কন্যা ঈষাৰ উৎসাহত মুকেশ আম্বানিয়ে মুকলি কৰিছিল জিঅ' - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 11, 2018

কন্যা ঈষাৰ উৎসাহত মুকেশ আম্বানিয়ে মুকলি কৰিছিল জিঅ'


মুম্বাই : ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানিয়ে জিঅ'’ মুকলিৰ আঁৰৰ কাহিনী প্রকাশ কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, জিঅ’ মুকলিৰ বাবে প্ৰথমতে তেওঁৰ কন্যা ঈষা আম্বানিয়ে উৎসাহ যােগাইছিল। এই কথা আম্বানিয়ে অলপতে ভাগ লােৱা এক অনুষ্ঠানত প্রকাশ কৰিছে এই কথা। উক্ত অনুষ্ঠানত দেশৰ টেলিকম সেৱাৰ ক্ষেত্ৰখনত পৰিৱৰ্তন অনাৰ বাবে মুকেশ আম্বানিক সন্মান জনােৱা হয়। তেওঁ উক্ত অনুষ্ঠানত দিয়া ভাষণত কয় যে মাথো দুবছৰৰ ভিতৰতে ভাৰতৰ টেলিকম ক্ষেত্ৰখনৰ জিঅ'ৱে যথেষ্ট পৰিৱৰ্তন আনিছে আৰু ভাৰত বিশ্বৰ ভিতৰতে সর্ববৃহৎ মবাইল ব্রডবেণ্ড ডাটা উপভােক্তাৰ দেশ হিচাপে স্বীকৃতি দিছে। তেওঁ আৰু কয় যে জিঅ' আৰম্ভ কৰাৰ সময়ত প্রায় ৩১ অৰৱ ডলাৰ খৰচ হৈছিল।
যেতিয়াৰ পৰা জিঅ' আৰম্ভ হয়, তেতিয়াৰ পৰাই দেশৰ টেলিকমৰ ক্ষেত্ৰখনত পৰিৱৰ্তন আহে। আনকি জিঅ'ৱে আন টেলিকম সেৱা প্রদানকাৰী কোম্পানীসমূহক ফোনকল আৰু ইণ্টাৰনেটৰ মূল্য হ্রাস কৰাৰ বাবে বাধ্য কৰাই দিছে। উক্ত অনুষ্ঠানত তেওঁ আৰু কয় যে ২০১১ চনতে আম্বানিৰ কন্যা ঈষা আম্বানিয়ে। জিঅ' মুকলিৰ বাবে আম্বানিক জনাইছিল। তেতিয়া ঈষা আমেৰিকাত পঢ়ি আছিল আৰু ছুটীৰ সময়ত ভাৰতলৈ আহি আম্বানিক কন্যা ঈষাই জিঅ' মুকলিৰে দেশৰ টেলিকম ক্ষেত্ৰখনত পৰিৱৰ্তন অনাৰ বাবে আহ্বান জনাইছিল। উল্লেখ্য যে ২০১৬ চনত ৰিলায়েঞ্চ জিঅ' মুকলি কৰা হৈছিল আৰু তাৰ পাছতে ৪জি ভাৰতত মুকলি কৰে। এতিয়া আম্বানিয়ে ৫জি মুকলিৰ বাবে প্রস্তুতি চলাই আছে।

No comments:

Post a Comment

SPONSORED