্ষম হৈছে।অহা ১০ ছেপ্তেম্বৰত আগৰতলাৰ ৰবীন্দ্ৰভৱনৰ ২নং হলত সন্ধিয়া ৭ বজাত মঞ্চস্থ হ'বলগীয়া ``যুঁজৰ লাখুটি-ৰণৰ লাখুটি" নাটখনৰ অভিনয় কৰা শিল্পীসকল ক্ৰমে- এডিছন দেউৰী,সঞ্জীৱ ৰাজখোৱা,পূজা ডেকা,যুগ প্ৰতিম শইকীয়া,শিৱ দাস,হিৰক জ্যোতি বৰদলৈয় আৰু টুলটুল নাথ।
Responsive Ads Here
September 1, 2018
ত্ৰিপুৰা আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱলৈ আমন্ত্ৰিত নাটক ``যুঁজৰ লাখুটি-ৰণৰ লাখুটি"
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment