স্বর্ণকন্যা হিমা দাসক ৩০০ৰো অধিক সংগঠনৰ সম্বর্ধনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 11, 2018

স্বর্ণকন্যা হিমা দাসক ৩০০ৰো অধিক সংগঠনৰ সম্বর্ধনা


নগাঁও : পৃথিৱীৰ উচ্চ শিখৰত আৰোহণ কৰি বিজয় নিচান উৰুৱাবলৈ আজি বিভিন্ন সংগঠনে আশীর্বাদ দিলে অসম গৌৰৱ স্বর্ণ কন্যা হিমা দাসক৷ নগাঁও জিলাৰ ধিং আঞ্চলিক ছাত্র সন্থাৰ ক্রীড়া সম্পাদক দেশৰ গৌৰৱ হিমা দাসক আজি সদৌ অসম ছাত্র সন্থাকে ধৰি বিভিন্ন সংগঠনে অভিনন্দন জনাই অলিম্পিক পদক আঁজুৰি আনিবলৈ আশীর্বাদ দিলে৷

সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত লতাশিল খেলপথাৰত অনুষ্ঠিত হয় ৰাজহুৱা সম্বর্ধনা অনুষ্ঠান৷ অসম সাহিত্য সভা, সদৌ অসম কর্মচাৰী পৰিষদ, ট্রাইবেল সংঘ, উকীল সন্থা, ৩০টাকৈ ক্রীড়া সংগঠনৰ লগতে ৩০০টা সংগঠনে অভিনন্দন জনায় স্বর্ণকন্যাগৰাকীক৷ অনুষ্ঠানত উপস্থিত থকা হিমা দাসৰ পিতৃ-মাতৃ, বৰদেউতাক-বৰমাককো আজিৰ অনুষ্ঠানতে অভিনন্দন জনোৱা হয়৷

পৃথক পৃথকৈ অভিনন্দন অনুষ্ঠান আয়োজনৰ পৰিৱর্তে ৰাজহুৱা অনুষ্ঠানতে অভিনন্দন জনাবলৈ সদৌ অসম ছাত্র সন্থাই জনোৱা আহবানৰ পৰিপ্রেক্ষিতত আজি জনগোষ্ঠীয় সাহিত্য সভা, জনগোষ্ঠীয় সংগঠনসমূহেও স্বর্ণকন্যাগৰাকীক অভিনন্দন জনায়৷ আছুৰ নেতা বিপুল ৰাভাই আঁত ধৰা অনুষ্ঠানত মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই কয় যে মানুহৰ মনত ইমান দিনে ধাৰণা আছিল যে ছাত্র সন্থা মানেই আন্দোলন৷

কিন্তু আন্দোলন আৰু শিক্ষা গ্রহণ দুয়োটাই প্রয়োজন৷ জাতীয় স্বার্থত আন্দোলনৰ সমানে শিক্ষা গ্রহণকো সমানে আগুৱাই নিব লাগিব৷ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে আছুৱে ক্রীড়া বিভাগ আৰম্ভ কৰিছে৷ অসমত ক্রীড়া আন্দোলন গঢ়িব লাগিব৷ ক্রীড়া আন্দোলনক যাতে অধিক আগুৱাই নিব পাৰি তাৰ বাবে ৰাইজৰ অভিভাৱকত্বৰ আৱশ্যক৷ ছাত্র-ছাত্রীয়ে পঢ়া-শুনা কৰি কেৰিয়াৰ গঢ়িব লাগিব৷

আছুৰ মুখ্য উপদেষ্টাজনে আৰু কয় যে ছাত্র-ছাত্রীয়ে কাম কৰিব লাগিব৷ আছুৱে এটা বার্ দিবলৈ চেষ্টা কৰিছে, সেই বার্ হ’ল– মোৰ কাম অসমৰ কাম, মোৰ সন্মান অসমৰ সন্মান৷ আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ক্রীড়াবিদক অভিনন্দন জনাবলৈ অনুষ্ঠিত কৰা অনুষ্ঠান আছুৰ এইটোৱেই প্রথম৷ কাৰণ অসমৰ ক্রীড়াবিদে ইতিহাস ৰচিছে৷ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে হিমা দাসে সীমাৰ পৰিধি অতিক্রমি বিশ্ব অলিম্পিকত অসমলৈ সুনাম কঢ়িয়াব৷

অসমৰ ক্রীড়াবিদৰ যে প্রতিভা আছে সেই কথা হিমা দাসে প্রমাণ কৰিছে৷ সাধাৰণ সম্পাদকজনে আৰু কয় যে অসমৰ ক্রীড়াবিদৰ প্রতিভা আছে, মাত্র আন্তঃৰাষ্ট্রীয় পর্যায়ৰ প্রশিক্ষণৰ প্রয়োজন৷ আছুৰ লগতে বিভিন্ন সংগঠনৰ অভিনন্দন গ্রহণ কৰি স্বর্ণকন্যা হিমা দাসে কয় যে প্রথমে তেওঁ নিজকে জিলিকাব৷ পাছত অসম আৰু ভাৰতক জিলিকাব৷ অভিনন্দন গ্রহণ কৰি তেওঁৰ প্রতি ৰাইজে জনোৱা অভিনন্দন, মৰমৰ বাবে ‘মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে’ গীতটিও আওৰায় স্বর্ণকন্যা হিমা দাসে৷

No comments:

Post a Comment

SPONSORED