ৰাজীৱ ভৱনৰ চোতালত প্রধানমন্ত্রী মোদীৰ কার্টুন সম্বলিত বৃহৎ প’ষ্টাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 1, 2018

ৰাজীৱ ভৱনৰ চোতালত প্রধানমন্ত্রী মোদীৰ কার্টুন সম্বলিত বৃহৎ প’ষ্টাৰ


গুৱাহাটী : বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিনৱ প্রতিবাদী কার্যসূচী হাতত লৈছে কংগ্রেছে৷ ২০১৪ চনৰ লোক সভাৰ নির্বাচনৰ প্রচাৰৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিয়া প্রতিশ্রুতি সোঁৱৰাই, যুদ্ধ বিমান ক্রয়ত হাজাৰ কোটি টকা কেলেংকাৰিৰ অভিযোগ তুলি অসম প্রদেশ কংগ্রেছ কমিটীয়ে ৰাজীৱ ভৱনত ব্যতিক্রমী প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিছে৷

ৰাজীৱ ভৱনৰ চোতালত প্রধানমন্ত্রী মোদীৰ কার্টুন সম্বলিত বৃহৎ প’ষ্টাৰ, বেনাৰ আঁৰি বিভিন্ন প্রশ্ন কৰা হৈছে৷ ৰাফেল যুদ্ধ বিমানৰ আর্হি স্থাপন কৰি বিমান ক্রয়ৰ নামত কেলেংকাৰি সংঘটিত হোৱাৰো অভিযোগ তোলা হৈছে৷ সর্বসাধাৰণৰ বোধগম্য হোৱাকৈ আৰু সংবাদ মাধ্যমৰ সহজে দৃষ্টি আকর্ষণ কৰিবলৈ প্রদেশ কংগ্রেছে অৱলম্বন কৰা প্রতিবাদৰ নতুন পন্থাই ৰাজ্যৰ ৰাজনীতিত চর্ লাভ কৰিছে৷

‘বিজেপি চৰকাৰ হিচাপ দিয়ক, উত্তৰ দিয়ক’ শীর্ষক কার্যসূচীৰ অংশ হিচাপে কংগ্রেছে ৰাজীৱ ভৱনত হাতত লোৱা প্রতিবাদত আজি তত্ত্বাৱধায়ক ড০ হৰিশ ৰাৱট, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, প্রাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ আদি উপস্থিত থাকে৷ ‘ৰাইজৰ ধন লুটি ভৰিলা ৪১,২০৫ কোটি, নহ’ল নে তোমাৰ ৫৬ ইঞ্চিৰ বুকু অলপো চুটি’ শ্ল’গানেৰে প্রধানমন্ত্রী মোদীৰ কার্ুন সম্বলিত ফটোসহ বেনাৰ ছপা কৰি আর্হি যুদ্ধ বিমানৰ কাষত আঁৰি দিয়া হৈছে৷

এইদৰে ৰাফেল যুদ্ধ বিমান ক্রয়ৰ নামত মোদী চৰকাৰে বৃহৎ কেলেংকাৰি সংঘটিত কৰা বুলি প্রদেশ কংগ্রেছে প্রতিষ্ঠা কৰিব বিচাৰে৷ তদুপৰি ‘বজাৰত লাগিছে মূল্যবৃদ্ধিৰ জুই, তথাপি বিজেপি কিয় আছে শুই?’, ‘নির্বাচনী প্রতিশ্রুতি হৈ গ’ল জুমলা’, ‘২০১৪ৰ ১৬ মে’ কেতিয়াবাই গ’ল, পিছে টালি-টোপোলা বান্ধি কেইজন বাংলাদেশী বাহিৰ হ’ল’, ‘মোদীত আশ বনত বাস, কিয় নোসোমাল ১৫ লাখ’ আদি বিভিন্ন প্রশ্ন উত্থাপন কৰি ৰাজীৱ ভৱনত হর্ডিং আঁৰি দি কংগ্রেছে কেন্দ্রীৰ চৰকাৰৰ বিৰুদ্ধে জনমতৰ সৃষ্টি চলাইছে৷ এই অভিনৱ প্রতিবাদী কার্যসূচী ৰাজপথলৈ আৰু ৰাইজৰ মাজলৈ লৈ গৈ অনাগত সময়ত এইবোৰ বিষয়ক কংগ্রেছে নির্বাচনী ইছু্য হিচাপে ল’ব৷

অভিনৱ প্রতিবাদী কার্যসূচীত অংশ লোৱাৰ উপৰি প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱটে এখন সংবাদমেল সম্বোধন কৰে৷ কংগ্রেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে অভিযোগ কৰে যে প্রতিশ্রুতি ৰক্ষাত প্রধানমন্ত্রী নৰেন্দ্র মোদী সম্পূর্ণৰূপে ব্যর্থ হৈছে৷ নিবনুৱাক সংস্থাপন দিয়াত, বিদেশত জমা থকা ক’লা ধন ঘূৰাই অনাৰ নির্বাচনী প্রতিশ্রুতি পালনত মোদী চৰকাৰ ব্যর্থ হৈছে৷

বিজেপি চৰকাৰৰ দিনত সর্বাধিক মূল্যবৃদ্ধি হোৱাৰ অভিযোগ তুলি ৰাৱটে কয় যে পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিয়ে অভিলেখ ভংগ কৰিছে৷ বিজেপি চৰকাৰে এইবোৰৰ হিচাপ ৰাইজক দিব লাগিব বুলি কয় ৰাৱটে৷ সংবাদমেলত কংগ্রেছৰ তত্ত্বাৱধায়কজনে কয় যে মোদী চৰকাৰৰ ব্যর্থতাসমূহ জনসাধাৰণৰ আগত তেওঁলোকে উদঙাই দিব৷ ‘অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামতো বিজেপিয়ে প্রতাৰণা কৰিলে৷

ৰাষ্ট্রীয় ঘাইপথসমূহৰ অৱস্থা তথৈৱচ৷ বিজেপি চৰকাৰে অসমত একো কামেই কৰা নাই৷’– এইবুলি অভিযোগ কৰে প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়কজনে৷ উল্লেখযোগ্য যে চাৰিদিনীয়া অসম ভ্রমণ সামৰি আজি দিল্লীলৈ উভতি যায় তত্ত্বাৱধায়ক হৰিশ ৰাৱট৷

No comments:

Post a Comment

SPONSORED