কাইলৈ দাখিল হ’ব ডকমকা কাণ্ডৰ চার্জশ্বীট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 1, 2018

কাইলৈ দাখিল হ’ব ডকমকা কাণ্ডৰ চার্জশ্বীট


গুৱাহাটী : যোৱা ৮ জুনত কার্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি কছাৰী গাঁৱত সংঘটিত হোৱা অভিজিত্‍ নাথ আৰু নীলোত্পল দাস হত্যাকাণ্ডৰ চার্জশ্বীট কাইলৈ কার্বি আংলং আৰক্ষীয়ে দাখিল কৰিব৷ অসম তথা সমগ্র দেশকে জোকাৰি যোৱা এই বর্বৰ হত্যাকাণ্ডৰ তদন্ত কার্বি আংলং জিলা আৰক্ষীয়ে সম্পূর্ণ কৰিছে৷

জিলা আৰক্ষীৰ শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, এই চার্জশ্বীট প্রায় এহেজাৰ পৃষ্ঠাৰ হ’ব৷ উল্লেখযোগ্য যে, এই বর্বৰ হত্যাকাণ্ডত জড়িত ৪৮ গৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ ইয়াৰে মূল অভিযুক্ত আলফাজছ তিমুঙকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখনীয় যে, জিলা আৰক্ষীয়ে বহু পূর্বেই তদন্ত সম্পূর্ণ কৰিছিল যদিও হত্যাত ব্যৱহূত সামগ্রীসমূহ আৰু আন তথ্যসমূহৰ ফৰেনচিক ৰিপ’র্ট আহি নোপোৱাৰ বাবে আৰক্ষীয়ে চার্জশ্বীট দাখিল কৰিব পৰা নাছিল৷ ইতিমধ্যে হাইদৰাবাদৰ পৰা ফৰেনচিক ৰিপ’র্ট আহি পালে আৰু কালিলৈ ডিফু আদালতত জিলা আৰক্ষীয়ে চার্জশ্বীট দাখিল কৰিব৷

No comments:

Post a Comment

SPONSORED