গুৱাহাটী : দিছপুৰৰ নাকৰ তলতে চলিছে সুৰা ছিণ্ডিকেট৷ খোদ আবকাৰী মন্ত্রী পৰিমল শুক্লবৈদ্যৰ জ্ঞাতসাৰেই ৰাজ্যত অবাধ হাৰত চলিছে বিলাতী সুৰাৰ ছিণ্ডিকেট৷ অৰুণাচলী সুৰাৰ হাজাৰ হাজাৰ বটলৰ ওপৰেদি ৰোলাৰ চলাই চমক সৃষ্টি কৰা মন্ত্রী পৰিমল শুক্লবৈদ্যৰ আশিসধন্য আবকাৰী বিষয়াই ৰাজ্যৰ চুকে-কোণে বিলাতী সুৰাৰ অবৈধ ব্যৱসায়ৰ বৃহৎ ছিণ্ডিকেট গঢ়ি তুলিছে৷
এই ছিণ্ডিকেটৰ ভাগ দিছপুৰলৈ যায় বুলিও অভিযোগ উঠিছে৷ অসম বিধানসভাত যোৱা ২১ ফেব্রুৱাৰীত গৃহীত হোৱা আবকাৰী আইন, ২০০০ (সংশোধিত)ক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত চলিছে সুৰা ছিণ্ডিকেট৷ য’ত অবৈধ ব্যৱসায়ৰ বাবে তিনি বছৰ জে’ল আৰু ৫ লাখ টকা পর্যন্ত জৰিমনাৰ উল্লেখ আছে৷ কিন্তু আইনখনক ভৰিৰে মোহাৰি প্রতিখন জিলাতেই আবকাৰী অধীক্ষকৰ নেতৃত্বত এই ছিণ্ডিকেট গঢ়ি উঠিছে৷
ৰাজ্যৰ অন্য প্রান্তৰ দূৰৈৰ কথা গুৱাহাটী মহানগৰীতেই মন্ত্রী শুক্লবৈদ্যৰ বিশ্বস্ত আবকাৰী অধীক্ষকৰ পৃষ্ঠপোষকতাত নির্বিঘ্নে বিলাতী সুৰাৰ অবৈধ ব্যৱসায়ৰ নামত ছিণ্ডিকেট চলি আছে৷ ছিণ্ডিকেট চক্রৰ কৃপাতেই ৰাষ্ট্রীয় ঘাইপথৰ সমীপৱর্তী ধাবাসমূহত চলি আছে বিলাতী সুৰাৰ অবৈধ ব্যৱসায়৷ মাহিলি লাখ লাখ টকা আবকাৰী আৰু আৰক্ষী বিষয়াই এই ধাবাসমূহৰ পৰা সংগ্রহ কৰে৷ আবকাৰী বিভাগৰ কৃপাতে ড্রাই ডে’ৰ দিনাও বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি আছে৷
সুৰাৰ অনুজ্ঞাপত্র নথকা বিপণী, গাঁৱে-ভূঞে, চহৰে-নগৰে হোটেল, ধাবা, গেলামাল কিম্বা ষ্টেছনাৰী দোকানতো বিলাতী সুৰা এতিয়া উভৈনদী৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ পৰিপ্রেক্ষিতত কালি জিলা প্রশাসনে ড্রাই ডে’ ঘোষণা কৰা সত্ত্বেও ছিণ্ডিকেট চক্রই বিলাসী বাহনেৰে বিলাতী সুৰা মহানগৰীৰ এটা নির্মাণ কোম্পানীৰ পৰা সৰবৰাহ কৰাটো ইতিমধ্যে পোহৰলৈ আহিছে৷
উত্থাপিত অভিযোগ অনুসৰি বিলাতী সুৰা ছিণ্ডিকেটৰ ভাগ আৰক্ষীৰ শীর্ষ বিষয়াইও লাভ কৰে৷ মন্ত্রী পৰিমল শুক্লবৈদ্যই অৰুণাচলী সুৰাৰ অবৈধ ব্যৱসায় প্রতিৰোধৰ হুংকাৰ দি আহিছে যদিও অসমত প্রস্তুত কৰা বিলাতী সুৰাৰ অবৈধ ব্যৱসায়ক লৈ এষাৰো মাত মতা পৰিলক্ষিত হোৱা নাই৷ অথচ সুৰা ছিণ্ডিকেটৰ বাবেই আবকাৰী বিভাগে কোটি কোটি টকা ৰাজহ হেৰুৱাইছে৷
উল্লেখযোগ্য যে আবকাৰী ৰাজহ ২০১৫-১৬ বিত্তীয় বর্ষত ৭৯৯.৫২ কোটি টকা, ২০১৬-১৭ বিত্তীয় বর্ষত ৯৬৬.৩৩ কোটি টকা সংগ্রহৰ বিপৰীতে ২০১৭-১৮ বিত্তীয় বর্ষত এই পৰিমাণ যথেষ্ট হ্রাস পায়৷ চলিত বিত্তীয় বর্ষতো আবকাৰী ৰাজহ আশাব্যঞ্জক নহয়৷ ইয়াৰ মূলতেই হ’ল ছিণ্ডিকেট৷ ইফালে ৰাজ্যৰ চুকে-কোণে বিলাতী সুৰাৰ অবৈধ ব্যৱসায় চলি থকাৰ পাছতো আবকাৰী বিভাগে ২০১৭-১৮ বিত্তীয় বর্ষত মাত্র ১.৬০ লাখ লিটাৰহে আই এম এফ এল (দেশত নির্মিত বিদেশী সুৰা) জব্দ কৰিবলৈ সক্ষম হয়৷
হাস্যকৰ কথাটো এই যে সুৰাৰ অবৈধ ব্যৱসায় চলোৱাসকলৰ পৰা বিগত বিত্তীয় বর্ষত জৰিমনা সংগ্রহ হৈছে মাত্র ৯.১০ লাখ টকা৷ এইবোৰ তথ্যই স্পষ্টভাৱে উদঙাই দিছে যে আবকাৰী বিভাগৰ সহযোগতেই ৰাজ্যত চলি আছে সুৰা ছিণ্ডিকেট৷ নির্ধাৰিত মূল্যতকৈও চ’ৰা দামত অবৈধ ব্যাৱসায়িক চক্রই সুৰা বিক্রী ছিণ্ডিকেট চলাই আছে৷ একে সময়তে ৰাজ্যৰ চুকে-কোণে বিলাতী সুৰা সহজলভ্য কৰি নতুন প্রজন্মক ধবংসৰ মুখলৈ ঠেলি দিয়াৰ দায়িত্বকণো ৰাজ্যৰ আবকাৰী বিভাগে যেন পালন কৰিছে৷
No comments:
Post a Comment